ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰা কথাটো অসত্য। এই দাবী বিভ্ৰান্তিকৰ। 

Misleading Social

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে এটা বিশেষ দাবী উত্থাপন কৰি পোষ্ট কৰিছে যে নিজৰ অগতানুগতিক ধৰণ কৰণেৰে  সামাজিক মাধ্যমযোগে বিখ্যাত হৈ পৰা নাগপুৰৰ চাহ দেকানী সুনীল পাটিল ওৰফে ডলী চাইৱালা বিশ্ববিখ্যাত কোম্পানী মাইক্ৰ’ছফ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত হৈছে। গুগল এআইত ডলী চাইৱালাক লৈ বিশেষ ওভাৰভিউ অহা বুলি সেই দাবীসম্বলিত পোষ্টত লিখা হৈছে। তেনেকুৱা কেইবাটাও দাবী আমি তলত একত্ৰে দেখুৱাইছোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfSNTAOKb0PJGtUKvgP2Co60thozoNywq4htXgqmkxuqyjGBrqPQybDfjnBV1PSAeimQRWdzZQRLBbRZQADJD5JYrtqCcPPcYat7Ap_CGJS0cQf-3GTC6RwI-Cpx_mL1GjpgkC4lqElcPmFBTE1733z4cD4?key=MRjb0CTA0l2HdlE7gSoI-A

Facebook Link Archived Link

Facebook Link Archived Link

Facebook Link Archived Link

Facebook Link Archived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই বিষয়টো সন্দৰ্ভত প্ৰাসংগিক কী-ৱৰ্ড লৈ গুগল ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি দেশৰ কেইবাটাও প্ৰতিস্থিত আৰু নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থানৰ বিভিন্ন বাতৰিৰ লিংক লাভ কৰিলোঁ। তাৰে ভিতৰত ABP Live ৰ অতি শেহতীয়া এটা বাতৰি পালোঁ। এই বাতৰিটোত কোৱা হৈছে যে গুগলৰ ওভাৰভিউত মাইক্ৰছফ্টৰ ব্ৰেণ্ড এম্বেচেডৰৰ সন্ধান কৰিলে ডলী চাইৱালাৰ নাম ওলায়। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfibelZzEY3cuOxIIeE5xmrRe0Zl28RpUT76OgR2o8of4_f-1MKnN-cyWDk6bZgRJUmi0JMWjrqc9l8xJMs45EksfsCVwLwV_awddNr00_Uok6cVWtYPXUj9vmBQXSdm8XoXqswbrjOGEvPHlyxt9lo51Fv?key=MRjb0CTA0l2HdlE7gSoI-A

ইয়াৰ কাৰণ হিচাপে বাতৰিটোত উল্লেখ কৰা হৈছে যে দ্য বিন্দু টাইমছ নামৰ এটা পেৰডী ইনষ্টাগ্ৰাম একাউণ্টে ব্যংগ কৰি এটা পোষ্ট দিছিল যে মাইক্ৰ”ছফ্টে তেওঁলোকৰ দ্বাদশ সংস্কৰণৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে ডলী চাইৱালাক নিযুক্তি দিছে। সেই পোষ্টটো আছিল এটা ব্যংগ বা হাস্যৰস সৃষ্টিকাৰী পোষ্ট আৰু পোষ্টটোত সেই কথা উল্লেখো আছিল। কিন্তু ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ মাজৰ সৰহ সংখ্যকে সেই পোষ্টটো সঁচা বুলি ভাবি এই সম্পৰ্কে গুগলত সন্ধান কৰা আৰম্ভ কৰা হেতু এইদৰে এই কথাটো বিয়পি পৰে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdRidqulG1QutGZRir7QKvswiTHF0dAqD1Wkg9xr9u98eoSGzx-CuNOkvFWg72bp_1fxr8aQbpdFSETE7QvxGN9dNcaxNIS27O7YA6n4-sDBQgcrRhLkl_TKd_hJh53jNkGfNuLuozKLkKzWhnW4YKxuk4f?key=MRjb0CTA0l2HdlE7gSoI-A

ইয়াৰ পাছত আমি Times Of Indiaৰ আগষ্ট মাহৰে এটা বাতৰি পালোঁ। ইয়াতো সেই কথাটোকে উল্লেখ কৰি লিখা হৈছে যে দ্য বিন্দু টাইমছৰ সেই কৌতুকপূৰ্ণ পোষ্টটোৰ কাৰণে বহুতেই মিছা কথাটোকে সঁচা বুলি ভাবি লৈ সামাজিক মাধ্যমত ইয়াৰ শ্বেয়াৰ কৰা আৰম্ভ কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXelfIoBZNHSn1c9hf55ql9LizTIVbAvMfPHy9j1EaSq2_zWNp3kUm5gofEn4J-FbqkI4_N4-iVKVnDLmZ0R_RC2-HvZqJ2Qu6QMwGyG7RC36eK9SyOdNLSK6rObGLu-sX_VnvfW0lxptXJGpALWsvFs-_lB?key=MRjb0CTA0l2HdlE7gSoI-A

