
শেহতীয়াভাৱে মৰক্কোত ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ভুৱা খবৰ, ভুল তথ্য, বিভ্ৰান্তিকৰ ফটো, ভিডিঅ’ আদি ভাইৰেল হৈ পৰিছে। অসমতো যোৱা দুটা দিনত এটা ভিডিঅ’ মানুহৰ হোৱাটছএপত বিয়পি কৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে মৰক্কোৰ ভূমিকম্পৰ ফলত এটা অট্টালিকা খহি পৰিছে। সেই ভিডিঅ’টো আমাৰ দৃষ্টিগোচৰ হৈছে।

তদুপৰি আমি সেই ভিডিঅ’টো এক্স(পূৰ্বৰ টুইটাৰত)তো প্ৰচাৰিত হোৱা দেখিলোঁ
কিন্তু এই দাবীটো সত্য হয়নে? সঁচাকৈয়ে সেইটো মৰক্কোৰ ভূমিকম্পৰ দৃশ্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ পৰা ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। আমি তুৰস্কৰ আডানাচিটী নামৰ হেণ্ডেলটোৱে ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত টুইটাৰত আপলোড কৰা একেটা ভিডিঅ’ পালোঁ য’ত লিখা আছিল “আদানাৰ চুকুৰোভা জিলাত গুণ্ডোগডু কলেজৰ বিপৰীতে থকা কুবিলাই এপাৰ্টমেণ্ট বিল্ডিংটো, যাৰ আধা অংশ দ্বিতীয় ভূমিকম্পত ধ্বংস হৈছিল, নিয়ন্ত্ৰিতভাৱে ভাঙি পেলোৱা হৈছিল” (তুৰ্কী ভাষাৰ পৰা অনুবাদ কৰা হৈছে)
ইয়াৰ পৰা বুজা যায় যে এই ঘটনাটো প্ৰায় সাত মাহ পূৰ্বে সংঘটিত হৈছিল আৰু সেয়েহে এই ভিডিঅ’টোৰ মৰক্কোৰ বৰ্তমানৰ অৱস্থাৰ সৈতে সম্পৰ্ক থাকিব নোৱাৰে।
অধিক অনুসন্ধানত আমি এই ঘটনাৰ বিষয়ে কিছু সংবাদ মাধ্যমৰ বাতৰি পাইছিলোঁ। ফেব্ৰুৱাৰী মাহত সমগ্ৰ তুৰস্ক আৰু ছিৰিয়াত ধাৰাবাহিকভাৱে হোৱা ভূমিকম্পত ৫০ হাজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল।
তুৰস্কৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি তুৰস্কৰ আডানাৰ কুকুৰোভা জিলাৰ কুবিলাই এপাৰ্টমেণ্টটো ভূমিকম্পৰ ফলত ধ্বংস হোৱাৰ পিছত নিয়ন্ত্ৰিতভাৱে ভাঙি পেলোৱা হয়।
বাতৰি অনুসৰি কুবিলাই এপাৰ্টমেণ্ট বিল্ডিং, আডানাৰ চুকুৰোভা জিলাৰ হুজুৰেভলেৰী উপকণ্ঠ অঞ্চলৰ টুৰ্গুট অজাল বলিভাৰ্ডত অৱস্থিত আছিল। যিহেতু কেৱল আদানাতে প্ৰায় ৩৭৮ জন লোকৰ মৃত্যু হোৱা ভূমিকম্পত গঠনটো আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল, সেইবাবে কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত অট্টালিকাটো নিয়ন্ত্ৰিতভাৱে ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে নিয়ন্ত্ৰিতভাৱে অট্টালিকাটো ভাঙি পেলোৱাৰ সাক্ষী হ’বলৈ শ শ লোকে ভিৰ কৰিছিল তাত আৰু ওচৰৰ শ্মশান এখনৰ পৰা লোকসকলে নিৰাপদ দূৰত্বত থাকি সেই কাম চাই আছিল।
তলত আপোনালোকে কুবিলাই এপাৰ্টমেণ্ট বিল্ডিং নিয়ন্ত্ৰিতভাৱে ভাঙি পেলোৱাৰ এক প্ৰতিবেদনৰ পৰা লোৱা এটা Screenshot চাব পাৰিব।

ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তুৰস্কত হোৱা ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এটা অট্টালিকা নিয়ন্ত্ৰিতভাৱে ভাঙি পেলোৱাৰ দৃশ্য।এইটো শেহতীয়াকৈ মৰক্কোত হোৱা ভূমিকম্পৰ সৈতে সম্পৰ্কিত নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: মৰক্কোৰ ভূমিকম্পৰ বুলি তুৰস্কৰ অট্টালিকাৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।
Written By: Pranjal SharmaResult: False
