
ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনে সমগ্ৰ বিশ্বকে এক প্ৰকাৰ জোকাৰি গৈছে। দেশে দেশে প্ৰতিক্ৰিয়া দেখা গৈছে। সমান্তৰালভাৱে সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে হামাছৰ এজন পেৰাগ্লাইডাৰে উচ্চ ক্ষমতাসম্পন্ন এটা বিদ্যুতৰ খুটাত খুন্দা মাৰি জ্বলি গৈছে।

ভিডিঅ’টোত দাবী কৰা হৈছে যে এজন পেৰাগ্লাইডাইডাৰ আহি এটা অতিকৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ খুটাত খুন্দা মাৰিছে আৰু নিমিশতে জুই লাগি গৈছে। ভিডিঅ’টো হোৱাটছএপত ভাইৰেল কৰি দাবী কৰিছে যে সেইজন হামাছৰ পেৰাগ্ৰাইডাৰ। হোৱাটছএপত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- আনলৈ বুলি হুল পুতি হামাছৰ পেৰাছুট মৰে নিজে ফুটি।
আমি ভি়ডিঅ’টো পৰীক্ষা কৰি তাত এটা @libaracrat বুলি লিখা ৱাটাৰমাৰ্ক দেখিলোঁ। সেই মৰ্মে এক্সত চাৰ্ছ কৰোতে এটা টুইটো পালোঁ। টুইটটোত লিখা আছিল- Watch as this member of Hamas (loses control?) & crashes his #paraglider straight into a high-voltage electric power line, which bursts into flames, immediately killing him. #Israel #Palestine #Gaza #Hamas #IsraelHamasWar #HamasIsraelWar #IsraelPalestineWar #PalestineIsraelWar
কিন্তু এই দাবীটো সত্য হয়নে? পেৰাগ্লাইডাৰজন হামাছৰ সদস্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ তাৰ এটা ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তাৰ ফলত ২০২৩ চনৰ ১৮ জুনত ইউটিউবত আপলোড কৰা একেধৰণৰ ভিডিঅ’ এটাও দেখা পালোঁ, য’ত লিখা আছিল, “পেৰাগ্লাইডাৰে হাই-ভল্টেজ ট্ৰেন্সমিছন লাইনত খুন্দা মাৰি জুই লগাইছিল”।
এই ইংগিতটোকে ব্যৱহাৰ কৰি আমি গুগলত কী-ৱৰ্ড চাৰ্চ কৰিলোঁ আৰু কোৰিয়াৰ এটা নিউজ আউটলেটত ১৬ জুন, ২০২৩ তাৰিখত প্ৰকাশিত এটা বাতৰি পালোঁ। জেজু অগ্নিনিৰ্বাপক আৰু সুৰক্ষা মুখ্য কাৰ্যালয়ৰ উদ্ধৃতিৰে প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে এগৰকী ৬০ বছৰীয়া ব্যক্তিক দক্ষিণ কোৰিয়াৰ ছিয়ংছান-ইউপ, ছিওগৱিপোৰ বিলত এটা উচ্চ ক্ষমতাসম্পন্ন খুটাত পেৰাগ্লাইডিং কৰি থকাৰ সময়তে মৃত্যু হয়। জেজুৰ ছিওপজিকোজি বিচ্চৰ সমীপত চালিত পেৰাগ্লাইডাৰত উৰি থকা লোকজন উচ্চ ক্ষমতাসম্পন্ন বিজুলীৰ তাঁৰত আবদ্ধ হৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুবৰণ কৰে। লগে লগে আহি পোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে বিদ্যুৎ কৰ্তন কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে জনায় যে উচ্চ ক্ষমতাসম্পন্ন তাঁৰবোৰৰ মাজেৰে প্ৰবল বিজুলী বৈ থকাৰ ফলত উদ্ধাৰকাৰী দলৰ বাবে অঞ্চলটোত প্ৰৱেশ কৰাত অসুবিধাৰ সৃষ্টি হয়।

অধিক অনুসন্ধানত আমি দেখিলোঁ যে কোৰিয়াৰ আন সংবাদ মাধ্যমেও সেই সময়ত একে তথ্য প্ৰকাশ কৰিছিল।

ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত পেৰাগ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা দৃশ্যটো ইজৰাইল-হামাছৰ সংঘাতৰ সৈতে সম্পৰ্কীত নহয়। এয়া দক্ষিণ কোৰিয়াৰ আৰু ২০২৩ চনৰ জুন মাহৰে এটা দুৰ্ঘটনাৰ দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:দক্ষিণ কোৰিয়াৰ পুৰণি ভিডিঅ’ হামাছৰ পেৰাগ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্থ হোৱা বুলি ভাইৰেল কৰা হৈছে।
Written By: Pranjal SharmaResult: False
