অহা ২২ জানুৱাৰী ২০২৪ত অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰত ভগবান শ্ৰীৰামৰ প্ৰাণ প্ৰতিস্থাৰ দিন ধাৰ্য কৰা হৈছে। তেনে প্ৰেক্ষাপটত দেশৰ লগতে অসমতো বিভিন্ন ধৰণৰ সত্য আৰু অসত্য বাৰ্তা সামাজিক মাধ্যমত বিয়পি পৰিছে। শেহতীয়াকৈ ৰাম মন্দিৰটো ধ্বংসপ্ৰাপ্ত বাবৰি মছজিদৰ প্ৰস্তাৱিত স্থানতকৈ ৩/৪ কিলোমিটাৰ আঁতৰত নিৰ্মান কৰা হৈছে বুলি দাবী কৰি বিভিন্ন ফটো আৰু ভিডিঅ’ বিয়পি পৰিছে। একাধিক বিৰোধী নেতাই মন্তব্যৰে এই কথা প্ৰচাৰ কৰাৰ লগতে একাংশই গুগল মেপৰ কিছুমান স্ক্ৰীণশ্বট লৈ এই কথা দাবী কৰিছে। তেওঁলোকৰ সামাজিক মাধ্যমৰ পোষ্টত দাবী কৰা হৈছে যে যিটো স্থানত বাবৰি মছজিদ আছিল আৰু য’ত ৰাম মন্দিৰটো নিৰ্মান কৰাৰ কথা আছিল, তাত নকৰি তাৰ পৰা ৩/৪ কিলোমিটাৰ আঁতৰত হে নতুন ৰাম মন্দিৰ নিৰ্মান কৰা হৈছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়েও গুগল মেপৰ স্ক্ৰীণশ্বট লৈ তেনেকুৱা এটা পোষ্ট দিছে। তাত দীঘলীয়াকৈ তেখেতে লিখি দাবী কৰিছে যে নিৰ্দিষ্ট স্থানত ৰাম মন্দিৰ নিৰ্মান হোৱা নাই।

Facebook LinkArchived Link

শিৱসেনাৰ নেতা সঞ্জয় ৰাওতেও নিজৰ মন্তব্যত এই কথা উল্লেখ কৰা এটা এক্স পোষ্ট আমি লাভ কৰিলোঁ।

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি গুগল মেপত স্ক্ৰীণশ্বটৰ সেই স্থানটো বিচাৰিলোঁ। স্ক্ৰীণশ্বটটো ভালদৰে চালে বুজিব যে মছজিদৰ নাম বাবৰি নহয়, বাবৰ মছজিদ বুলি লিখা হৈছে। গুগল মেপত বাবৰ মছজিদ পৰীক্ষা কৰোঁতে শ্ৰী সীতাৰাম বিৰলা মন্দিৰ পালোঁ। কোনোবাই এই মন্দিৰৰ কাষৰ বাবৰি মছজিদৰ ফটো এখন বাবৰ মছজিদ বুলি সংলগ্ন কৰি দিছে।

কিন্তু শ্ৰী ৰাম জন্মভূমি ইয়াত নাই। এই ঠাইৰ পৰা ৭৫০ কিলোমিটাৰ নিলগত শ্ৰী ৰামজন্মভূমি মন্দিৰ। তলৰ গুগল আৰ্থৰ স্ক্ৰীণশ্বটে এই কথা স্পষ্ট কৰি দিয়ে।

আমি Google Earth Pro ব্যৱহাৰ কৰি ৰামজন্মভূমি মন্দিৰৰ পুৰণি উপগ্ৰহৰ ছবি পৰীক্ষা কৰিলোঁ। আমাৰ হাতত থকা আটাইতকৈ পুৰণি ছবিখন ২০১১ চনৰ। এই ছবিখন তলত চাব পাৰিব।

অনলাইন চাৰ্চৰ জৰিয়তে আমি বাবৰি মছজিদ ভাঙি পেলোৱাৰ আগতে লোৱা কিছুমান ভিডিঅ’ আৰু ফটো পাইছিলোঁ। ১৯৯২ চনত দ্য আইৱিটনেছে বাবৰি মছজিদৰ কভাৰেজৰ ভিডিঅ’ ইউটিউবত আছে।

এই ভিডিঅ'টোত মছজিদ ধ্বংস হোৱাৰ পিছত আমি উল্লিখিত ভূমিখিনিৰ ওচৰত এটা গাঁত দেখিবলৈ পাওঁ। ২০১১ চনৰ পৰা ২০২০ চনলৈ ৰাম জন্মভূমি মন্দিৰৰ উপগ্ৰহৰ ছবিত আমি এই গাঁতটো স্পষ্টকৈ দেখা পাওঁ।

