শেহতীয়াকৈ অসমত Explore Assam নামৰ এটা ফেচবুক পোষ্টৰ পৰা এটা সংবাদ পৰিবেশন কৰা হৈছে যে অহা ৩১ ডিচেম্বৰৰ পূৰ্বে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলে নিজৰ বায়’মেট্ৰিক আপডেট নকৰিলে আগন্তুক ১ জানুৱাৰীৰ পৰা চিলিণ্ডাৰ কিনিব নোৱাৰিব। সেই বাতৰিৰ ভিডিঅ’টো বহুলভাৱে প্ৰচাৰিত হোৱাত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে।

পেজটোত কোৱা হৈছে ৩১ ডিচেম্বৰৰ আগতে ৰন্ধন গেছ চিলিণ্ডাৰৰ বায়’মেট্ৰিক আপডেট নকৰিলে বিপদত পৰিব পাৰে গ্ৰাহকসকল। গ্ৰাফিক্সৰ জৰিয়তে কেইটামন তথ্য তেওঁলোকে দিছে। প্ৰথমতেই কৈছে যে -৩১ ডিচেম্বৰৰ আগতেই কৰক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বায়’মেট্ৰিক আপডেট।

ইয়াৰ পাছত কৈছে-নকৰিলে ১ জানুৱাৰীৰ পিছতে কিনিব নোৱাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ

তাৰ পাছতেই কৈছে- কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছক লৈ জাৰি কৰিছে নতুন নিয়ম।

এই বাতৰি প্ৰচাৰ হোৱাৰ পাছত একাংশ গ্ৰাহকৰ মাজত হাহাকাৰ লগা দেখা গৈছে।

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বায়’মেট্ৰিক আপডেট কৰা সম্পৰ্কত শেহতীয়া কি খবৰ আছে, সেয়া জানিবলৈ চেষ্টা কৰিলোঁ। আমি জানিব পাৰিলোঁ যে কেন্দ্ৰীয় চৰকাৰে উজ্জ্বলা আঁচনিৰ অধিনৰ গ্ৰাহক আৰু অইন ৰাজ সাহাৰ্যপ্ৰাপক গ্ৰাহকসকলৰ নিৰাপদ ৰাজসাহাৰ্য প্ৰাপ্তি সুনিশ্চিত কৰিবলৈ শীঘ্ৰেই বায়’মেট্ৰিক আপডেট কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে প্ৰকাশিত খবৰ অনুসৰি সেই কাম চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ পূৰ্বে শেষ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দিহা কৰা হৈছিল।

এই খবৰ চেগা চেৰেকাকৈ প্ৰচাৰ হোৱাৰ পাছত দেশৰ কিছু কিছু প্ৰান্তত কিছুসংখ্যক গ্ৰাহকৰ মাজত হাহাকাৰ লাগিল। বহুতেই গেছ এজেঞ্চিসমুহত নিজৰ বায়’মেট্ৰিক আপডেট কৰিবলৈ শাৰী পাতিবলৈ আৰম্ভ কৰিলে। অসমৰ বাহিৰৰ কলকাতা আদি প্ৰান্তত এইধৰণৰ এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বাতৰিও দেশৰ আগশাৰীৰ সংবাদ প্ৰতিস্থানত প্ৰকাশ হোৱা দেখা গৈছিল।

ইয়াৰ পাছত স্পষ্ট হৈ পৰিল যে বায়’মেট্ৰিক আপডেট কৰাৰ বাবে গ্ৰাহকসকলে চিন্তিত হোৱাৰ প্ৰয়োজন নাই। যিসকল ডেলিভাৰী বয় অথবা ব্যক্তিয়ে ঘৰে ঘৰে চিলিণ্ডাৰসমুহ যোগান ধৰে, তেওঁলোকেই মোবাইল এপৰ জৰিয়তে গ্ৰাহকৰ মুখ আৰু হাতৰ চাব লৈ বায়’মেট্ৰিক আপডেট কৰিব।সেই বাতৰিও প্ৰকাশ হৈছিল।

আমি তথ্য সংগ্ৰহ কৰি জানিব পাৰিলোঁ যে এই প্ৰক্ৰিয়া কেৱল গ্ৰাহকসকল ৰাজসাহাৰ্য প্ৰাপ্তিৰ বাবে প্ৰদান কৰা আধাৰ কাৰ্ডৰ সত্যতা সুনিশ্চিত কৰিবলৈ হে কৰা হৈছে। ইয়াৰ ব্যতিৰেকে ৰাজসাহাৰ্য কৰ্তন অথবা গেছৰ সংযোগ বিচ্ছিন্ন কৰাৰ দৰে কোনোধৰণৰ ব্যৱস্থা নাই। ইন্ধন বিক্ৰয় প্ৰতিস্থানৰ উচ্চ পদস্থ বিষয়াসকলে গ্ৰাহকসকলক এই প্ৰক্ৰিয়াৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনায়।

