
ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ নিশ্চিত হোৱাৰ পাছৰেপৰা ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীক কটাক্ষ কৰি বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে।
ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,
“বৰ্তমান পৰিৱেশ টোৱে ৰাজনীতিৰ হয়। গতিকে যিফালে চাওঁ ৰাজনীতিৰে কথা। কালি দেখিলো আমেঠীত স্মৃতি ইৰাণীৰ লগত প্ৰতিযোগিতা কৰি ২০১৯ পৰাস্ত হোৱা ৰাহুল গান্ধীয়ে বায়নাদৰ পৰা এইবছৰ খেলিবলৈ উঠিছিল। কিন্তু যোৱাকালি স্মৃতি ইৰাণীক বায়নাদত দেখাৰ লগে লগে ৰাহুল গান্ধী বায়নাদৰ পৰা নিজৰ নাম উঠাই ল’লে। তাৰপিছত টুইটাৰত ট্ৰেণ্ডিং হৈ আছে ” भाग पप्पू भाग” বুলি। 😃😃😃
ইমান ডাঙৰ ডাঙৰ লেকচাৰ মৰা মানুহ জন, প্ৰধানমন্ত্ৰী হবলৈ প্ৰতিযোগিতা কৰা মানুহ জনে মোদী জীৰ মুখামুখিটো দুৰৰ কথা মোদী জীৰ মন্ত্রী সকলোক দেখিয়ে পলাই। কি যে হব? চামচাই এইবোৰ কেতিয়া বুজিব? 😃😃😃”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৪ চনৰ ৪ মে’ত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত উল্লেখ কৰা যে ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ প্ৰকাশ হোৱাৰ পাছতে কেৰেলাৰ বিজেপি আৰু বামপন্থী দলসমূহে তীব্ৰ সমালোচনা কৰিছে। কিন্তু ৱায়ানাডৰ জনতাই কৈছে যে দুয়োখন আসনত জয়ী হ’লেও ৰাহুল গান্ধীয়ে ৱায়ানাডৰ আসন এৰি নিদিয়ে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৱায়ানাডৰ জনতাই যোৱা ২৬ এপ্ৰিল তাৰিখে ভোটদান কৰিছিল। কিন্তু ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি ক’তো উল্লেখ কৰা হোৱা নাছিল, বৰং ৰাহুল গান্ধীয়ে ৱায়ানাডৰ লগতে ৰায়বৰেলী সমষ্টিৰ পৰাও প্ৰতিদ্বন্দিতা কৰিব বুলিহে উল্লেখ কৰা হৈছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
উল্লেখযোগ্য যে ৱায়ানাড সমষ্টি হ’ল কেৰেলাৰ ২০ খন আসনৰ এখন আৰু যোৱা ২৬ এপ্ৰিলত তাত ভোটগ্ৰহণ (দ্বিতীয় পৰ্যায়) অনুষ্ঠিত হৈছিল। ৰাহুল গান্ধীয়ে যোৱা ৩ এপ্ৰিলত ৱায়ানাডত মনোনয়ন দাখিল কৰিছিল।
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ আছিল ৮ এপ্ৰিল ২০২৪। Archived Link
অন্তিম তাৰিখৰ পাছত কৰা যিকোনো মনোনয়ন প্ৰত্যাহাৰৰ কোনো বৈধতা নাথাকে। গতিকে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছত মনোনয়ন প্ৰত্যাহাৰ কৰিব পৰা নাযায়।
উল্লেখযোগ্য যে কোনো প্ৰাৰ্থীয়ে যদি প্ৰতিদ্বন্দিতা কৰা দুয়োখন আসনত জয়লাভ কৰে, তেতিয়া এখন আসনৰ পৰা পদত্যাগ কৰিব লাগে আৰু তাৰ পাছত সেই আসনৰ বাবে উপ নিৰ্বাচন (bypoll) অনুষ্ঠিত হয়। Archived Link
কংগ্ৰেছ দলে যোৱা ৩ মে’ত এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰে যে ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে আৰু আমেঠীৰ পৰা কিশোৰী লাল শৰ্মাই প্ৰতিদ্বন্দিতা কৰিব।

এই সম্পৰ্কে ৰাহুল গান্ধীয়ে নিজৰ অফিচিয়েল এক্সত যোৱা ৩ মে’ত এটা টুইটো কৰিছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। ৱায়ানাডৰ ভোটগ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে। ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ লগতে ৰায়বৰেলী সমষ্টিটো মনোনয়ন দাখিল কৰিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। দাবীটো ভুৱা।
Fact Check By: Debanjana BaishyaResult: False
