২২মে’ৰ পৰা ২৮ মে’লৈ Equinox বা বিষুৱকাল নহয়। Equinox বা বিষুৱকালৰ সৈতে শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ কোনো বৈজ্ঞানীক ভিত্তি নাই।
শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এখন স্ক্ৰীণশ্বটত লিখা হৈছে যে ২২ মে’ৰ পৰা ২৮মে’ৰ ভিতৰত সূৰ্য্যটো পৃথিৱীৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ অৱস্থান কৰি মুৰৰ ওপৰত থাকিব আৰু ই শৰীৰত ডিহাইড্ৰেছন বা জলহীনতাৰ সৃষ্টি কৰিব। ইয়াকে একুইনোক্স(Equinox) বা বিষুৱকাল বুলি কোৱা হয়। সেইবাবে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়া হৈছে মেছেজটোত। […]
Continue Reading