দেশৰ সাধাৰণ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত ৰাজনৈতিক বিষয়বস্তুৰে ভৰি পৰিছে। এই বিষয়বস্তু সমূহ ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ প্ৰতিদ্বন্দ্বী দলসমূহক লক্ষ্য কৰি শ্বেয়াৰ কৰা দেখা গৈছে। ব্যাপকভাৱে শ্বেয়াৰ হোৱা এনেকুৱা এটা ভিডিঅ’ত দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ বাহনত একাংশ লোকে আক্ৰমণ কৰিছে।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ ভিডিঅটো’ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ভিডিঅ’টো সঁচা নে মিছা। সোধা হৈছিল- লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এইদৰে বিজেপিৰ বাহনত আক্ৰমণ কৰা হৈছে নেকি।

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। তাৰ ফলত জানিব পাৰিলোঁ যে ভিডিঅ’টো তেলেংগানাৰ আৰু এই ঘটনাটো ২০২২ চনত সংঘটিত হৈছিল।২০২২ চনৰ নৱেম্বৰ মাহত তেলেংগানাৰ মুনুগোড় উপ-নিৰ্বাচনৰ সময়ত ভাৰত ৰাষ্ট্ৰ সমিতিৰ কৰ্মী (যাত তেনেলংগানাত তেলেংগানা ৰাষ্ট্ৰ সমিতি বুলি জনা যায়) আৰু বিজেপিৰ কৰ্মীসকলৰ মাজত প্ৰচাৰৰ সময়ত সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষৰ সময়তে ভাইৰেল ভিডিঅ’টোত দেখা পোৱাৰ দৰে বিআৰএছৰ কৰ্মীসকলে শিলগুটি নিক্ষেপ কৰাৰ লগতে বিজেপিৰ প্ৰচাৰ বাহনখন লণ্ডভণ্ড কৰে। তলত দিয়া ফেচবুক পোষ্টটোৱে এই কথাৰ উমান দিয়ে।

ওপৰত দিয়া পোষ্টটোত আমি দেখিবলৈ পাওঁ যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছে। ০.৪৯ ছেকেণ্ডৰ পৰা দেখা গৈছে যে বিজেপিৰ বাহনখন চলিবলৈ আৰম্ভ কৰাৰ লগে লগে টিআৰএছ(তেলেংগানা ৰাষ্ট্ৰ সমিতি)ৰ কৰ্মীসকলে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। টিআৰএছৰ কৰ্মীসকলক তেওঁলোকৰ গোলাপী পতাকাৰ দ্বাৰা চিহ্নিত কৰিব পাৰি। তেওঁলোকক ট্ৰাকখনৰ স্পীকাৰ ধ্বংস কৰাৰ লগতে পোষ্টাৰ ফালি থকা দেখা গৈছে।

ইণ্ডিয়া টুডে’ৰ ইউটিউৱ চেনেলতো আমি সেই বাতৰিটো পালোঁ

প্ৰকাশিত অইন বাতৰি অনুসৰি ২০২২ চনৰ নৱেম্বৰ মাহত তেলেংগানাৰ নলগোণ্ডা জিলাৰ মুনুগোড়ৰ ওচৰৰ পালিভেলা গাঁৱত এই ঘটনা সংঘটিত হৈছিল। মুনুগোড়ৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত সংঘটিত হয় এই ঘটনা। এই আক্ৰমণৰ সময়ত বিজেপিৰ বিধায়ক এটেলা ৰাজেন্দ্ৰৰ বাহনৰো ক্ষতিসাধন কৰা হয়। এই সংঘৰ্ষৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰি আন এক বাতৰি পঢ়িব পাৰিব।

এই সমস্ত তথ্যৰ পৰা নিশ্চিত হ’ব পাৰি যে আমালৈ প্ৰেৰণ কৰা ভিডিঅ’টো পুৰণি। ২০২২ চনৰ তেলেংগানাৰ এক উপ-নিৰ্বাচনৰ সময়ৰ এক আক্ৰমণৰ ঘটনাৰ দৃশ্য সেয়া। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত অৰ্থাত বৰ্তমানৰ কোনো সংঘাটৰ দৃশ্য নহয় সেয়া। দাবীটো বিভ্ৰান্তিকৰ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো পুৰণি আৰু আগন্তুক সাধাৰণ নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই। ২০২২ চনত তেলেংগানাৰ এক উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ অন্তিম দিনটোত বিজেপি আৰু টিআৰএছৰ কৰ্মীসকলৰ মাজত হোৱা সংঘৰ্ষ দৃশ্য।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২২ চনৰে তেলেংগানাৰ উপ-নিৰ্বাচনৰ সময়ৰ সংঘৰ্ষৰ ভিডিঅ’ শেহতীয়া বুলি প্ৰচাৰ।

Written By: Pranjal Sharma

Result: Misleading