শেহতীয়াভাবে অসমত এখন ফটো ভাইৰেল হৈ পৰিছে। ৱাডিলাল নামৰ আইক্ৰীম কোম্পানীটোৰ এটি বিশেষ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি দাবী কৰি সেই ফটোখন ভাইৰেল কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে আমাৰ 24/7 ফেক্টলাইন নম্বৰলৈ সেই ফটোখন প্ৰেৰণ কৰি ৱাডিলাল আইক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা হৈছে নেকি সঁচাকৈয়ে, সেই কথা জনাৰ আগ্ৰহ প্ৰকাশ কৰে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdjAsja78TmURcfjwdw9R-LBfqe2nnFsEwbd1bfa2ujRDDNMWFE2I4ssNFs1TMs8TAuTWxzxE2Y5VX_tldtr1E9zVCf-N3iwmCTWinXj-A_rLlRv3X0wazO4-W006iaImWb1yY6jUjThmgmQvyEjIG-LJQ?key=zGS5hgs5LwkIFEa3w2Raqg

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি বিষয়টোৰ সন্দৰ্ভত আমি ৱাডিলালৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ আৰু এটা স্পষ্টীকৰণ পালোঁ। ৱাডিলালৰ মতে, এশ বছৰতকৈও অধিক সময় ধৰি কোম্পানীটোৱে বজাৰত উচ্চমানৰ সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত উৎসৰ্গিত হৈ আহিছে। তেওঁলোকৰ আইচক্ৰীম কোনো ধৰণৰ সংৰক্ষক বা কৃত্ৰিম ষ্টেবিলাইজাৰ ব্যৱহাৰ অবিহনেই তৈয়াৰ কৰা হয়, যাৰ ফলত গ্ৰাহকে প্ৰতিবাৰেই সতেজ আৰু স্বাস্থ্যকৰ মিস্তান্ন লাভ কৰাটো নিশ্চিত হয়। তেওঁলোকৰ সামগ্ৰী ১০০% বিশুদ্ধ গাখীৰৰ ক্ৰীমৰ পৰা তৈয়াৰ কৰা হয় আৰু বিশুদ্ধ নিৰামিষ আৰু পৰম্পৰাগত ধৰণে উৎপাদিত।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdQrh7LA_E5uhuVmPG20VipuQz2WbFF4dct3NtC5GILcJTXmpA4jYsQy-YjmJ2J0B9gwHumb8y9GTFdmHUngEErpdZh6e1X1j9F27ohHgtWw9zsL2zkfAFt9D6NK6mjMs26q29zd3d1RkNfePvYmsnIpTdz?key=zGS5hgs5LwkIFEa3w2Raqg

ইয়াৰ উপৰিও আমি লিংক্ড-ইনত ৱাডিলালৰ এটা পোষ্ট পালোঁ। পোষ্টটোত লিখা আছে, “বদিলাল ১০০% নিৰামিষ। আমি স্পষ্ট কৰিব বিচাৰো যে ভাৰতত হালাল প্ৰমাণপত্ৰ থকা ৱাদিলাল আইচক্ৰীমৰ পেক বিক্ৰী হোৱাৰ বিষয়ে শেহতীয়াকৈ ওলোৱা উৰাবাতৰিটো অসত্য। ৱাডিলালত আমি ১০০% নিৰামিষ আইচক্ৰীম আৰু অন্যান্য সামগ্ৰী আগবঢ়াই গৌৰৱ অনুভৱ কৰোঁ। হালাল প্ৰমাণপত্ৰযুক্ত পেকসমূহ বিশেষভাৱে ৰপ্তানি বজাৰৰ বাবে ডিজাইন কৰা হৈছে য’ত উদ্যোগৰ মানদণ্ড অনুসৰি এনে প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়। অনুগ্ৰহ কৰি নিশ্চিত হওক যে গুণগত মান আৰু প্ৰামাণ্যৰ প্ৰতি আমাৰ দায়বদ্ধতা অটল হৈয়ে আছে। অনুগ্ৰহ কৰি এনে উৰাবাতৰিৰ বলি নহ’ব”

https://lh7-us.googleusercontent.com/docsz/AD_4nXemnk_HfXjTEa6BG-0E89_o-VJ_7_bmbtkEsTXUaL3Qk9n3B9LArref41Midl9XifCaNAxVResPMFDenTANaSsw9JZhumw_lOSXbH4r5zN2LGjOszAZbNM0WwPEjGnfIMcppQB7NUrvMhbBLa843RwS5Y0?key=zGS5hgs5LwkIFEa3w2Raqg

উল্লেখযোগ্য যে কোম্পানীসমূহে তেওঁলোকৰ সামগ্ৰীসমূহ মুছলমান গ্ৰাহকৰ ব্যৱহাৰৰ বাবে উপযোগী হোৱাটো নিশ্চিত কৰিবলৈ প্ৰায়ে হালাল প্ৰমাণপত্ৰ ব্যৱহাৰ কৰে। ৱাডিলাল আইচক্ৰীমৰ পেকেটত হালাল প্ৰমাণপত্ৰৰ চিহ্ন থকাটোৱে গ্ৰাহকক আশ্বস্ত কৰে যে সামগ্ৰীটো হালাল মানদণ্ড মানি চলে আৰু মুছলমানসকলে ইয়াক ব্যৱহাৰ কৰাটো অনুমোদিত। ইয়াত গো-মাংসৰ সোৱাদ বা আন কোনো নিৰামিষজাতীয় উপাদান যোগ কৰাৰ কথা কোৱা নহয়।

ইয়াৰ পৰা প্ৰমানিত হয় যে ৱাডিলালৰ সামগ্ৰী ১০০% নিৰামিষ আৰু ইয়াত কোনো ধৰণৰ সংৰক্ষক বা কৃত্ৰিম ৰং যোগ কৰা নহয়। ৱাডিলালৰ সামগ্ৰীত হালাল প্ৰমাণীকৰণ চিহ্ন ইয়াৰ সামগ্ৰী ৰপ্তানিৰ বাবে আৰু মুছলমান গ্ৰাহকৰ বাবে এক প্ৰয়োজনীয়তাহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ৱাডিলালৰ সামগ্ৰী ১০০% নিৰামিষ আৰু ইয়াত কোনো ধৰণৰ সংৰক্ষক বা কৃত্ৰিম ৰং যোগ কৰা নহয়। ৱাডিলালৰ সামগ্ৰীত হালাল প্ৰমাণীকৰণ চিহ্ন ইয়াৰ সামগ্ৰী ৰপ্তানিৰ বাবে আৰু মুছলমান গ্ৰাহকৰ বাবে এক প্ৰয়োজনীয়তাহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৱাডিলালৰ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি ওলোৱা দাবীটো মিছা।

Fact Check By: Pranjal Sharma

Result: False