শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ”টো ভূমিকম্পত আক্ৰান্ত অট্টালিকা আৰু অঞ্চলৰ।

যোৱা মঙলবাৰে দিল্লী এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.২ আছিল। দুপৰীয়া প্ৰায় ২:৫১ মান বজাত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভৱ কৰা হৈছিল। যাৰ কেন্দ্ৰবিন্দু নেপাল বুলি কোৱা হৈছিল। এই ভূমিকম্পৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু পোষ্ট আৰু ভিডিঅ’ দেখা গৈছে। তাৰ ভিতৰত এটা ভিডিঅ’ ভাইৰেল হৈছে। য’ত এটা বহুমহলীয়া অট্টালিকা ভাঙি পৰা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোত শেষ বিচাৰৰ দিনৰ বিধ্বংসী পৰিস্থিতিৰ বিষয়ে কৈ থকা দেখা আছে। এই ভিডিঅ’টো দিল্লী এনচিআৰত হোৱা ভূমিকম্পৰ বুলি দাবী কৰা হৈছে।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ পৰা কী-ফ্ৰেমসমূহ ব্যৱহাৰ কৰি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু ইউটিউবত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা ভিডিঅ’টো পালোঁ । আমি তুৰস্কৰ এটা ভিডিঅ’ দেখিলোঁ। যিটো সাত মাহ পূৰ্বে স্কাই নিউজ অষ্ট্ৰেলিয়াৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা হৈছিল। ইয়াত আমি ভাইৰেল ভিডিঅ’টোৰ মূল সংস্কৰণটো দেখিলোঁ। তাৰ তলত কেপচনত লিখা আছিল যে তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত ৪৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ভিডিঅ’টোত টিভিৰ এংকৰে আনুষংগিক তথ্য দিয়া দেখা গৈছে। লগতে তুৰস্কৰ ৰাষ্ট্ৰপতি এৰদোগান, তাত থকা বিষয়া আৰু সাংবাদিকসকলে ভূমিকম্পৰ সৈতে জড়িত ক্ষতি আৰু পৰিস্থিতিৰ বিষয়ে তথ্য দি আছে।

দ্য ছানত একেটা ভিডিঅ’কে সাত মাহৰ আগতে আপলোড কৰা দেখা গৈছে।

এই ভিডিঅ’টো সাত মাহৰ আগতেই কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰি প্ৰচাৰ কৰিছিল । এই ভিডিঅ’টো সেই সময়ৰ যেতিয়া তুৰস্ক আৰু ছিৰিয়াত এটা ভয়াৱহ ভূমিকম্প হৈছিল যাৰ প্ৰাবল্য আছিল ৭.৮।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো এটা মিছা দাবীৰে বিয়পাই দিয়া হৈছে। এই ভিডিঅ’টোৰ শেহতীয়া দিল্লীৰ ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত দেখা পোৱা দৃশ্যবোৰ শেহতীয়াকৈ দিল্লী এনচিআৰত হোৱা ভূমিকম্পৰ নহয়। এয়া সাত মাহ পূৰ্বৰ তুৰস্কৰ ভূমিকম্পৰ দৃশ্য হে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:দিল্লী এনচিআৰৰ ভূমিকম্প বুলি তুৰস্কৰ পুৰণি দৃশ্য ভাইৰেল কৰা হৈছে।

Written By: Pranjal Sharma

Result: False