চন্দ্ৰযান ৩এ সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছতেই বিভিন্ন ধৰণৰ ভুৱা তথ্য, মিছা ভিডিঅ’, ফটো আদি চ’ছিয়েল মিডিয়াত ব্যাপক ৰূপত বিয়পি পৰা আমি দেখিছোঁ আৰু সেইসমূহৰ সত্যতা নিৰূপনো আমি কৰিছোঁ। তেনেকুৱা এটা ভিডিঅ’ ফেচবুকৰ ৰীলছৰ ৰূপত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ. সোমনাথে তেওঁৰ সহকৰ্মীসকলৰ সৈতে আনন্দতে নৃত্য কৰা দেখা গৈছে। যোৱা ২৩ আগষ্টত এই ভিডিঅ’টো তলত দেখুওৱা ধৰণে দাবী কৰি ফেচবুকত প্ৰচাৰ কৰিছে ব্যৱহাৰকাৰীয়ে।

Facebook LinkArchived Link

কিন্তু এছ. সোমনাথে চন্দ্ৰযান৩ৰ সফলতাৰ পাছত সহকৰ্মীৰ লগত নৃত্য কৰা বুলি এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত প্ৰাসংগিক কী-ৱৰ্ড লৈ বিচাৰ খোচাৰ কৰি তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলোঁ। য'ত আমি WION Newsৰ সৈতে কাম কৰা সাংবাদিক সিদ্ধাৰ্থ এম.পিৰ এটা এক্স(পূৰ্বৰ টুইটাৰ) পোষ্ট পালোঁ। চন্দ্ৰযান-৩ মিছনৰ সফলতাৰ বাবে টিম ইছৰোক অভিনন্দন জনাই তেওঁ এই নৃত্য ভিডিঅ'টো পোষ্ট কৰে।

একেটা টুইটৰ অধীনত তেওঁ আন এটা পোষ্ট কৰিছিল য’ত তেওঁ উল্লেখ কৰিছিল যে ভিডিঅ’টো এটা পুৰণি অনুষ্ঠানৰ যিটো চন্দ্ৰযান ৩ৰ সৈতে জড়িত নহয়। একাংশ ব্যৱহাৰকাৰীৰ প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁ এই ভাইৰেল নৃত্য ভিডিঅ’টো জুলাই মাহৰ প্ৰথম সপ্তাহৰ বুলিও স্পষ্ট কৰি দিছে।

ভিডিঅ’টো জুলাই মাহৰ প্ৰথম সপ্তাহৰ বুলি জনাৰ পাছত আমাৰ অনুসন্ধান আৰু আগবাঢ়িল। আন কিছুমান কী-ৱৰ্ডৰ সহায়ত আন চাইটতো ভিডিঅ'টো বিচাৰি চালোঁ। তেতিয়া আমি ৬ জুলাই, ২০২৩ তাৰিখে ISRO ৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ' পালোঁ। তাৰ তলত কেপচনত লিখা আছিল যে জি-২০ মহাকাশ অৰ্থনীতিৰ নেতাৰ সভাৰ চতুৰ্থ সংস্কৰণ (SELM) দিৱস – ১ বুলি।

এই ভিডিঅ'টোত আমি ২২:৪৪ মিনিটৰ পৰা ISRO ৰ মুৰব্বী সোমনাথে ভাষণ দিয়া দেখিবলৈ পাওঁ। য’ত আৰু এটা কথা লক্ষ্য কৰা হৈছে যে তেওঁ ভাইৰেল ভিডিঅ’টোৰ দৰেই কাপোৰ পিন্ধিছে। আমি তদুপৰি মহাকাশ বিভাগৰ ৱেবছাইটত মহাকাশ অৰ্থনীতিৰ নেতাৰ সভাৰ অনুষ্ঠানৰ সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি পালোঁ। যাৰ বাবেই আমাৰ বাবে সম্পূৰ্ণ স্পষ্ট হৈ পৰিল যে ইছৰোৰ মুৰব্বী সোমনাথৰ নৃত্যৰ ভাইৰেল ভিডিঅ'টো চন্দ্ৰযান ৩ মিছনৰ সফলতাৰ সময়ৰ নহয়, পুৰণি।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ইছৰোৰ মুৰব্বী সোমনাথৰ নৃত্যৰ ভাইৰেল ভিডিঅ'টো চন্দ্ৰযান ৩ মিছনৰ সফলতাৰ সময়ৰ নহয়, পুৰণি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ.সোমনাথে নৃত্য কৰা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰ।

Written By: Pranjal Sharma

Result: False