
শেহতীয়াকৈ যোৱা ৩০ মে’ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া বান পৰিস্থিতত পানীৰ ওপৰত এপাত চেণ্ডেলৰ ওপৰত এটা নিগনি উপঙি থকা বুলি দাবী কৰা হৈছিল। লিখিছিল- কিমান দুখৰ জীৱন হৈছে গুৱাহাটীত।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টোৰ সৈতে আৰু ভিডিঅ’টোৰ সম্পৰ্কে বিভিন্ন লিংক লাভ কৰিলোঁ । এক স্পেনিছ সংবাদ প্ৰতিষ্ঠানত ১৯ জুলাই, ২০২০ত প্ৰকাশিত এক প্ৰতিবেদনত আমি সেই ভিডিঅ’টোৰ এক খণ্ডচিত্ৰ সংলগ্ন কৰা দেখিলোঁ।
সেই প্ৰতিবেদনত উল্লেখ কৰা কথাখিনিৰ ভাবানুবাদ মতে, “এটা নিগনি পানীত নপৰিবলৈ ফ্লিপ ফ্লপত ওপঙি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ব্যৱহাৰকাৰীসকলে এই ঘটনাক “টাইটানিক” চিনেমাৰ জাহাজখন ডুব যাবলৈ ওলোৱা দৃশ্যৰ সৈতে তুলনা কৰিছে।” এই মুহূৰ্তটো ২৬ জুলাইত কেমেৰাত বন্দী হৈছিল আৰু এতিয়ালৈকে ইয়াক ৬০,০০০ তকৈ অধিক বাৰ দৰ্শন কৰা হৈছে। বহুতে ইয়াৰ স্থানৰ বিষয়ে সুধিছে।”
আমি ৩১ জুলাই ২০২০ তাৰিখে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা ছবি সংলগ্ন আন এটা প্ৰতিবেদন পাইছিলোঁ। তথ্য অনুসৰি ভিডিঅ’টোত আমেৰিকা আৰু মেক্সিকোত হান্না হাৰিকেনৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি দেখা গৈছে।
এই প্ৰতিবেদনৰো অনুবাদ অনুসৰি, “হাৰিকেন হান্নাই এনেকুৱা বহু গুৰুত্বপূৰ্ণ ছবি আৰু ভিডিঅ’ এৰি থৈ গৈছে যিবোৰৰ প্ৰভাৱৰ বাবে ছ’চিয়েল মিডিয়াত সেইবোৰ ভাইৰেল হৈ পৰিছে। যেনে আমেৰিকা আৰু মেক্সিকোৰ মাজৰ সীমান্তৰ দেৱালৰ এটা অংশ ভাঙি পৰা দৃশ্য। আন কিছুমান দৃশ্যত জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া জীৱ-জন্তুক দেখা গৈছে, যাৰ ওপৰত মানুহতকৈ বেছি প্ৰভাৱ পৰিছিল। বহু লোকে কেইবাটাও কুকুৰক টাবত ভৰাই টানি টানি লৈ গৈছিল। আনফালে নুৱেভ’ লিঅ’নত, য’ত চান্টা কেটাৰিনা নদীৰ পাৰ উফন্দি উঠিছিল,তাত ওচৰ চুবুৰীয়া এজনে ৰবৰৰ ফ্লিপ-ফ্লপত ওপঙি থকা এটা মেকুৰীৰ পোৱালি ধৰিছিল।”
আমি ২৭ জুলাই ২০২০ তাৰিখে এক্স হেণ্ডেলত এই ভাইৰেল ভিডিঅ’টো আপলোড কৰা ৰূপত পাইছিলোঁ।
আমি ২০২০ৰ ১৭ জানুৱাৰী তাৰিখে প্ৰকাশিত ভাইৰেল ভিডিঅ’টো সংলগ্ন আন এক স্পেনিছ প্ৰতিবেদন পালোঁ। তথ্য অনুসৰি ভিডিঅ’টো আৰ্জেণ্টিনাৰ টুকুমানৰ।
আনহাতে ২০২০ চনৰ জানুৱাৰী মাহত প্ৰকাশিত আন এক প্ৰতিবেদনত কোৱা হৈছে যে এই ভিডিঅ’টো আৰ্জেণ্টিনাৰ টুকুমানৰ। কিন্তু পাছত সেই প্ৰতিবেদনতে উল্লেখ কৰা হৈছে যে কোন চহৰত ভিডিঅ’টো চিত্ৰগ্ৰহণ কৰা হৈছে সেয়া জানিব পৰা হোৱা নাই।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু গুৱাহাটী শেহতীয়া বানপানীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো পুৰণি আৰু গুৱাহাটী শেহতীয়া বানপানীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২০ চনৰে পুৰণি ভিডিঅ’ এটা গুৱাহাটীৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