এইবাৰ আমি অসমৰ প্ৰেক্ষাপটত ইয়াৰ প্ৰভাৱ আৰু বাস্তৱিক প্ৰয়োগ সম্পৰ্কত জানিবলৈ শ্য়ামা গেছ এজেঞ্চীৰ বিষয়া হিৰোজ কুমাৰ ডেকাৰ সৈতে কথা পাতিলোঁ। তেখেতে আমাক জানিবলৈ দিলে যে অসমত এতিয়াও বহু গ্ৰাহকৰ আধাৰ কাৰ্ডেই সংযোজিত হোৱা নাই। বায়’মেট্ৰিক আপডেট কৰাৰ বাবে যি যন্ত্ৰৰ প্ৰয়োজন, সেয়া ইতিমধ্যে উপলব্ধ হৈছে যদিও তাক এতিয়াও কাৰ্যতঃ ৰূপায়ন কৰিব পৰা হোৱা নাই। তদুপৰি অহা ৩১ ডিচেম্বৰৰ ভিতৰত ইয়াক আপডেট নকৰিলে ৰাজসাহাৰ্য কৰ্তন কৰা অথবা গেছৰ সংযোগ বিচ্ছিন্ন কৰা আদি কোনো ধৰণৰ নিৰ্দেশ নাই। কিছুসংখ্যক গ্ৰাহকৰ ওচৰলৈ মেছেজ গৈছে যদিও হাতে কামে সেই কৰ্ম সম্পাদন কৰিব পৰা অৱস্থা এতিয়াও হৈ উঠা নাই। নিশ্চিতভাৱে অতি শীঘ্ৰেই অসমৰ ঘৰুৱা চিলিণ্ডাৰৰ গ্ৰাহকসকল তথা বিশেষকৈ উজ্জ্বলা আঁচনিৰ অধীনৰ গ্ৰাহকসকলৰ বায়’মেট্ৰিক আপডেট কৰা হ’ব। ইয়াৰ ফলত গ্ৰাহকসকলে নিয়মিত ৰাজসাহাৰ্য লাভ কৰাৰ ক্ষেত্ৰত হোৱা কাৰিকৰী অসুবিধাসমুহৰ সমাধান হ’ব বুলি আশা কৰিব পাৰি।

গতিকে এইখিনি তথ্যৰ পৰা এটা কথা নিশ্চিত হৈ পৰিল যে ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলে ৩১ ডিচেম্বৰৰ পূৰ্বে নিজৰ বায়’মেট্ৰিক আপডেট নকৰিলে ১ জানুবাৰী ২০২৪ৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব বুলি কৰা বাতৰিটো ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ। কেন্দ্ৰীয় চৰকাৰে ৰাজসাহাৰ্য প্ৰাপক গ্ৰাহকসকল তথা উজ্জ্বলা আঁচনিৰ অধীনৰ গ্ৰাহকসকলৰ নিৰাপদ আৰু সুচল ৰাজসাহাৰ্য প্ৰাপ্তিৰ বাবে সোনকালে বায়’মেট্ৰিক আপডেট কৰাৰ ব্যৱস্থা হাতত লৈছে। কিন্তু তাৰ বাবে ৩১ ডিচেম্বৰ ২০২৩ তাৰিখটো শেষ সীমা হিচাপে ধাৰ্য নাই কৰা। অসমত এই কাম লাহে লাহে আৰম্ভ হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহক আৰু উজ্জ্বলা আঁচনিৰ অধীনৰ গ্ৰাহকৰ ৰাজসাহাৰ্য প্ৰাপ্তিৰ নিৰাপদ আৰু সুচল ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে বায়’মেট্ৰিক আপডেট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাটো সত্য যদিও ৩১ ডিচেম্বৰ ইয়াৰ শেষ সীমা বুলি ধাৰ্য কৰা নাই আৰু ১ জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব বুলি কোৱা কথাটো সত্য নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে সঁচাকৈ ১জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি? সত্যটো কি জানো আহক।

Written By: Pranjal Sharma

Result: Misleading