ওপৰৰ বৃত্তটোত আমি ভিডিঅ’টোত দেখা গাঁতটোৰ ছবিখন দেখিবলৈ পাওঁ। ২০১১ চনৰ উপগ্ৰহৰ ছবিখনত এই গাঁতটো স্পষ্টকৈ দেখা যায়। এই গাঁতৰ ঠিক সন্মুখতে ৰখা হৈছে ৰাম লল্লাৰ মূৰ্তি। তলত ২০১১ চনৰ পৰা ২০২৩ চনলৈকে এটা টাইম লেপছ ভিডিঅ’ দিয়া হ’ল। ৰাম মন্দিৰ নিৰ্মাণ আৰম্ভ নোহোৱালৈকে আমি এই গাঁতটো দেখিবলৈ পাওঁ। বুজা গৈছে যে ২০২০ চনৰ অক্টোবৰ মাহৰ পৰা মন্দিৰৰ কাম আৰম্ভ হৈছিল।

বাবৰি মছজিদৰ পুৰণি ছবি এখনো আমি এটা লেখাত পাইছিলোঁ। এই ছবিখনত আমি মছজিদ আৰু ইয়াৰ চাৰিওফালৰ বহু ঠাই দেখিবলৈ পাওঁ।

সেই লেখাটো ইয়াত পঢ়ক Archived Link

এই ছবিখন ২০১১ চনৰ উপগ্ৰহৰ ছবিখনৰ সৈতে তুলনা কৰিলে আমি দেখিবলৈ পাম যে মন্দিৰটো নিৰ্মাণ কৰা ঠাইখনেই গীৰ্জাঘৰটো থিয় হৈ থকা ভূমি।

ওপৰৰ তুলনাত্মত ছবিত আমি প্ৰৱেশদ্বাৰৰ ওচৰৰ প্ৰথমতে অট্টালিকাটো দেখা পাওঁ। ৩ নং অট্টালিকা, বাবৰি মছজিদ। প্ৰৱেশদ্বাৰৰ ওচৰৰ গঠনবোৰ ৰঙা ৰঙেৰে বৃত্তাকাৰ কৰা হৈছে। ৪ নং সীতা ৰসোই নামৰ এটা অট্টালিকা।

লগতে আমি অযোধ্যাৰ স্থানীয় সাংবাদিক বনবীৰৰ সৈতে কথা পাতিলোঁ, তেওঁ আমাক জনাইছিল যে বিবাদ হোৱা ঠাইতে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। মানচিত্ৰত ‘বাবৰ মছজিদ’ বুলি চিহ্নিত কৰা ঠাইখন হৈছে ৰহমানীয়া নামৰ সৰু পৰিত্যক্ত দৰগাহ। তেওঁ কয় যে কোনোবাই বাবৰি মছজিদৰ ছবিখন আপডেট কৰি গুগল মেপত নাম সলনি কৰিছিল, যাৰ বাবে সন্দেহৰ সৃষ্টি হৈছিল।

তদুপৰি যোৱা ১৪ জানুৱাৰীৰ পৰা অহা ২৪ মাৰ্চলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিস্থা উপলক্ষে আয়োজন কৰা ৭০ দিনীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ হৈ অংশগ্ৰহণ কৰা সংস্কাৰ ভাৰতীৰ ৰাজ্যিক যুটীয়া সাধাৰণ সম্পাদক তথা ২০২২ চনৰ ওস্তাদ বিচমিল্লঅ খাঁ বঁটা প্ৰাপক পৰিচালক হিমাংশু শৰ্মাই আমাক জানিবলৈ দিয়ে ৰাম মন্দিৰ নিৰ্দিষ্ট স্থানতেই নিৰ্মান কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ৰায় সাপেক্ষে যি স্থানত মন্দিৰ নিৰ্মান কৰাৰ কথা আছিল,সেই স্থানৰ পৰা এক বিন্দুও লৰচৰ নকৰাকৈ নিৰ্মান কৰা হৈছে ৰাম মন্দিৰ। তেওঁ তদুপৰি ইয়াকো কয় যে অহা ২২ জানুৱাৰীত হ'বলগীয়া প্ৰাণ প্ৰতিস্থাৰ মংগলাচৰণত অসমৰ ডবা বজোৱা হ'ব। লগতে অসমৰ দিহানাম তথ গায়ন-বায়নেও অংশ গ্ৰহণ কৰিব।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাম মন্দিৰ নিৰ্ধাৰিত স্থানতকৈ ৩/৪ কিলোমিটাৰ আঁতৰত নিৰ্মান কৰা বুলি কৰা দাবীটো মিছা।

Written By: Pranjal Sharma

Result: False