FACT CHECK: অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু বুলি ভূৱা স্ক্ৰিনশ্বট ভাইৰেল!

Altered Politics

শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু পৰবৰ্তী চৰকাৰ গঠন হবলৈ গৈ আছে । এনে সময়তে পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হব সেই সম্পৰ্কে যথেষ্ট গুণাগুথা চলা দেখা গৈছে আৰু এই সম্পৰ্কে

বিভিন্ন পোষ্ট ছোচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰা দেখা গৈছে । 

এই ধৰণৰ এখন ফটো বা নিউজৰ স্ক্ৰিনশ্বট   হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ হৈছে য’ত দাবী কৰা হৈছে যে অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু হবলৈ গৈ আছে । ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আবেদন লাভ কৰিলো। Archived Link 

আমি, ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই, এই সম্পৰ্কে অনুসন্ধান কৰি জানিব পৰিলোঁ যে উক্ত স্ক্ৰিনশ্বটটো ভুৱা হয় আৰু অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী সম্পৰ্কে এতিয়াও কোনো ঘোষণা কৰা হোৱা নাই । 

সত্যতা নিৰূপন পদ্ধতি

আমি উক্ত ভাইৰেল স্ক্ৰিনশ্বটটো ভালদৰে পৰ্যবেক্ষণ কৰি দেখিলোঁ যে উক্ত স্ক্ৰিনশ্বটটোত ইংৰাজীত অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী ঘোষণাৰ সম্পৰ্কে যি লিখা আছে সেইয়া ইংৰাজী শব্দ গাঁথনি বা ব্যাকৰণ অনুসৰি কিছু বিসংগতি বা ভূল আছে । 

আনহাতে স্ক্ৰিনশ্বটটো যিহেতু ৰাষ্ট্ৰীয় নিউজ চেনেল ৰিপাবব্লিক টিভিৰ ল’গ’ আছে গতিকে স্ক্ৰিনশ্বটটো ভুৱা হোৱাৰ সম্ভাবনা বেছি । 

ইয়াৰ উপৰিও আমি এই সম্পৰ্কে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰাত দেখিলোঁ যে অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী ঘোষণা হ’ল বুলি এনে কোনো বাতৰি এতিয়াও প্ৰকাশ হোৱা নাই । 

আমি জানো যে অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী যে সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা হব, সেইয়া সকলোৱে জানে আৰু এই সম্পৰ্কে কাৰো দ্বিমত নাই । 

বিজেপি বিধায়ক গণেশ লিম্বু অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ কোনো সম্ভাৱনা নাই আৰু ৰিপাবব্লিক টিভিৰ দৰে প্ৰতিষ্ঠিত নিউজ চেনেলত এই সম্পৰ্কে বাতৰি প্ৰকাশ হোৱা নাই । গতিকে উক্ত ভাইৰেল স্ক্ৰিনশ্বটটো যে ভুৱা বা মৰ্ফ কৰা সেইয়া নিশ্চিত । 

ফলাফল

উক্ত ভাইৰেল স্ক্ৰিনশ্বটটো ভূৱা । অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী সম্পৰ্কে এতিয়াও কোনো ঘোষণা কৰা হোৱা নাই । 

Avatar

Title:অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু বুলি ভূৱা স্ক্ৰিনশ্বট ভাইৰেল!

Fact Check By: Manjori Borkotoky 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *