
শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ফটোখন আপলোড কৰি এটা ফেচবুক পেজে দাবী কৰিছে যে সেয়া মক্কাৰ ক্লক টাৱাৰত হোৱা শেহতীয়া বিজুলী ধেৰেকনীৰ দৃশ্য। ২৯ আগষ্টত ফটোখন আপলোড কৰি সেই দৃশ্য শেহতীয়া বুলি দাবী কৰা হৈছে। ফটোখনৰ ওপৰত লিখি দিয়া হৈছে- মক্কাৰ ক্লক টাৱাৰত বিজুলীৰ চুম্বন।
আমি সেই ফটোখনৰ মূল ভিডিঅ’টো ইউটিৱতো একাধিক চেনেলে আপলোড কৰা দেখিলোঁ একে সময়তে। অৰ্থাত সেই দৃশ্যটো অতি শেহতীয়া বুলি দাবী কৰা হৈছে। তেনেকুৱা আন দুটামান দাবী আপোনালোকে ইয়াত ইয়াত আৰু ইয়াত চাব পাৰিব।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এক্স(পূৰ্বৰ টুইটাৰ)ত এটা টুইট পালোঁ। সেই টুইটটোত হুবহু সেই ভিডিঅ’টো আপলোড কৰা হৈ আছিল। তাত লিখা হৈছে-When lightning strikes a building, it can create a mesmerizing “spider web” of electricity shooting upwards. This is caused by a process called upward streamers, which are bursts of electrical energy that travel from the building’s highest points towards the lightning.
টুইটটো কৰা হৈছিল ২০২৩ চনৰ ১১ ডিচেম্বৰত। ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে সেই ভিডিঅ’টো অতি শেহতীয়া অৰ্থাত ২০২৪ৰ আগষ্ট মাহৰ শেহৰ এই দিনকেইটাৰ নহয়।
সেই টুইটটোৰ তলত এজনে কমেণ্ট কৰি এটা ভিডিঅ’ আপলোড কৰিছে। তাত উল্লেখ আছে যে সেয়া মক্কাৰ ক্লক টাৱাৰৰ দৃশ্য।
তদুপৰি আন এজন ব্যৱহাৰকাৰীয়ে কমেণ্টত উল্লেখ কৰিছিল যে সেয়া মক্কাৰ ঘটনা।
এই কথাৰ আঁত ধৰি আমি আমাৰ অনুসন্ধান আৰু অধিক আগুৱাই লৈ যোৱাত এবিপি নিউজে ২০২৩ চনৰ ২৫ আগষ্টত অৰ্থাত আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে প্ৰকাশ কৰা Lightning Strikes Iconic Mecca Clock Tower As Storm Batters Saudi Arabia. WATCH শীৰ্ষক এক প্ৰতিবেদন পালোঁ। তাত মক্কাৰ ক্লক টাৱাৰত এইদৰে বিজুলীয়ে স্পৰ্শ কৰাৰ কথা উল্লেখ কৰা হৈছে।
এই প্ৰতিবেদনত আমি এটা টুইট সংলগ্ন কৰা দেখিলোঁ। ২০২৩ৰ ২৫ আগষ্টত কৰা সেই টুইটোত একেটা ভিডিঅ’ আছিল আৰু তাত কোৱা হৈছিল যে সেয়া মক্কাৰ ক্লক টাৱাৰৰ দৃশ্য।
এইখিনি তথ্যৰ পৰা আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে সেই দৃশ্য মক্কাৰ ক্লক টাৱাৰৰ ওপৰত পৰা বিজুলী ধেৰেকনীৰ দৃশ্য হয় যদিও সেয়া ২০২৪ চনৰ আগষ্ট মাহৰ শেহৰ এইকেইটা দিনৰ নহয়। সেয়া ২০২৩ চনৰ আগষ্টৰ মাহৰে অৰ্থাত এবছৰ পূৰ্বৰে দৃশ্য। অৰ্থাত অসমৰ ফেচবুক পেজটোৱে ফটোখনেৰে কৰা দাবীটো সংগতিহীন।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো প্ৰসংগ সংগতিহীন। সেই দৃশ্য মক্কাৰ ক্লক টাৱাৰৰ ওপৰত পৰা বিজুলী ধেৰেকনীৰ দৃশ্য হয় যদিও সেয়া ২০২৪ চনৰ আগষ্ট মাহৰ শেহৰ এইকেইটা দিনৰ নহয়। সেয়া ২০২৩ চনৰ আগষ্টৰ মাহৰে অৰ্থাত এবছৰ পূৰ্বৰে দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মক্কাৰ ক্লক টাৱাৰৰ এবছৰ পূৰণি ঘটনাৰ দৃশ্যক শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে ফেচবুকত।
Fact Check By: Pranjal SharmaResult: Missing Context
