
শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা মৃত শৰীৰৰ মুখমণ্ডল স্পৰ্শ কৰি কান্দোনত ভাঙি কৰিছে এগৰাকী ডাক্তৰ আৰু অস্ত্ৰোপচাৰ কক্ষৰ পৰা তেওঁ প্ৰস্থান কৰিছে। সেই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে অতি শেহতীয়াকৈ কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেম কৰা ডাক্তৰগৰাকীয়েও শোকত ভাঙি পৰিছে আৰু হুকহুকাই কান্দিছে।
কিন্তু এই দাবী সত্য হয়নে?
ভিডিঅ’ৰ সত্যাসত্য সম্পৰ্কত সন্দেহ হোৱাত আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ফেচবুক আৰু টিকটকৰ দুটামান লিংক লাভ কৰিলোঁ।
তাৰে এটাৰ বাহিৰে আন দুটা ফেচবুক লিংকত বৰ্তমান সেই ভিডিঅ’টো উপলব্ধ হৈ নাই। কিন্তু যোৱা ১০ জুলাইত অৰ্থাত কলকাতা ধৰ্ষণ-হত্যাকাণ্ড পোহৰলৈ অহাৰ প্ৰায় এমাহ আগতেই ইণ্ডোনেছিয়াৰ Agustina নামৰ এটা ফেচবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰা এটা পোষ্টত একেটা ভিডিঅ’ আমি লাভ কৰিলোঁ। ভিডিঅ’টোৰ কেপছনত ইণ্ডোনেছিয়ান ভাষাত লিখা আছিল-Melahirkan memang mentaruhan yawa.Yallah sehat kn kita semua yallah. যাৰ অসমীয়া ভাবানুবাদ- জন্ম দিয়াটোৱেই জীৱনৰ এক জুৱা, হে’ আল্লা, আমি সকলো সুস্থনে?
আমি সেই ভিডিঅ’টো ফেচবুকত আপলোড কৰা Hestly Rahmawati নামৰ মূল একাউণ্টটো পৰীক্ষা কৰি দেখিলোঁ যে সেই ভিডিঅ’টো সেই একাউণ্টটোত তাৰো দুদিন আগত অৰ্থাত ৮জুলাইত আপলোড কৰা হৈছিল। তাত মালাই ভাষাত কেপছন লিখা হৈছে-melahirkan itu emg taruhan nyawa, ya allah sehat2 kita semua। ইয়াৰ অসমীয়া ভাবানুবাদ হৈছে-জন্ম দিয়াটো জীৱনৰ বাজি, হে ভগৱান আমি সকলোৱে সুস্থ।
https://www.facebook.com/reel/849812593147431
ইণ্ডোনেছিয়াৰ পৰা আপলোড কৰি শ্বেয়াৰ কৰা এই ভিডিঅ’টোৰ গাত মালাই ভাষাত লিখা আছিল-kehendak tuhan ih yg berlaku, dokter haniyala manusia biasa। অসমীয়াত ইয়াৰ ভাবানুবাদ হৈছে- সকলো ঈশ্বৰৰে ইচ্ছা, ডাক্তৰো সাধাৰণ মানুহ হে!
অসমৰ পৰা শ্বেয়াৰ ভিডিঅ’টোত তথা ইণ্ডোনেছিয়াৰ পৰা আপলোড কৰা একেটা ভিডিঅ’তে আমি টিকটকৰ ল’গো এটা দেখিলোঁ। ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰোতেও আমি টিকটৰ লিংক এটা লাভ কৰিছিলোঁ যদিও যিহেতু আমাৰ দেশত টিকটক নিষিদ্ধ, গতিকে আমি ফেক্ট ক্ৰেছেণ্ডোৰ কম্বোডিয়াৰ সতীৰ্থ গৱেষক সাংবাদিকৰ সহায়ত টিকটৰ সেই মূল ভিডিঅ’টোৰ সন্ধান কৰিলোঁ। তেতিয়া আমি টিকটকত আপলোড কৰা মূল ভিডিঅ’টো পালোঁ আৰু তাৰ স্ক্ৰীণশ্বট আৰু স্ক্ৰীণ ৰেকৰ্ডিং লাভ কৰিলোঁ।
তলত টিকটকত আপলোড কৰা সেই ভিডিঅ’টোৰ আমি আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰিব।
তাত একাধিক ব্যৱহাৰকাৰীয়ে কমেণ্ট কৰা দেখা গৈছে। য’ত উল্লেখ কৰা হৈছে যে ডাক্তৰো মানুহ।
ভিডিঅ’টো একাধিকবাৰ পৰীক্ষা কৰি তথা বিভিন্ন কেপছন অধ্যয়ন কৰি আমি অনুমান কৰিছোঁ যে কোনো এটি শিশুৰ মৃত্যুত হয়তো এইদৰে এগৰাকী ডাক্তৰ শোকবিহ্বল হৈ চকুলো টুকি অস্ত্ৰোপচাৰ কক্ষ ত্যাগ কৰিছিল।
ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ যে এই ভিডিঅ’টো কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ প্ৰায় এমাহ পূৰ্বেই ইণ্ডোনেছিয়াৰ পৰা সামাজিক মাধ্যমত আপলোড কৰা হৈছিল। তদুপৰি কলকাতা কাণ্ডৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেমৰ সময়ত ডাক্তৰজনে এইদৰে কান্দি দিয়া বুলি এই ভিডিঅ’টোক কেন্দ্ৰ কৰি ভাৰতৰ কোনো সংবাদ মাধ্যমে কোনোধৰণৰ বাতৰি প্ৰকাশ বা সম্প্ৰচাৰ কৰিছে নেকি, তাৰো সন্ধান আমি কৰিলোঁ । কিন্তু তেনেকুৱা কোনো বাতৰি আমি লাভ নকৰিলোঁ। ইয়াৰ দ্বাৰাই আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে অসমৰ ফেচবুক ব্য়ৱহাৰকাৰীয়ে ভিডিঅ’টো ব্যৱহাৰ কৰি পোষ্টমোৰ্টেম কৰা ডাক্তৰজনেও হুকহুকাই কন্দা বুলি কৰা দাবীটো মিছা। এই ভিডিঅ’টোৰ কলকাতাৰ অতি শেহতীয়া ধৰ্ষণ-হত্যাকাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।এই ভিডিঅ’টো কলকাতাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ প্ৰায় এমাহ পূৰ্বেই ইণ্ডোনেছিয়াৰ সামাজিক মাধ্যমত প্ৰচাৰ হৈ গৈছে। এই ভিডিঅ’টোৰ কলকাতাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ইন্দোনেছিয়াৰ এমাহ পুৰণি ভিডিঅ’ এটাক কলকাতাৰ ধৰ্ষণ-হত্যাৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেম কৰা সময়ৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
