পাতনি
শেহতীয়াভাৱে অসমৰ সামাজিক মাধ্যমত এটা বিশেষ চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে ভাৰত চৰকাৰে অথবা প্ৰধানমন্ত্ৰী মোডীয়ে দেশত বিয়লি ১ বজাৰ সলনি ১৩ বজাব। বুজাব বিচৰা হৈছে যে এতিয়াৰ পৰা মোডী চৰকাৰৰ নতুন নীতি অনুসৰি আমাৰ দেশত সময় গণনাৰ নতুন ধৰণ প্ৰৱৰ্তন হ’ব আৰু সেই অনুসৰি এতিয়াৰ পৰা ১২ বজাৰ পাছত ১ বজাৰ সলনি ১৩ বাজিব বা ১৩ বজা বুলি ব্যৱহাৰ কৰিব লাগিব। এই ক্ষেত্ৰত বিভিন্নজনৰ প্ৰতিক্ৰিয়াও আমি লক্ষ্য কৰিলোঁ। তেনেকুৱা ফেচবুক পোষ্ট আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব। আজিৰ এই আলোচনাত আমি এই বিষয়টোনো প্ৰকৃততে কি তাকেই থুলমুলকৈ দাঙি ধৰিব খুজিছোঁ।
খচৰাত কি আছে।
সময় নিৰ্ধাৰণৰ ক্ষেত্ৰত এক মান নিৰ্ধাৰণৰ পদক্ষেপ হিচাপে চৰকাৰে সকলো চৰকাৰী আৰু বাণিজ্যিক ক্ষেত্ৰতে ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম (Indian Standard Time)ৰ একচেটিয়া ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে বিস্তৃত নিয়মৰ এক খচৰা প্ৰস্তুত কৰিছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে অহা ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত এইক্ষেত্ৰত জনসাধাৰণৰ মতামত বিচাৰিব। এই খচৰাত সময় নিৰ্ধাৰণৰ পদ্ধতিসমূহক প্ৰামাণিককৰণৰ বাবে এক আইনী পৰিকাঠামো স্থাপন কৰাৰ লক্ষ্য ৰাখিছে। আই এছ টিক একমাত্ৰ সময় হিচাপে বাধ্যতামূলক কৰি আইনী, প্ৰশাসনিক, বাণিজ্যিক, আৰু চৰকাৰী নথিপত্ৰৰ বাবে উল্লেখ কৰাৰ বিধি এই খচৰাত আছে। খচৰাৰ নিয়ম অনুসৰি বাণিজ্য, পৰিবহণ, ৰাজহুৱা প্ৰশাসন, আইনী চুক্তি, আৰু বিত্তীয় পৰিচালনাকে ধৰি সকলো খণ্ডতে বাধ্যতামূলকভাৱে আই এছ টি সময়ৰ উল্লেখ কৰা হ’ব।
মূল বিধানসমূহত কি আছে।
মূল বিধানসমূহৰ ভিতৰত আছে চৰকাৰী আৰু বাণিজ্যিক উদ্দেশ্যৰ বাবে আই এছ টিৰ বাহিৰে অন্য সময়ৰ উল্লেখ নিষিদ্ধ কৰা, চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠানত আই এছ টিৰ বাধ্যতামূলক প্ৰদৰ্শন আৰু নিৰ্ভৰযোগ্যতা, উপলব্ধতা আৰু চাইবাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সময়ৰ সমন্বয়ক ব্যৱস্থাৰৰ প্ৰয়োজনীয়তা। টেকমিউনিকেচন, বেংকিং, প্ৰতিৰক্ষা, ৫জি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিকে ধৰি জটিল ৰাষ্ট্ৰীয় আন্তঃগাঁথনিত নিখুঁত সময় নিৰ্ধাৰণ নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ এক অংশ হিচাপে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। সংবাদ প্ৰতিষ্ঠান পিটিআইক জনোৱা মতে, কৌশলগত আৰু অকৌশলগত খণ্ডৰ বাবে নেন’ছেকেণ্ডৰ সঠিকতাৰ সৈতে নিখুঁত সময় অতি প্ৰয়োজনীয়। কিন্তু জ্যোতিৰ্বিজ্ঞান, নেভিগেচন, আৰু বৈজ্ঞানিক গৱেষণাৰ দৰে বিশেষ ক্ষেত্ৰৰ বাবে ব্যতিক্ৰমৰ বাবে পূৰ্বৰ চৰকাৰী অনুমোদনৰ অধীনত অনুমতি দিয়া হ’ব ।
কিদৰে আগবঢ়া হৈছে এইক্ষেত্ৰত
গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰীয় ভৌতিক পৰীক্ষাগাৰ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সৈতে সহযোগিতা কৰি এক শক্তিশালী সময় গণনা আৰু প্ৰসাৰ ব্যৱস্থা গঢ়ি তুলিছে। এইক্ষেত্ৰত প্ৰস্তাৱিত নিয়ম উলংঘা কৰিলে শাস্তিও হ’ব। য’ত সময়ে সময়ে অডিটৰ পৰিকল্পনা কৰা হৈছে যাতে সমগ্ৰ খণ্ডসমূহ মানি চলাটো নিশ্চিত কৰিব পৰা যায়। ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত খচৰা নিয়মৰ ওপৰত মন্তব্য আৰু পৰামৰ্শ দাখিল কৰিবলৈ ৰাজহুৱা অংশীদাৰসকলক আমন্ত্ৰণ জনোৱা হৈছে।
উপসংহাৰ
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে আমাৰ দেশৰ প্ৰায় সৰ্বত্ৰে ব্যৱহাৰ কৰিব পৰাকৈ এক নিৰ্ধাৰিত সময় গণনা ব্যৱস্থাৰ সুচনা কৰিব বিচৰা হৈছে। বিশেষ কোনো কোনো ক্ষেত্ৰত চৰকাৰী অনুমোদ সাপেক্ষ সিথিলতা থাকিলেও কিন্তু দেশৰ মেৰুদণ্ডস্বৰূপ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী খণ্ডত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ ব্যৱস্থা কৰা হৈছে। এইক্ষেত্ৰত বহুতেই বিষয়টো বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰিলেও মূলত কিন্তু ই দেশত সময়ৰ সমমান নিৰ্ধাৰণৰ ব্যৱস্থাৰ বাবেহে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। অহা ১৪ ফেব্ৰুৱাৰীৰ পাছতহে দেশবাসীয়ে এইক্ষেত্ৰত কি সামুহিক মত প্ৰকাশ কৰে, সেয়া জানিব পৰা যাব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এতিয়াৰ পৰা ভাৰতত ১২ বাজি ১ বজাৰ পৰিৱৰ্তে ১৩ বজাৰ বিষয়টো কি? জানো আহক।
Fact Check By: Pranjal SharmaResult: Insight
