শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন গাঁৱৰ ৰাষ্টাৰে এটা ঘঁৰিয়াল গৈ আছে। ঘঁৰিয়ালটোৰ পিছে পিছে চিঞৰ বাখৰ কৰি মানুহ কিছুমান গৈ আছে। এজনে ঘঁৰিয়ালটোক লঠিয়াই দিছে আৰু আতংকিত ঘঁৰিয়ালটোৱে নিজৰ গতি ক্ষীপ্ৰ কৰি আগুৱাইছে। এটা ফেচবুক পেজৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি সেয়া গুজৰাটৰ শেহতীয়া দৃশ্য বুলি দাবী কৰিছে। পোষ্টটোত লিখিছে- “বান পানীৰ বাবে এতিয়া গুজৰাটৰ বাটে পথে ঘৰিয়াল | নিষ্ঠুৰ মানুহ এজনে ঘৰীয়াল টোক গোৰ মৰাও দেখা গৈছে”

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfUQvqqO__on14u0bdyNF81KCJte4xcVYfSPlOSkhiohdpTGaYcUFBzc0bg26_UGX1TZCzOUxuiS3tPHt0YnJYghbJHjbcIZBN88hgZWeMmEF0ezJIi-40PUogMupwoFXt7sAU-z-n7PCnkxUdz4AvjalI?key=U5puYm5BwBqpNfEOm112mQ

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই নিৰ্দিষ্ট ভিডিঅ’টো কেইটামান কী-ফ্ৰেমত ভাগ কৰি লৈ তাৰ পৰা ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক বাতৰি আৰু ইউটিউৱ ভিডিঅ’ৰ লিংক লাভ কৰিলোঁ। প্ৰথমতেই আপোনালোকক জনাও যে দেশৰ প্ৰসিদ্ধ আৰু প্ৰতিস্থিত সংবাদ গোষ্ঠী টাইমছ নাওৱে যোৱা ৭ আগষ্ট ২০২৪ তাৰিখে Video: Crocodile Strolls Through Alleys In UP’s Bijnor, Sparks Panic Among Locals শীৰ্ষক এটা বাতৰি কৰিছিল। তাত উল্লেখ কৰা হৈছে যে উত্তৰ প্ৰদেশৰ বিজনৌৰত এইদৰে এটা ঘঁৰিয়াল দেখা গৈছে এখন গাঁৱৰ মাজে বিচৰণ কৰি থকা অৱস্থাত।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcOzEfJKY3mPvV5KaMW2pN3zzUL-QtJM8uomD5ZTcoOeumyViUtFyVXXCIOWr4U0C5q0OAzOmc5ysAQyxFu5GkQjwiCcUfGzS2WfUqm75hWdNoMxQLHHBRNCWsY5pX7W309arCFzfBkECO94ytfA52KlOB1?key=U5puYm5BwBqpNfEOm112mQ

সেই বাতৰিটোত এটা টুইট সংলগ্ন কৰা হৈছে, য’ত আমি দেখিলোঁ যে একেটা ভিডিঅ’ আছে। আৰু সবিশেষ লিখিছে যে উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাৰ নাংগাল চোতি গাঁৱত এইদৰে এটা ঘঁৰিয়ালে বিচৰণ কৰাৰ ফলত স্থানীয় বাসিন্দাৰ মাজত এক আতংকৰ পৰিবেশ বিৰাজ কৰিছিল। ঘটনাটো ৭ আগষ্ট ২০২৪ৰ। এজন মানুহে সেই ঘঁৰিয়ালটোক ভৰিৰে আঘাত কৰাৰ কথাও টুইটটোত উল্লেখ কৰা হৈছিল আৰু বন বিভাগৰ মানুহ আহি সেই ঘঁৰিয়ালটোক উদ্ধাৰ কৰি লৈ যোৱা বুলি উল্লেখ কৰিছিল টুইটটোত।

Archived Link

ইয়াৰ পাছত আমি TV9ৰ এটা বাতৰি পালোঁ। তাতো একেখিনি কথাকে উল্লেখ কৰা হৈছে যে সেই দৃশ্য উত্তৰ প্ৰদেশৰ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeiipX6P7U1Icqrq0mMG8beX5AzzdTUKD92Hm5nGJvsoFRDIrPBHgeuT5w7X0b5hw_RHIcyoS3yHXnCbqhMSDZ-WtxpHbBqH6LLIIMfoUfvitCzmuqhdGw_AI2qPnqUdJ1nRHXcQEH1kkB9BqolbVdsclNI?key=U5puYm5BwBqpNfEOm112mQ

তদুপৰি উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাত এনেকৈ ঘঁৰিয়াল ওলোৱাৰ ভিডিঅ’টো আমি একেই সময়চোৱাত(৮ আগষ্ট ২০২৪) ইউটিউৱতো আপলোড কৰা দেখা পালোঁ।

Archived Link

লগতে ৭ আগষ্ট ২০২৪ত একেটা ভিডিঅ’কে আন এটা ইউটিউৱ চেনেলেও আপলোড কৰিছিল আৰু তথ্যসহ উল্লেখ কৰিছিল যে সেয়া উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাৰ নাংগাল চোতি গাঁৱৰ দৃশ্য।

Archived Link

ইমানখিনি তথ্যৰ পৰা প্ৰমানিত হৈছে যে সেইটো উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাৰ নাংগাল চোতি গাঁৱত যোৱা ৭ আগষ্ট ২০২৪ত ওলোৱা ঘঁৰিয়াল এটাৰ বিচৰণৰ দৃশ্য। ইয়াৰ গুজৰাটৰ লগত বা গুজৰাটৰ বান পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেইটো উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাৰ নাংগাল চোতি গাঁৱত যোৱা ৭ আগষ্ট ২০২৪ত ওলোৱা ঘঁৰিয়াল এটাৰ বিচৰণৰ দৃশ্য। ইয়াৰ গুজৰাটৰ লগত বা গুজৰাটৰ বান পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:উত্তৰ প্ৰদেশৰ বিজনৌৰৰ ঘঁৰিয়াল ওলোৱা দৃশ্য গুজৰাটৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: False