শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক বিমান দুৰ্ঘটনাৰ ৭ চেকেণ্ডৰ ভিডিঅ’টো অতি শেহতীয়াকৈ যোৱা ২৪ জুলাই ২০২৪ত নেপালৰ ত্ৰিভূৱন বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’ বুলি দাবী কৰি হোৱাটছএপৰ জৰিয়তে অসমত বিয়পাই দিয়া হৈছে। বিভিন্নজনে সেই ভিডিঅ’টো হোৱাটছযোগে ইজনৰ পৰা সিজনলৈ প্ৰেৰণ কৰিছে। আমালৈয়ো তেনেকৈ সেই ভিডিঅ’টো আহি পৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXddPYTWGz2OwHxzI1HlJvAYEx-VIghg-28-DRfMx9kHo6vjk4AJUF3A5bdHyi_enjJjFT3jNl2PhxJlcy40SpCDYnftxUnmKgidFi3PI2owoX4E0jO6Fkv3Jp310yaxG0d2FbeV8B-FM7j3ilPQGLjBCqc?key=PlcPo34txGTKu90-Q1Q0_w

তদুপৰি আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈয়ো ভিডিঅ’টো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই ত্ৰিভুৱন বিমান বন্দৰৰ দুৰ্ঘটনাৰ ভিডিঅ’ বুলি দাবী কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc78KOUK24FVeXDXOf7aQipGOSt7HRbILj98cJgqgtCkqH4brcrOjSoRsMjfa1cZTlC8AkzX5cFBfR5TmAHoURtmDf6dHUvuP8DoSZdd4f0Tuc-ATjIxvoklwnn9UBgiahuEnVCItESSkdIS0AQ2WoIIiMu?key=PlcPo34txGTKu90-Q1Q0_w

Archived Link

ভিডিঅ’টোৰ আৰ্কাইভ লিংক তলত দিয়া হৈছে।

Please Link Archive

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক লিংক লাভ কৰিলোঁ। বিভিন্ন সংবাদ প্ৰতিস্থানৰ এক্স, ইউটিউৱ লিংকৰ লগতে ৱেবছাইটত প্ৰকাশিত বাতৰিৰ লিংক আমি লাভ কৰিলোঁ।

২০২৩ চনৰ ১৫ জানুৱাৰীত দেশৰ আগশাৰীৰ সংবাদ প্ৰতিস্থান News 18ৰ এক্স হেণ্ডেলত সেই ভিডিঅ’টো পোষ্ট কৰি লিখা হৈছিল- All passengers, including 4 Indians, were killed after a 72-seater passenger aircraft crashed on the runway at Pokhara International Airport in Nepal. অৰ্থাত নেপালৰ পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দুৰ্ঘটনাত আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যু ঘটে। ৪জন ভাৰতীয়সহ সৰ্বমুঠ ৭২গৰাকী যাত্ৰী আছিল বিমানখনত।

Archived Link

তদুপৰি ABC Newsৰ ইউটিউৱ চেনেলতো ২০২৩ চনৰ ১৬ জানুৱাৰীত সেই ভিডিঅ’টো আপলোড কৰা হৈছিল সেই দুৰ্ঘটনাটোৰ লগত সংগতি ৰাখি।

Archived Link

আমি সেই দুৰ্ঘটনাটো সন্দৰ্ভত দ্য ইণ্ডিয়ান এক্সপ্ৰেছে সেই সময়ত প্ৰকাশ কৰা Plane crash in Pokhara kills 68: Why there is a history of such incidents in Nepal শীৰ্ষক বাতৰিও লাভ কৰিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcBzmAU8812OA9BmPhVbh3bfK_y4m5_jHTs1fGUzrZ2WvVQv2W3VQwotEI7-MRI-P7AZRPPz2-833a4lps68qKYK40S34m0ignMPWqTWBM1jwPtZHGXVbDn5Mpp76Pml8cDxM8P7ns_uxFWr2wtjA7MlF9u?key=PlcPo34txGTKu90-Q1Q0_w

আনহাতে হিন্দুস্তান টাইমছেও সেই সময়ত এই বাতৰিটো Nepal sees one of the worst plane crashes: Other tragedies witnessed in past শীৰ্ষকেৰে প্ৰকাশ কৰিছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeEkt48OzhhupLd2fYcNdqcjhQVTNxzMuihSe8WeFFjkftLis2Gluq52TvK99YaRHuMwSeF2F0unLM0aa_gUZFTVJkn6gCuGFumUzLVa7ObmS0uNnt3LkjCJ0VnVTuohrfXrDYshf3a9GX8duxMJGccuPw?key=PlcPo34txGTKu90-Q1Q0_w

এইখিনি তথ্য় আৰু সমলৰ ভিত্তিত আমি ক’ব পাৰোঁ যে যিটো ভিডিঅ’ সম্প্ৰতি অসমৰ হোৱাটছপত ভাইৰেল হৈ পৰিছে, সেইটো যোৱা ২৪ জুলাইত নেপালৰ ত্ৰিভুৱন বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’ নহয়। সেইটো ২০২৩ চনৰ জানুৱাৰীত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’হে। গতিকে দাবীটো মিছা বুলি বিবেচিত হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেইটো ২০২৩ চনৰ জানুৱাৰীত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’হে। ত্ৰিভুৱন বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩ চনৰ জানুৱাৰীত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’কে ত্ৰিভুৱন বিমান বন্দৰৰ শেহতীয়া দুৰ্ঘটনাৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma

Result: False