AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো এখনক হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ বনাঞ্চলৰ বুলি দাবী কৰা হৈছে।

False Social

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি লিখিছে- হায়দৰাবাদ বিশ্ববিদ্যালয় ৰ কাষৰীয়া এখন বন ধ্বংসযজ্ঞৰ স্থিৰচিত্ৰ আৰু ইয়াৰ কাৰন IT park নিৰ্মাণ । কাঞ্চা গাচিব’লি ৰ ৪০০ একৰ বন উন্মুক্ত কৰা হৈছে য’ত ৪৫৫ বিধৰো অধিক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ বসতি স্থল ,কেৱল মানুহৰ নিজৰ লাভালাভৰ বাবে ! অৱশ্যে এইয়া কেনেকুৱা লাভ ? আৰু আমি ভাইৰেল হোৱাৰ পিছত খুউব সজাগ হঁও চ’চিয়েল মিডিয়াত মৌৰা চৰাই আৰু জীৱ জন্তু বোৰৰ চিৎকাৰৰ ভিডিঅ’ এটাও আজি দুদিন আগতে পাইছিলো , । এইদৰে লিখি সেই ফটোখন হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ কাষৰীয়া বনাঞ্চলৰ ফটো বুলি দাবী কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd4HHiYlcZRJgoJt5pueV9_-IDAoVFc2KjqUGQnzbQ7WRfLLb7fMDksv17WIpz_wUoU2pJAzrmAMoxvztc1v3-8BuWsSmx4yqIpO5uPsVfQJYefwE6Ra31US7HBgfD8LibDfmjBKw?key=IqOxdWj1XVYIoh1phe013ZWy

Facebook Link Archived Link  

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ফটোখন ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ আৰু আমাৰ চকুত কেইটামান বিসংগতি ধৰা পৰিল। ফটোখন দেখা হৰিণাকেইটাৰ ভৰিকেইখন অস্বাভাৱিক যেন লাগিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfaDrhdcgfZoBrqQKeqnv02VBs6pHX1p6BsXD5NBLKGnnSzt4o3zEjS4UwreoeQHsWsrw9-jcx5nqCG0JH9yIEVDIfdfUbPL_iSEM6KhTn9jeMsYRd0JyhNJk6kc0qx432b3wLp?key=IqOxdWj1XVYIoh1phe013ZWy

তদুপৰি ফটোখনত দেখা উৰন্ত চৰাই এটাৰ গঠনো অস্বাভাৱিক দেখিলোঁ আমাৰ সন্দেহ উপজিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdYeCkYE_agtGBnVJtBIn63nuUrYGWpEazvKYWXBH6E-2aENJR95CB_ecI60oJK1fZye5AJeyoqmEzU_lVyob8QbBhqi460Mlw7Me6glfsOlPO_RaZ-59B23ddS4_q1FBuY3wO-?key=IqOxdWj1XVYIoh1phe013ZWy

আমি গুগলত সেই ফটোখন পৰীক্ষা কৰিবলৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে সেইখন গুগল এআইৰ জৰিয়তে সৃষ্টি কৰা ফটো বুলি পালোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd2ITTeV7okRF1wikXLn3PKeMOm8I27DycWJL5V6XAdglHW2n2RaqiO97SnWIj-7VjD9-AArZVZwcoPtsJBgcKqensyGOQWK3PyXxCjiXMDcMrEY-AxNdds6LtRIkoTOZfhFG18gw?key=IqOxdWj1XVYIoh1phe013ZWy

সেইবাবেই আমি বিভিন্ন এআই ইমেজ ডিটেক্টৰৰ সহায়ত ফটোখন পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈ প্ৰথমেই হাইভ মোডাৰেছনত ফটোখন পৰীক্ষা কৰিলোঁ। তেতিয়া ৯৬.৬ শতাংশ সম্ভাৱনাৰে সেইখন এআই জেনেৰেটেড অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো বুলি ফলাফল আহিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdEOh8u3hEnFVBdnqqekmtNKlOnop1vgYBtyfG3coNXLDM3hni87ibEHWX-CuBRHChwddays7aFUchygIUNJ7ezb8Qq8J29x_sMqbdzlxigaGB8_E4bf8h5l5KqTsp5KT3kZQORyQ?key=IqOxdWj1XVYIoh1phe013ZWy

ইয়াৰ পাছত আমি গুগলৰে এটা এইআই ইমেজ ডিটেক্টৰত ফটোখন দি পৰীক্ষা কৰোতে তাতো সেইখন ৯৪ শতাংশ এআই জেনেৰেটেড ইমেজ বুলি ফলাফল পালোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe21wvBS_-R4Cftu_gCSzaYvU2P_SOfHCwU4DV8u50A-8jhwaSENQ60fxlpqCQdeb0hCIx0q-6elxjrZYZFM6qJqeAS4m4n4vtELt8UIMDI_u149j6kHEe4eqEnwfk6d-OZanizjw?key=IqOxdWj1XVYIoh1phe013ZWy

চাইটইঞ্জিন নামৰ এআই ডিটেক্টৰতো সেইটো এআই জেনেৰেটেড ফটো বুলি ফলাফল পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd9GsWSdS3zcR4ct5WpARU6qDhpRPWUywGSXymS9jPe_WKGn9HiWquk8Xr7WeY-fFkPZghaILQ7kGX3EdQH-NtmrKE3wENGa6epZ5MlszUEjdMC_eIFJRU1osNOwxG6FZC5Uk5x7g?key=IqOxdWj1XVYIoh1phe013ZWy

ৱাজ ইট এইআই নামৰ ৱেবছাইটটোৱেও এই ফটোখন এআই জেনেৰেটেড বুলি ফলাফল দিছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc_eKWlPvJl04xCBjM-sLPykSCTAO-cvLQilvTeND-yHynLdof0cJJyM-7YDpEOEOaONds49b8QQ9WF5aPKokfjUuSc1YJAQ57VQVh3W1CmX40eRbe2woW9LM1N7YRxcyc6ixmuZg?key=IqOxdWj1XVYIoh1phe013ZWy

ইজ ইট এআই নামৰ অন্য এটা ৱেবছাইটেও এই ফটোখন এআই জেনেৰেটেড ফটো বুলি ফলাফল দিছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfc6LLZqV7NvkZVFXepU4EHApHioqiNKeeQ5KaHWg5xFgBXBb4G29aer4pm6JspqzJMxWsNC1NyecuXq0zK73SIUvEyKybwjnkZ1cPvGB39mE8GgTpL9uoZz_Shp5a-VK4-B3Cbiw?key=IqOxdWj1XVYIoh1phe013ZWy

এইদৰে গুগলকে ধৰি কেইবাটাও প্ৰচলিত এআই ইমেজ ডিটেক্টৰত ফটোখন পৰীক্ষা কৰি আমি সেইখন এআই জেনেৰেটেড অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰি লোৱা ফটো বুলি পতিয়ন গৈছোঁ। তদুপৰি সেই ফটোখন হাইদৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ বুলি দাবী কৰা অন্য কোনো সামাজিক মাধ্যমৰ পোষ্ট উপলব্ধ হৈ থকা দেখিছোঁ যদিও, কোনো প্ৰতিস্থিত আৰু নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানে সেই ফটোখন ব্যৱহাৰ কৰি বিষয়টো সন্দৰ্ভত বাতৰি পৰিবেশন কৰা আমি নাপালোঁ। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ফটোখন হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ বনাঞ্চলৰ প্ৰকৃত ফটো নহয়। সেইখন এআই জেনেৰেটেড অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটোহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো এখনক হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ বনাঞ্চলৰ বুলি দাবী কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *