শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এখন স্ক্ৰীণশ্বটত লিখা হৈছে যে ২২ মে’ৰ পৰা ২৮মে’ৰ ভিতৰত সূৰ্য্যটো পৃথিৱীৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ অৱস্থান কৰি মুৰৰ ওপৰত থাকিব আৰু ই শৰীৰত ডিহাইড্ৰেছন বা জলহীনতাৰ সৃষ্টি কৰিব। ইয়াকে একুইনোক্স(Equinox) বা বিষুৱকাল বুলি কোৱা হয়। সেইবাবে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়া হৈছে মেছেজটোত।

সেই মেছেজটো যিমান পাৰে বেছিকৈ বিভিন্ন গ্ৰুপত শ্বেয়াৰ কৰাৰ আহ্বান কৰা হৈছে আৰু বিভিন্ন গ্ৰুপত বিভিন্ন লোকে শ্বেয়াৰ কৰি বিয়পায়ো দিছে।

Archived Link

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰি সেই কথা সঁচা নেকি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

Archived Link

তদুপৰি সেই একেটা স্ক্ৰীণশ্বট ব্যৱহাৰ কৰি ইউটিউৱতে একেই দাবী উত্থাপন কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি Equinox বা বিষুৱকাল নো কি, সেই সম্পৰ্কে জানিবলৈ নিৰ্দিষ্ট আৰু নিৰ্ভৰযোগ্য তথ্যৰ সন্ধান কৰিলোঁ। তেতিয়া আমি কিছুমান লিংক লাভ কৰিলোঁ। সেই তথ্য সমুহৰ পৰা আমি জানিব পাৰিলোঁ যে এই পৰিঘটনা বছৰটোৰ সাম্ভাব্য দুটা দিনত সংঘটিত হ’ব পাৰে। সেই দিন দুটাত সূৰ্য্য পৃথিৱীৰ সমবিষুৱিক স্থিতিত অৱস্থান কৰে। তেতিয়া সূৰ্য্য বিষুৱৰেখাৰ হুবহু ওপৰত থাকে আৰু দিন আৰু ৰাতি সমান দৈৰ্ঘ্যৰ হয়। লগতে আকাশৰ দুটা বিন্দুৰ যিকোনো এটাত গ্ৰহণ (সূৰ্য্যৰ বাৰ্ষিক পথ) আৰু আকাশী বিষুৱৰেখা ছেদ হয়। উত্তৰ গোলাৰ্ধত বসন্তৰ আৰম্ভণি হোৱা বসন্তকালীন বিষুৱকাল(vernal equinox) প্ৰায় ২১ মাৰ্চত হয়। তেতিয়া সূৰ্য্যই আকাশী বিষুৱৰেখাৰ ওপৰেৰে উত্তৰ দিশলৈ গতি কৰে। সূৰ্য্যই দক্ষিণলৈ গৈ আকাশী বিষুৱৰেখা অতিক্ৰম কৰাৰ লগে লগে শৰৎকালীন বিষুৱকাল(autumnal equinox) প্ৰায় ২৩ ছেপ্টেম্বৰত হয়। সেই সম্পৰ্কে অধিক তথ্য আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব।

তদুপৰি আমি ২০২২ চনত নাছাৰ দ্বাৰা প্ৰকাশ কৰা কিছু তথ্য সংগ্ৰহ কৰিলোঁ। তাৰ পৰা আমি জানিব পাৰিলোঁ যে আমাৰ গ্ৰহটোৰ দুবিধ ঋতু আছে? বতৰ বিজ্ঞানগত আৰু জ্যোতিৰ্বিজ্ঞানগত।

