ইজৰাইল-পেলেষ্টাইনৰ সংঘাত এতিয়াও শান্ত হোৱা নাই। নিতৌ নতুন ভুল তথ্য সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে অসমৰ হোৱাটছএপত। দাবী কৰা হৈছে যে সেই দৃশ্যটো গাজাৰ আল শ্বিফা হাস্পতালত ইজৰাইলীয়ে কৰা গুলীবৰ্ষণৰ দৃশ্য। আমাৰ 24*7 ফেক্টলাইন নম্বৰলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দৃশ্যটো সত্য হয়নে নহয় জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

Archived Link

Please link archive

সেই ভিডিঅ’টো এক্স(পূৰ্বৰ টুইটাৰ)তো ভাইৰেল কৰা আমাৰ নজৰত পৰিল।

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো ভালদৰে পৰ্যবেক্ষণ কৰি এক্স পোষ্টটোৰ তলত থকা কমেণ্টবোৰ চাই গম পালোঁ যে সেইটো ইজিপ্তৰ পুৰণি ভিডিঅ’। এই তথ্য ব্যৱহাৰ কৰি আমি এটা কী-ৱৰ্ড চাৰ্চ কৰিলোঁ। ফলত ইজিপ্তৰ বাতৰি সংস্থা ৰাছড নিউজ নেটৱৰ্ক (আৰএনএন)ৰ ইউটিউব চেনেলত একেটা ভিডিঅ’ৰ দীঘলীয়া আৰু স্পষ্ট সংস্কৰণটো পোৱা গ’ল। সেইটো ২০১৩ চনৰ ১৬ আগষ্টত আপলোড কৰা হৈছিল। আৰবী ভাষাত লিখা কেপছনটোৰ ভাবানুবাদ হৈছে “গণহত্যাৰ দিনা ৰাবা হাস্পতালত বন্দীসকলৰ ওপৰত প্ৰচণ্ড গুলীচালনা”।

ৰাবা হত্যাকাণ্ডক ইজিপ্তৰ অন্যতম মাৰাত্মক হত্যাকাণ্ড বুলি গণ্য কৰা হয়। ২০১৩ চনত দেশৰ প্ৰথমজন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ মৰ্চিক পুনৰ নিযুক্তিৰ দাবীত বৃহৎ প্ৰতিবাদ হৈছিল। ইজিপ্তৰ নিৰাপত্তা বাহিনীয়ে নাহদা আৰু ৰাবা আল আদাৱিয়া চৌহদত প্ৰয়াত ইছলামিক ৰাষ্ট্ৰপতি মহম্মদ মৰ্চিৰ সমৰ্থকৰ দুটা ধৰ্ণাকাৰী দল বলপূৰ্বকভাৱে ছত্ৰভংগ দিছিল, যিটো দিনক পিছলৈ দেশখনৰ আধুনিক ইতিহাসৰ অন্যতম ক’লা আৰু মাৰাত্মক দিন বুলি অভিহিত কৰা হৈছিল। প্ৰতিবাদৰ সময়ত তেতিয়া শ শ লোকক নিৰ্বিচাৰে হত্যা কৰা হৈছিল।

অধিক অনুসন্ধানত আমি এখন চিকিৎসালয়ত ধ্বংসলীলা আৰু বিশৃংখলতাৰ একেধৰণৰ ফুটেজ পালোঁ। আল জাজিৰাৰ “ৰাবাত হত্যাকাণ্ড” শীৰ্ষক এখন তথ্যচিত্ৰ ১৭আগষ্ট, ২০১৬ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল, য’ত বিভিন্ন জীৱিত লোক, চিকিৎসা কৰ্মী আৰু সাংবাদিকসকলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ বিভিন্ন দৃশ্য আছিল।

খবৰ অনুসৰি, ২০১৩ চনৰ ১৪ আগষ্টত কায়ৰোৰ ৰাবা আল-আদাৱিয়াত প্ৰতিবাদকাৰীক আক্ৰমণ কৰিবলৈ ইজিপ্তৰ বাহিনীয়ে অস্ত্ৰসজ্জিত বাহন, বুলডজাৰ, স্থল সেনা আৰু স্নাইপাৰ ব্যৱহাৰকাৰীয়ে সক্ৰিয় গোলাবাৰুদ কঢ়িয়াই আনিছিল।

হিউমেন ৰাইটছ ৱাচে চিনাক্ত মৃতদেহ, অচিনাক্ত মৃতদেহ আৰু নিৰুদ্দেশ হোৱা ব্যক্তিকে ধৰি ১০০০ৰো অধিক লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ইজিপ্তৰ ৰাবা হত্যাকাণ্ডৰ এটা পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ইয়াত গাজাৰ আল শ্বিফা চিকিৎসালয়ৰ দৃশ্য় দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি ভিডিঅ’কে গাজাৰ আল শ্বিফা হাস্পতালত হোৱা গুলীবৰ্ষণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে? সত্যটো জানক।

Written By: Pranjal Sharma

Result: False