দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছা জিলাৰ পথৰ ফটো গুজৰাটৰ ৰাজপথৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেই ফটোখন গুজৰাটৰ ৰাজপথৰ। ফটোখন আপলোড কৰি লিখিছে- গুজৰাটৰ #SpaceTechnology ৰ নিৰ্মিত পথ

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcxeG0wnx5RWsiJTvZYr4NQZssn9AWYLNr_7dijc_TrTHzmVswYWfGRxsMELtJPi7YOJ5Ap1PzgLXopDrX2Uq-4SC1fVJfw3rQ6jjV13Kf6F5lw6vQWD22ZFyGuphQYOvcQ2RHwvoRhLO1jt7PoMGXWSThk?key=q46RQnPY3h_sjjt1TV8D8w

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া বিভিন্ন সামাজিক মাধ্যমত ফটোখন লৈ কৰা একাধিক পোষ্ট পালোঁ। সেই পোষ্টবোৰত ফটোখনত @BagchiAsh বুলি এটা ৱাটাৰমাৰ্ক দেখিলোঁ। সেই ৱাটাৰমাৰ্কটোৰ আঁত ধৰি সন্ধান কৰোতে সেই নামৰ এক্স হেণ্ডেলটো পালোঁ আৰু তাত ফটোখন আপলোড কৰি থোৱা ৰূপত পালোঁ। টুইটটোত ফটোখন আপলোড কৰি ব্যৱহাৰকাৰীয়ে লিখিছে- Guarantee nationals!! #DelhiMumbaiExpressWay। 

টুইটটোক হেশ্বটেগ দিয়া দিল্লী মুম্বাই এক্সপ্ৰেছৱেইৰ আঁত ধৰি আমি অধিক অনুসন্ধান কৰোতে আমাৰ হাতলৈ বিভিন্ন ইউটিউৱ ভিডিঅ আৰু বিভিন্ন সংবাদ প্ৰতিস্থানৰ বাতৰিৰ লিংক আহিল। এপিএন নিউজ লিগেল নামৰ ইউটিউৱ চেনেলটোত দেখিলোঁ যে সেয়া দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ দৃশ্য। 

ডক্সলোক নিউজতো আমি একেটা ভিডিঅ’ দেখিলোঁ আৰু তাত সেয়া দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ দৃশ্য বুলি উল্লেখ কৰা হৈছে।

https://www.youtube.com/watch?v=QJUwKq-zO_c

ইয়াতে ক্ষান্ত নাথাকি আমি আৰু অধিক তথ্যৰ সন্ধান কৰিলোঁ আৰু তেতিয়া হিন্দী সংবাদ প্ৰতিস্থান জাগৰণৰ এটা বাতৰি পালোঁ, য’ত সেই ফটোখন ব্যৱহাৰ কৰি দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছাত হোৱা বৃহত গাঁতৰ কথা উল্লেখ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcPRrpMBOZjY_1TR0eWBrApmzT2hkhJ0e00P2IK0D_IDwaHOvZi3-d2Wif1OOYzhU7VL-QoniBU3FcfgvttiaasxEosvulWkFOpjR8DKUZSDHCC3SuoC5Lh4PXM39no7R9sNdtzFmb7mzDK-5iCy92C2qM?key=q46RQnPY3h_sjjt1TV8D8w

তদুপৰি এনডিটিভি ৰাজস্থানৰ এক বাতৰিও আমি লাভ কৰিলোঁ। তাত লিখা হৈছে যে ২০২৩ চনত উদ্ঘাটন কৰা দেশৰ সকলোতকৈ দীঘল এক্সপ্ৰেছৱে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছা জিলাত এনেকৈ এটা ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc63LOG1nmzFACQKvu61KVbRj9LQXuhe-dLUjWqXYcIEBInVDU0eJsfuheg19Pob5JVp809-k3yzVjjg94zIr-d6W2VnKqRd-lU0HI3QWwET4ivaWYI6X3pipAv9-BRx-AK7_nmHrmzgQLdlXuGqh1uhsyj?key=q46RQnPY3h_sjjt1TV8D8w

সেই বাতৰিটোত এনডিটিভি ইণ্ডিয়াৰ এটা টুইট সংলগ্ন কৰা হৈছে, য’ত ভিডিঅ’ পোষ্টসহ দেখুৱাই দিয়া হৈছে যে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত এনেদৰে গাঁতৰ সৃষ্টি হৈছে। 

Archived Link

এই সমস্ত তথ্য প্ৰমানৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৱে আপলোড কৰা ফটোখন গুজৰাটৰ ৰাজপথৰ ফটো নহয়। সেয়া দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছা জিলাৰ পথত হোৱা এটা বৃহত গাঁতৰ ফটো হে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ফটোখন গুজৰাটৰ ৰাজপথৰ ফটো নহয়। সেয়া দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছা জিলাৰ পথত হোৱা এটা বৃহত গাঁতৰ ফটো হে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছা জিলাৰ পথৰ ফটো গুজৰাটৰ ৰাজপথৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *