বাঘে চুলাই খাই ঢলং পলং কৰি মানুহৰ সৈতে খোজ কঢ়া বুলি এটা বিশেষ ভিডিঅ’ অসমৰ চ’ছিয়েল মিডিয়া, বিশেষকৈ ফেচবুক আৰু হোৱাটছএপত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে। যোৱা দুই তিনিদিন ধৰি বিভিন্ন লোকে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে বাঘটোৱে চুলাই মদ খাইছিল। খাদ্যৰ সন্ধানত ওলাই আহি পেটৰ ভোকত চুলাই মদ খাই এইদৰে ঢলং পলং খোজেৰে সাধাৰণ ৰাইজৰ লগে লগে গৈ আছে। ভিডিঅ’টোত দেখা গৈছে যে এটা নাহৰফুটুকী বাঘ লাহে লাহে আহি আছে আৰু বাঘটোৰ কাষে কাষে বহুত মানুহ। কিৰিলি পাৰি পাৰি মানুহবোৰে বাঘটোত চুই চাইছে, গাত হাত বোলাই দিছে, চেলফী উঠিছে ইত্যাদি।

অসমৰ কেইবাটাও সংবাদ প্ৰতিস্থানৰ লগতে আন কেইবাজনো ব্যৱহাৰকাৰীয়ে নিজৰ ফেচবুক পেজ আৰু একাউণ্টত উল্লিখিত ভিডিঅ’টো দি দাবী কৰিছে যে বাঘটো নিচাসক্ত অৱস্থাত আছে। সকলোৰে একেই দাবী যে বাঘে চুলাই খালে।

Ishan News এ লিখিছে মদ খোৱাৰ পিছত জনতাৰ বন্ধু হৈ পৰিল বাঘ। বিৱৰণত লিখিছে

📌মদ খোৱাৰ পিছত জনতাৰ বন্ধু হৈ পৰিল বাঘ।

📌পাহৰি গ'ল নিজৰ পৰিচয়।

📌নিচাৰ কোবত ধলং পলং খোজেৰে জনতাৰ সৈতে খোজ দিলে বাঘে।ঘটনা উত্তৰ প্ৰদেশৰ।

Facebook Link

Current Trend Assam এ লিখিছে বাঘেও নিচা কৰিবলৈ ল’লে কলি যুগৰ আধুনিক বাঘ। বিৱৰণত লিখিছে 🔹বাঘেও নিচা কৰিবলৈ ল’লে

কলি যুগৰ আধুনিক বাঘ

Facebook Link

দিপুকন ডেকা ই লিখিছে খালে ঐ খালে বাঘে চুলাই খালে। খাদ্য বিচাৰি বাঘ আহিছিল গাঁওলৈ,খালে চুলাই তাৰ পিছত চাওঁক বাঘৰ অৱস্থা

Facebook Link

BAKSA LIVE 24 এ লিখিছে বাঘেও আৰম্ভ কৰিলে মদ্যপান। এইবাৰ গাঁৱত আহি চুলাই খালে বনৰজাই।

Facebook Link

Tul Tul Dutta ই লিখিছে বাঘে খালে চুলাই মদ

Facebook Link

News24axom এ লিখিছে লোভ সামৰিব নোৱাৰি খালে চুলাই। বিৱৰণত লিখিছে-লোভ সামৰিব নোৱাৰি খালে চুলাই। পিছত গাঁওৰ মানুহে নিজেই ঘৰ অভিমুখে পঠিয়াই দিলে। গাঁওলৈ গৈছিল চিকাৰ কৰিবলৈ কিন্তু লোভ সামৰিব নোৱাৰিলে। এই নাহৰফুুটুকীটোৱে চিকাৰ কৰিবলৈ গৈ খাইছিল চুলাই।

Facebook Link

Púr Ñáb এ লিখিছে খাদ্য বিছাৰি বাঘ আহিছিল গাঁওলৈ, খালে চুলাই তাৰ পিছত চাওঁক বাঘৰ অৱস্থা

Facebook Link

Nasik Shah Nrshah এ লিখিছে খাদ্য বিছাৰি বাঘ আহিছিল গাঁওলৈ, খালে চুলাই তাৰ পিছত চাওঁক বাঘৰ অৱস্থা

Facebook Link

David Kashyap এও লিখিছে খাদ্য বিছাৰি বাঘ আহিছিল গাঁওলৈ, খালে চুলাই তাৰ পিছত চাওঁক বাঘৰ অৱস্থা

Facebook Link

কিন্তু সঁচাকৈয়ে বাঘটোৱে খাদ্য বিচাৰি আহি চুলাই খাই এই অৱস্থা হৈছিল নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত প্ৰাসংগিক কী-ৱৰ্ড লৈ বিচাৰ খোচাৰ কৰি তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলোঁ। য'ত আমি কেইটামান বাতৰিৰ প্ৰতিবেদনৰ লিংক আৰু ইউটিউৱ লিংক লাভ কৰিলোঁ।