“বতৰ বিজ্ঞানগত ঋতু”সমূহ মাহৰ পিছত মাহ হিচাপত কেলেণ্ডাৰৰ পৰিৱৰ্তন অনুসৰি নিৰ্ধাৰিত হয়। ইয়াৰ ভিত্তি হৈছে বাৰ্ষিক উষ্ণতা চক্ৰৰ ওপৰত ঋতুভিত্তিক উষ্ণতাৰ তাৰতম্য, যিটো এবছৰৰ ভিতৰত পৃথিৱী পৃষ্ঠত পৰা সৌৰ বিকিৰণৰ পৰিমাণৰ উঠা-নমাৰ দ্বাৰা পৰিৱৰ্তিত হয়। উদাহৰণস্বৰূপে, বতৰ বিজ্ঞানগত ‘বসন্ত ঋতু’ প্ৰতি বছৰে ১ মাৰ্চৰ পৰা আৰম্ভ হয় আৰু ৩১ মে’ত শেষ হয়।

কিন্তু পৃথিৱীৰ অক্ষ হেলনীয়া হোৱাৰ বাবে আৰু সূৰ্য্যৰ চাৰিওফালে কক্ষপথত আমাৰ গ্ৰহটোৰ অৱস্থানৰ বাবেই “জ্যোতিৰ্বিজ্ঞানসন্মত” ঋতুবোৰ ঘটে। তাৰ ভিত্তিতেই বসন্ত বিষুৱকাল আৰু শৰৎকালীন বিষুৱকাল নিৰ্ধাৰিত হয়।

এই সন্দৰ্ভত অধিক তথ্য়ৰ সন্ধান কৰোতে আমি জানিব পাৰিলোঁ যে এই উৰাবাতৰিটো প্ৰায় ২০১৬ চন মানৰ পৰায়ে চেগাচেৰেকাকৈ বিয়পি আহিছে। এই সম্পৰ্কে বিভিন্ন লেখা আমি লাভ কৰিলোঁ। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছে ২০১৬ চনৰ ২৩ মাৰ্চত প্ৰকাশ কৰা লেখাৰ পৰা আমি সেই উৰা বাতৰিসম্পৰ্কত বিশেষজ্ঞই দিয়া মন্তব্য তথা সবিশেষ তথ্যও জানিব পাৰিলোঁ।

Archived Link

তদুপৰি টাইমছ অৱ ইণ্ডিয়াই ২০১৭চনতো সামাজিক মাধ্যমত ভাইৰেল হোৱা এই উৰাবাতৰি সম্পৰ্কত লেখা প্ৰকাশ কৰিছি। সেই লেখা আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব।

২০১৭ চনৰ অনুৰূপএটা লেখা ইয়াতো পঢ়িবলৈ পাৰিব।

ইয়াৰ পৰা আমি কেইটামান সিদ্ধান্তত উপনিত হওঁ যে ভাইৰেল হোৱা মেছেজটোৰ মতে ২২মে’ৰ পৰা ২৮মে’লৈ বিষুৱকাল বা Equinox নহয়। বিষুৱকাল বছৰৰ ২১ মাৰ্চ আৰু ২৩ চেপ্টেম্বৰত হে হয়। লগতে এই মেছেজটো এতিয়ায়ে নহয়, প্ৰায় ২০১৬ চন মানৰ পৰা সময়ে সময়ে গ্ৰীষ্মকালত ভাইৰেল হৈ আহিছে আৰু বিভিন্ন নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থানে এই কথাটো অসত্য বুলি বিশেষজ্ঞৰ মতামতসহ প্ৰকাশ কৰি আহিছে।

