শেহতীয়াভাৱে মূৰ আৰু মুখত বেণ্ডেজ বান্ধি লাইভ ৰিপ’ৰ্টিং কৰা এগৰাকী সাংবাদিকৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে পূব জেৰুজালেমত ইজৰাইলী গ্ৰেনেডৰ আক্ৰমণত আহত হোৱাৰ পাছতো তেওঁ পুনৰ এইদৰে ৰিপ’ৰ্টিং কৰিছিল। ফটোখন শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে দাবীটো শেহতীয়া ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে জড়িত কৰিছে।

আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ফটোখন প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আৰম্ভনীতে আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি তদন্ত আৰম্ভ কৰিলোঁ আৰু তাৰ ফলত ২০১৫ চনৰ ৫ অক্টোবৰত দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰা এটা বাতৰি পোৱা গ’ল য’ত ভাইৰেল ইমেজৰ সৈতে মিল থকা একেই ভিজুৱেল আছিল। সেই প্ৰতিবেদন অনুসৰি ২০১৫ চনৰ ৫ অক্টোবৰত লেবাননৰ নেটৱৰ্ক আল-মায়াদিন টিভিৰ সৈতে কাম কৰা টিভি ৰিপ’ৰ্টাৰ হান্না মহম্মদে ষ্টান গ্ৰেনেডৰ বিষ্ফোৰণৰ ফলত নিচেই ওচৰৰ পৰা আঘাত পাইছিল । তাৰ পাছতো তেওঁ টিভিৰ পৰ্দাত এইদৰে উপস্থিত হৈছিল। তথ্য অনুসৰি সেই বিষ্ফোৰণটো পূৱ জেৰুজালেমত পেলেষ্টাইনী বিক্ষোভকাৰীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত ইজৰাইল আৰক্ষীৰ দ্বাৰা কৰা হৈছিল। প্ৰতিবেদনত থকা ভিডিঅ’ দেখা গৈছে যে তেওঁ আঘাত হোৱাৰ পাছত সেই স্থানৰ পৰা উদ্ধাৰ কৰাৰ সময়ত বিষ অনুভৱ কৰিছিল আৰু তাৰ পিছত মুখৰ বেছিভাগ অংশ বেণ্ডেজ কৰি পুনৰ টিভি পৰ্দাত এইদৰে দেখা দিছিল।

এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰকাশ কৰা কেইবাটাও বাতৰি আমি পালোঁ। সূত্ৰ অনুসৰি পূৱ জেৰুজালেমত ওচৰৰ পৰা ষ্টান গ্ৰেনেডেৰে মুখত আঘাত পোৱা এগৰাকী সাংবাদিকে এই কাণ্ডৰ কিছু সময়ৰ পাছতে পুনৰ বাতৰি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে।

এই প্ৰমাণসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি স্পষ্টভাৱে বুজিব পাৰোঁ যে এটা পুৰণি ঘটনাক শেহতীয়াকৈ হোৱা ইজৰাইল-হামাছৰ সংঘাতৰ সৈতে জড়িত কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ইজৰাইল আৰক্ষী আৰু পেলেষ্টাইনী প্ৰতিবাদকাৰীৰ মাজত সংঘাতৰ সময়ত লাইভ ৰিপ’ৰ্টিং কৰি থকাৰ সময়ত আঘাত পোৱাৰ পাছতো মুখ আৰু মূৰত বেণ্ডেজ লগোৱা আৰব-ইজৰাইলৰ সাংবাদিকগৰাকীৰ ২০১৫ চনৰ এখন ফটো বৰ্তমানৰ বুলি শ্বেয়াৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০১৫চনতে ষ্টান গ্ৰেনেডত আহত সাংবাদিকৰ ফটো শেহতীয়া ইজৰাইল-হামাছ সংঘাতৰ সময়ৰ বুলি শ্বেয়াৰ কৰা হৈছে।

Written By: Pranjal Sharma

Result: Misleading