MIRROR NOW নামৰ সংবাদ প্ৰতিস্থানটোৰ ইউটিউৱ চেনেলত এই ভিডিঅ’টো লৈ পৰিবেশন কৰা এক প্ৰতিবেদন লাভ কৰিলোঁ, য’ত উল্লেখ কৰা হৈছে যে মধ্য প্ৰদেশৰ ইকৰেলা গাঁৱত এই কাণ্ডটো সংঘটিত হৈছিল। এটা ৰোগাক্ৰান্ত বাঘক এইদৰে মানুহবোৰে অত্যাচাৰ কৰিছিল। পৰৱৰ্তী সময়ত বাঘটোত বন বিভাগৰ সহযোগত চিকিত্সাৰ ব্যৱস্থা কৰা হয়।

তদুপৰি আমি INDIA TODAY যোৱা ৩০ আগষ্ট ২০২৩ৰ এক প্ৰতিবেদন লাভ কৰিলোঁ। সেই প্ৰতিবেদনতো এই ভিডিঅ’টো সংলগ্ন কৰা হৈছে আৰু উল্লেখ কৰা হৈছে যে যোৱা মঙলবাৰে কালী সিন্ধ নৈৰ পাৰত মানুহে এটা বাঘ দেখা পায়। বাঘটো দুৰ্বল, ঢলং পলং খোজেৰে আহি থকা দেখে একাংশ লোকে । প্ৰথমে বাঘ বুলি লোকসকলে অলপ ভয় খাইছিল যদিও বাঘটোৱে কোনো আক্ৰমনাত্মক ভংগী প্ৰদৰ্শন নকৰাত সাহ কৰি লোকসকল আগুৱাই যায়। সেই লোকসকলে দুৰ্বল খোজেৰে আহি থকা বাঘটোৰ গায়ে মুৰে হাত দিয়ে আৰু আনকি ফটো পৰ্যন্ত তোলে বাঘটোৰ লগত। ইতিমধ্যে বন বিভাগক খবৰ দিয়া হয় উজ্জ্বয়িনীৰ পৰা উদ্ধাৰকাৰী দেৱাছ বন বিভাগৰ সহযোগত বাঘটো উদ্ধাৰ কৰে। তেওঁলোকে জানিবলৈ দিয়া মতে বাঘটো ৰোগাক্ৰান্ত। আৰু সেইকাৰণেই দুৰ্বল বাঘটোৱে তেনেকৈ ঢলং পলঙকৈ খোজ কাঢ়ি আহি আছিল। বাঘটোৰ স্বাস্থ্যৰ অৱস্থা দেখি বিভাগে বাঘটোক পশু চিকিত্সালয়লৈ প্ৰেৰণ কৰে।

এই সম্পূৰ্ণ প্ৰতিবেদন আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

ইয়াৰ পাছত আমি NDTV ৰ এক প্ৰতিবেদন লাভ কৰিলোঁ। তাতো অনুৰূপ বৰ্ণনায়ে কৰা আছে আৰু লগতে ভিডিঅ”টোও সংলগ্ন কৰা দেখা পালোঁ। ইয়াতো লিখা হৈছে যে বেমাৰত আক্ৰন্ত হৈ বাঘটোৰ সেই অৱস্থা হৈছিল।

সেই প্ৰতিবেদন আপোনালোকে ইয়াত ক্লিক কৰি সম্পূৰ্ণকৈ পঢ়িব পাৰিব।

এই আটাইকেইটা প্ৰতিবেদনতে ক’তো ঘূণাক্ষৰেও উল্লেখ নাই যে বাঘটোৱে চুলাই বা তেনেকুৱা কোনো নিচাযুক্ত সামগ্ৰী সেৱন বা ভক্ষণ কৰিছিল। সকলো প্ৰতিবদনতেই একেই কথা কোৱা হৈছে যে বাঘটো বেমাৰক আক্ৰন্ত হৈ দুৰ্বল হৈ পৰিছিল। অৰ্থাত অসমৰ ফেচবুকত ভাইৰেল হৈ পৰা দাবীটো ভুৱা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে অসমৰ একাংশ সংবাদ মাধ্যম তথা একাংশ লোকে এই ভিডিঅ’টোৰ সৈতে কৰা দাবীটো ভুৱা। বাঘটোৱে চুলাই বা আন মদ নাই খোৱা। বাঘটো আচলতে বেমাৰত আক্ৰান্ত। বেমাৰৰ বাবে হে বাঘটো দুৰ্বল হৈ ঢলং পলং খোজেৰে আহি আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাঘে চুলাই খোৱা কথাটো সঁচা নে মিছা? জানক সত্যতা।

Written By: Pranjal Sharma

Result: False