শেহতীয়াকৈ অসমৰ ফেচবুকত এটি বিশেষ ভিডিঅ’ প্ৰচাৰ হোৱা দেখা গৈছে। বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক শ্বাকিব আল হাছানক বহু মানুহেৰ শাৰীৰিকভাৱে অপদস্থ কৰা দেখা গৈছে ভিডিঅ’টোত। শেহতীয়া আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত দুৰ্বল প্ৰদৰ্শনৰ বাবেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল আছিল বাংলাদেশ। দাবী কৰা হৈছে যে সেইবাবেই এইদৰে নিজৰ দেশতে ক্ৰিকেট অনুৰাগীৰ ৰোষত পৰিছে শ্বাকিব।

পাকিস্তানৰ হাতত ৭ উইকেটত পৰাস্ত হৈ বাংলাদেশ বিশ্বকাপৰ পৰা বাহিৰ হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। আই চি চি ক্ৰিকেট বিশ্বকাপত বাংলাদেশ দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দলৰ অধিনায়ক শ্বাকিব-আল-হাছানে বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত দেখা গৈছে যে ২০২৩ চনৰ বিশ্বকাপৰ পাছত বাংলাদেশলৈ উভতি অহাৰ সময়ত বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়কক জনসাধাৰণৰ দ্বাৰা দুৰ্ব্যৱহাৰ কৰা হৈছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ২৫ ছেকেণ্ডৰ সেই ভিডিঅ’টো, য’ত শ্বাকিবক চাৰিওফালৰ পৰা ৰাইজে ঘেৰি ৰখা দেখা গৈছে আৰু তেওঁক বাৰে বাৰে ঠেলি দিয়া হৈছে। এই ভিডিঅ'টো শেহতীয়া বুলি দাবী কৰা হৈছে। দাবীটো মতে বিশ্বকাপত পৰাজয়ৰ বাবেই তেওঁক বিমানবন্দৰত মাৰপিট কৰা হয়। ভিডিঅ’টোৰ লগত দিয়া কেপচনত লিখা আছে যে “বাংলাদেশীৰ স্বভাৱেই এনেকুৱা। বিশ্বকাপত বেয়া প্ৰদৰ্শন দেখুওৱাৰ কাৰণে দেশৰ হকে খেলা শ্বাকিব আল হাছানক এইদৰে শাৰীৰিকভাৱে অপদস্থ কৰিলে।

Facebook LinkArchived Link

এক্স(পূৰ্বৰ টুইটাৰ)তো এই ভিডিঅ’টো ভাইৰেল হোৱা দেখা গৈছে।

https://twitter.com/FollowBhi_Karlo/status/1726903175947661772

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টোৰ এটা কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। ফলত ২০২৩ চনৰ ১৭ মাৰ্চত প্ৰকাশিত ৱিয়ন নিউজে প্ৰকাশ কৰা এটা প্ৰতিবেদন পালোঁ। তাত লিখা আছিল, “ডুবাইত এটা বাণিজ্যিক অনুষ্ঠানৰ সময়ত অনুৰাগীয়ে বাংলাদেশৰ শ্বাকিব আল হাছানক অপদস্থ কৰে”। প্ৰতিবেদন অনুসৰি, “ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পিছত শ্বাকিবে ডুবাইলৈ উৰা মাৰিছিল আৰৱ খানৰ মালিকানাধীন সোণৰ গহনাৰ এখন দোকান উদ্বোধন কৰিবলৈ। আৰৱ খান হৈছে এজন পলাতক যিজনৰ বিৰুদ্ধে চাৰি বছৰ পূৰ্বে এজন আৰক্ষী বিষয়াক হত্যা কৰাৰ অভিযোগ আছে। আৰক্ষীৰ বিশেষ শাখা (এছ বি) ইউনিটৰ এজন পৰিদৰ্শক মামুন ইমৰাণ খানক হত্যা কৰাৰ অভিযোগ আৰৱৰ বিৰুদ্ধে আৰু তেতিয়াৰে পৰাই সি পলায়ন কৰি আছে”।

আৰৱ খানৰ শ্ব’ৰুমৰ বাবে উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱাৰ সময়ত শ্বাকিবক তীব্ৰ সমালোচনা কৰা হৈছিল। খবৰ অনুসৰি শ্বাকিবক পলাতকজনৰ ব্যৱসায়িক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ঢাকা মহানগৰ আৰক্ষীৰ অতিৰিক্ত আয়ুক্তই জেৰাও কৰে।

অধিক সন্ধানত আমি আৰটিভি নিউজ নামৰ ইউটিউব চেনেল এটাই আপলোড কৰা ভাইৰেল ভিডিঅ’টো দেখা পালোঁ। তাৰ তলত বাংলাদেশী ভাষাত এটা কেপচন দিয়া হৈছে। অনুবাদ মতে ভাইৰেল ভিডিঅ’টোত ডুবাইত প্ৰবাসীসকলে শ্বাকিবৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ দেখুওৱা হৈছে।

এই প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি আমি স্পষ্টকৈ বুজিব পাৰোঁ যে এই ভাইৰেল ভিডিঅ’টোৰ শেহতীয়া বিশ্বকাপৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এই ভিডিঅ'টো শেহতীয়া নহয়। ইয়াত দেখা গৈছে যে ২০২৩ চনৰ মাৰ্চ মাহত ডুবাইত অনুষ্ঠিত হোৱা এক বাণিজ্যিক অনুষ্ঠানৰ সময়ত অনুৰাগীয়ে বাংলাদেশৰ শ্বাকিব আল হাছানক হতাহতি কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ কাৰণে নিজৰ দেশৰ অনুৰাগীয়ে অপদস্থ কৰিছে নেকি বাংলাদেশৰ ক্ৰিকেট অধিনায়ক শ্বাকিব আল হাছানক? জানক সত্য।

Written By: Pranjal Sharma

Result: False