শেহতীয়াভাৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি যোৱা ১৫ জুনতে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচ অঞ্চল আৰু পাকিস্তানৰ কাষৰীয়া ইয়াৰ উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছিল। ঘূৰ্ণীবতাহৰ ফলত ভাৰতৰ অন্যান্য অঞ্চলত যথেষ্ট বৰষুণ হৈছে। এই পৰিস্থিতিৰ মাজতে আমি সাগৰৰ মাজত এখন জাহাজ আৱদ্ধ হৈ দোল খাই থকা এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা লক্ষ কৰিছোঁ। টুইটাৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ আৰু গুজৰাটত এইদৰে বিপৰ্যয় ঘূৰ্ণীবতাহৰ বাবে সাগৰত জাহাজ আৱদ্ধ হৈ পৰা বুলি দাবী কৰি ভাইৰেল হৈ পৰা এই ভিডিঅ’টোৰ কেপচনত লিখা আছে- “দুখন জাহাজ আবদ্ধ হৈ পৰিছে। তাত হেশ্বটেগ দিয়া হৈছে এইদৰে #CycloneBiporjoy#Arabiansea #Oman #India #Maharashtra #Ship #Intothestrom #Strom #Monsoon #Rain

Archived Link

একেটা ভিডিঅ’ আন টুইটাৰ হেণ্ডেলৰ পৰাও হেশ্বটেগেৰ গুজৰাটৰ কাণ্ডালাত এইদৰে জাহাজ আৱদ্ধ হৈ পৰা বুলি দাবী কৰি ভাইৰেল হৈছে এই কেপছনেৰে- “Kandla gujarat india #cyclone #CycloneBiparjoy #kandala#gujrat #india”

সেই ভিডিঅ’টো সঁচাকৈয়ে ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহত ভাৰতৰ সাগৰত আৱদ্ধ হোৱা জাহাজৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধান আৰম্ভ হৈছিল ভাইৰেল ভিডিঅ’টোৰ পৰা কী-ফ্ৰেমৰ পৰা কৰা ৰিভাৰ্ছ ইমেজ ছাৰ্চেৰে।, ফলত আমি ২০২২ চনৰ ২৮ ছেপ্টেম্বৰত আণ্ডাৰৱৰ্ল্ড নামৰ এটা ভেৰিফাইড ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ’ৰ সম্পূৰ্ণ সংস্কৰণটো পালোঁ। সেইটো ভিডিঅ'ৰে অংশ বিশেষ হৈছে শেহতীয়াকৈ টুইটাৰত ভাইৰেল হোৱা ভিডিঅ'টো। এই ভিডিঅ'টোত আপুনি ৮ মিনিট ২৫চেকেণ্ডৰ পাছত ভাইৰেল হোৱা ভিডিঅ'টোৰ দৃশ্যসমূহ চাব পাৰিব।

Image 1

ইয়াৰ পাছৰ সন্ধানত আমি ১৬ আগষ্ট ২০২১ তাৰিখে ইউটিউবত আপলোড কৰা একেটা ভাইৰেল ভিডিঅ’ পাইছিলোঁ, য’ত লিখা আছিল “Oil Tanker in Hurricane | উত্তৰ আটলাণ্টিক মহাসাগৰত গধুৰ পানীজাহাজ”

আমি আন কেইবা ঠাইতো একেটা ভিডিঅ’ পাইছিলোঁ। যিবোৰ আপোনালোকে তলত চাব পাৰিব

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল হোৱা ভিডিঅ’টোৰ জৰিয়তে কৰা দাবীটো মিছা । ভাইৰেল ভিডিঅ’টোত দেখা গৈছে আটলাণ্টিক মহাসাগৰত সংঘটিত হোৱা এটা পুৰণি সাগৰীয় ঘটনা। শেহতীয়াকৈ ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আটলাণ্টিক মহাসাগৰৰ পুৰণি ভিডিঅ’কে শেহতীয়া ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ বুলি ভাইৰেল কৰা হৈছে। সত্যটো জানক।

Written By: Pranjal Sharma

Result: False