তদুপৰি News 18ৰ এটা বাতৰিটো মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিস্থাপক বিল গেটছ আহি নাগপুৰৰ ডলী চাইৱালাৰ চাহৰ দোকানত চাহ খোৱাৰ কথাটোৰ প্ৰসংগ টানি সেই বাতৰিটোত লিখিছিল যে দ্য বিন্দু টাইমছৰ ইমষ্টাগ্ৰাম পোষ্টৰ পাছতে ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ নিযুক্ত কৰা বুলি খবৰ বিয়পি কৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd1O4jsaOleVcZl-8UjfM6mrvIozPltTQoPSMtVQ5opQsHRV42gEwR4q1BX98do0lo_KQBMsLcWJPc4XaJvqP9F2fYXOo4V3rQoyvjU3fGDX3cTxtrcYxbMm4vcvEgZumkymKK6s1vaeh7S6SfG1cVHAndI?key=MRjb0CTA0l2HdlE7gSoI-A

কেৱল ইমানেই নহয় TIMES NOWৰ বাতৰিটো সেই উৰা বাতৰিৰ আঁৰৰ কাৰণ হিচাপে ইনষ্টাগ্ৰামত দ্য বিন্দু টাইমছ নামৰ সেই পেৰডী একাউণ্টটোৰ কৰা ব্যংগাত্মক ফেচবুক পোষ্টটোকেই চিহ্নিত কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcH3O67EbxsFFCrMHWRiAtk0fmwgdSCx8wWdErtzOtup773q7Q_jottXVfmteU9se977EQ0LJsJJGicuuhOITeO22MiegNObpxh6rBDVk7gdmFRMGZU9CdPMuFopjIpQqTP9WkxONr2oS2JgxAuE5F7kpyy?key=MRjb0CTA0l2HdlE7gSoI-A

সেই একেই ধৰণৰ আন বাতৰি আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব।

আটাইকেইটা বাতৰিতেই আমি দ্য বিন্দু টাইমছ নামৰ পেৰডী ইনষ্টাগ্ৰাম একাউণ্টটোৰ উল্লেখ পালোঁ আৰু News18 তথা TIMES NOWৰ আগষ্ট মাহতেই কৰা সেই পুৰণি বাতৰিত একাউণ্টটো হাইপাৰলিংক কৰি থোৱা দেখি তাত ক্লিক কৰি চালোঁ যদিও সেই পেজটো সম্প্ৰতি ইনষ্টাগ্ৰামত উপলব্ধ হৈ থকা নাই বুলি জানিব পাৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfZxBXC4Ota1VhjfPeA0UmY_bUb-KeEKlTmdOAVbAEyKD-5XZNWo3tYX2Zoolhl_cRZoEb7oh62GohgcRtkIu0SgzmvHVCpr2Fvl_GtNYgCQohvahUfN6c4myyYU1n9aul7XL3aqrHIUtx03mxYTsDC2xZm?key=MRjb0CTA0l2HdlE7gSoI-A

আটাইবোৰ বাতৰিতেই এটা কথাৰ উল্লেখো আমি পালোঁ যে মাইক্ৰ’ছফ্টৰ তৰফৰ পৰা Microsoft 12ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰাতো দূৰৰে কথা সেই সংস্কৰণটো নো কেতিয়া মুকলি কৰা হ’ব সেই সম্পৰ্কেও কোনো ঘোষণা কৰা হোৱা নাই এতিয়ালৈকে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfI9gIRsuTt1UQ4YTUlKYEnKSURChB-veJKSXJleD0NbciPfPIe01YpGZ-gdxfh-ULrgHGOTNpVV8UIaehNHbfsbemypJ4KkhuhFRdILa-9cSpnTmhkLf2ZCFDHNYKHwbB0tSGtH1tcYxWeL4-jDvdxEIVu?key=MRjb0CTA0l2HdlE7gSoI-A

সদৌ শেষত আমি সাম্প্ৰতিক সময়ত এই বিষয়ত কিবা ঘোষণা হৈছে নেকি, তাকো বিচাৰি চালোঁ, কিন্তু আমিও বিশ্বৰ কোনো প্ৰান্তৰে সংবাদ মাধ্যমত তেনেকুৱা বাতৰি নাপালোঁ। অৰ্থাত ইয়াৰ পৰা এই কথায়ে প্ৰতীয়মান হয় যে ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰা কথাটো অসত্য। ই বহুদিন পূৰ্বে এটা ব্যংগাত্মক ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা কৰা কৌতুকপূৰ্ণ এটা পোষ্টৰ বাবে ইণ্টাৰনেটত খলকনি তোলা খবৰহে আছিল। অসমৰ ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে উত্থাপন কৰা দাবীটো বিভ্ৰান্তিকৰ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ।  ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰা কথাটো অসত্য। ই বহুদিন পূৰ্বে এটা ব্যংগাত্মক ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা কৰা কৌতুকপূৰ্ণ এটা পোষ্টৰ বাবে ইণ্টাৰনেটত খলকনি তোলা খবৰহে আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰা কথাটো অসত্য। এই দাবী বিভ্ৰান্তিকৰ।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *