
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কেৰেলাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপী সম্পৰ্কে এটা খবৰ ব্যাপকভাৱে ভাইৰেল হৈছে। দাবী কৰা হৈছে যে শপত গ্ৰহণৰ এদিন পাছতে অভিনয়ৰ বাবে মন্ত্ৰীত্ব এৰিব বিচাৰিছে সাংসদ সুৰেশ গোপীয়ে। চিনেমাৰ শ্বুটিঙৰ বাবে তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব এৰিব বিচাৰিছে বুলি দাবী কৰা হৈছে।
ফেচবুকত বহু অসমীয়া নিউজ প’ৰ্টেলে এই খবৰ প্ৰকাশ কৰিছে।
এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাওক।
কিন্তু এই খবৰটো সঁচানে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ। দ্য ইক’নমিক টাইমছত যোৱা ১০ জুনত প্ৰকাশিত এক প্ৰতিবেদন আমি পালোঁ য’ত মন্ত্ৰালয়ৰ পৰা পদত্যাগ কৰাৰ খবৰক সুৰেশ গোপীয়ে খণ্ডন কৰা বুলি উল্লেখ কৰা হৈছিল।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
এই সম্পৰ্কে ইণ্ডিয়া টুডেতো এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
এই সম্পৰ্কে অধিক তথ্য বিচাৰি আমি সুৰেশ গোপীৰ এক্স হেণ্ডলত যোৱা ১০ জুনত কৰা এটা টুইট পালোঁ। টুইটটো আছিল এনেধৰণৰ, “A few media platforms are spreading the incorrect news that I am going to resign from the Council of Ministers of the Modi Government. This is grossly incorrect. Under the leadership of PM @narendramodi Ji we are committed to the development and prosperity of Kerala ❤️ (দুই এক মিডিয়া প্লেটফ’ৰ্মে মোডী চৰকাৰৰ মন্ত্ৰী পৰিষদৰ পৰা মই পদত্যাগ কৰিবলৈ ওলাইছোঁ বুলি ভুল খবৰ বিয়পাইছে। এইটো গুৰুতৰ ভুল। প্ৰধানমন্ত্ৰী @narendramodi ৰ নেতৃত্বত আমি কেৰালাৰ উন্নয়ন আৰু সমৃদ্ধিৰ প্ৰতি দায়বদ্ধ ❤️)
ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দাবীটো মিছা।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। কেৰেলাৰ ত্ৰিশূৰ সমষ্টিৰ নৱ-নিৰ্বাচিত বিজেপি সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব বিচৰা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:কেৰালাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব বিচাৰিছে নেকি?
Written By: Debanjana BaishyaResult: False