আমি এইক্ষেত্ৰত বিশেষজ্ঞৰ মতামত লোৱাৰ বাবে গুৱাহাটী প্লেনেট’ৰিয়ামৰ কিউৰেটৰ মহাকাশ বিজ্ঞানী বাবুল বৰাৰ সৈতে যোগাযোগ কৰিলোঁ। তেখেতৰ পৰা আমি এই সম্পৰ্কত জানিব বিচৰাত তেখেতে আমাক জনায় যে বিষুৱকাল বছৰৰ ২১ মাৰ্চ আৰু ২৩ চেপ্টেম্বৰত হে হয়। ২২মে’ৰ পৰা ২৮মে’লৈ বিষুৱকাল বা Equinox হোৱা কথাটো সত্য নহয়। লগতে তেখেতে ইয়াকো কয় যে অসম তথা গুৱাহাটী ২৬ডিগ্ৰী অক্ষাংশত অৱস্থিত হোৱা বাবে আমাৰ এই অঞ্চলত ইয়াৰ পোনপটীয়া প্ৰভাৱ নপৰে। আমি তেখেতৰ পৰা জানিব বিচাৰিছিলোঁ যে বিষুৱকালৰ সৈতে শৰীৰত ডিহাইড্ৰেছন বা জলহীনতা হোৱাৰ কোনো সম্পৰ্ক আছে নেকি। আমাৰ প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে Equinoxৰ লগত ডিহাইড্ৰেছনৰ সম্পৰ্ক থকা বুলি কোনো বৈজ্ঞানীক ভিত্তি নাই। গ্ৰীষ্মকালত সাধাৰণতে মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হৈ যোৱাৰ সম্ভাৱনা থাকে বাবে নিয়মিত প্ৰচুৰ পৰিমানে পানী খোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া হোৱা উচিত।

লগতে এইখিনিতে উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ যে কেৱল বিষুৱকালৰ সময়তে নহয়, বিশেষকৈ গ্ৰীষ্মকালত আন যিকোনো দিনতো সঠিক পৰিমানৰ পানীৰ পৰিমান শৰীৰত বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। অনুকূল স্বাস্থ্য আৰু সুস্থতা নিশ্চিত কৰিবলৈ শৰীৰটো পৰ্যাপ্ত পৰিমানৰ পানীৰে পূৰ্ণ হৈ থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও উল্লেখযোগ্য যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশৰ কেইবাটাও স্থানত গৰমৰ ঢৌৰ সৃষ্টি হোৱাৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। জনসাধাৰণক অতিমাত্ৰা উত্তাপৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

অনুসন্ধানত আমি লাভ কৰা একাধিক বৈজ্ঞানীক লেখা, বিভিন্ন নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থানৰ বাতৰি আৰু মাহাকাশ বিশেষজ্ঞ তথা গুৱাহাটী প্লেনেট’ৰীয়ামৰ কিউৰেটৰ বাবুল বৰাৰ ভাষ্যৰ পৰা এই সিদ্ধান্তত উপনিত হৈছোঁ যে ভাইৰেল হৈ পৰা মেছেজটো অসত্য। ২২ মে’ৰ পৰা ২৮ মে’লৈ বিষুৱকাল অথবা Equinox নহয়। লগতে বিষুৱকাল বা Equinoxৰ সৈতে শৰীৰ ডিহাইড্ৰেটেড হৈ যোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। গ্ৰীষ্মকালত শৰীৰত পানীৰ পৰিমান স্বাভাৱিকভাৱে কমি যায় বাবেই শৰীৰটোৰ সুস্থতাৰ বাবে পৰ্যাপ্ত পৰিমানৰ পানী খাই শৰীৰটো জিপাল কৰি ৰখাটো দৰকাৰী।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ২২মে’ৰ পৰা ২৮ মে’লৈ বিষুৱকাল বা Equinox নহয়। ২১ মাৰ্চ আৰু ২৩ চেপ্টেম্বৰত হে বিষুৱকাল হয়। বিষুৱকালৰ সৈতে শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ কোনো বৈজ্ঞানীক ভিত্তি নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২২মে’ৰ পৰা ২৮ মে’লৈ Equinox বা বিষুৱকাল নহয়। Equinox বা বিষুৱকালৰ সৈতে শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ কোনো বৈজ্ঞানীক ভিত্তি নাই।

Fact Check By: Pranjal Sharma

Result: False