
শেহতীয়াভাৱে কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা বুলি কৈ দুগৰাকী নাবালিকা কনমানি কন্যাক তুলি ল’ব বিচৰা ইচ্ছুক অভিভাৱকৰ আগ্ৰহ বিচাৰি এটা মেছেজ ভাইৰেল কৰা হৈছে।
অসমত হোৱাটছএপত মেছেজটো ভাইৰেল হৈছে আৰু তাত এখন ফটো দিয়া হৈছে। লগতে লিখা হৈছে:
“তুলি লোৱাৰ বাবে:
যদি কোনোবাই এগৰাকী কন্যাক তুলি ল’ব বিচাৰে,তেনেহ’লে …নম্বৰত ফোন কৰিবলৈ নাপাহৰিব(প্ৰিয়ংকা)। এজনী তিনি দিনীয়া আৰু আনজনী ৬মহীয়া। তেওঁলোকে শেহতীয়াভাৱে কোভিডত তেওঁলোকৰ মাক দেউতাকক হেৰুৱাইছে। এই দুই শিশুক নতুন জীৱন একোটা পোৱাত সহায় কৰক। এইকথা প্ৰচাৰ কৰক।” Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই দাবী মিছা।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি মেছেজটোত দিয়া নম্বৰটোত ফোন কৰিলো। কিন্তু নম্বৰটো চুইটছ অফ।
তাৰ পিছত আমি প্ৰাসংগিক শব্দেৰে ছাৰ্চ কৰোতে ‘পিআইবি’য়ে ভাইৰেল মেছেজটো সম্পৰ্কত কৰা টুইট এটা পালো। টুইটটো পোষ্ট কৰা হৈছিল ২০২১ৰ ৪মে’ত সন্ধিয়া ৬:৩২ত,লিখা হৈছিল:
“দুজনী নাবালিকাই শেহতীয়াভাৱে কোভিডত নিজৰ অভিভাৱকক হেৰুওৱা বুলি দাবী কৰি এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে।
#PIBFactCheck
এই দাবীটো ভূৱা। এটি শিশু তুলি লোৱাৰ বাবে এটা নিয়ম পালন কৰিবলগীয়া হয়। যদি উচিত নীতি নিয়ম পালন নকৰে,তেনেহ’লে ই ন্যায়বিৰুদ্ধ।”
এই সন্দৰ্ভত মহাৰাষ্ট্ৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ তৰফৰ পৰাও এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে। টুইটাৰত,লিখা হৈছে,”ছোচিয়েল মিডিয়াত কোভিডত অভিভাৱক হেৰুওৱা দুই শিশুৰ এক মেছেজ ভাইৰেল হৈ পৰিছে।এই মেছেজটো আইন বিৰুদ্ধ,বিভ্ৰান্তিকৰ। সেইদৰে শিশু দুটিক তুলি ল’ব পৰা নাযায়। প্ৰকৃত আইনী পদ্ধতি কি জানক।”
A post is being shared with a claim that two girls who have recently lost their parents can be adopted by calling a number.#PIBFactCheck
— PIB Fact Check (@PIBFactCheck) May 4, 2021
This claim is #Fake. A process has to be followed to adopt a child. It is illegal to adopt a child if proper guidelines are not followed. pic.twitter.com/TIPwrtHk22
মহাৰাষ্ট্ৰ ৰাজ্যিক একক নাৰী আঁচনি কমিটীৰ সমন্বয়ৰক্ষী ৰেণুকা কাডে ২০২১ৰ ৫মে’ত ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰিছে আৰু এই ভাইৰেল মেছেজটো বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।

Original Link- Facebook | Archived Link
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে এলানি টুইট লিখিছে, য’ত তেওঁ কোভিড১৯ত অনাথ হোৱা যিকোনো শিশুৰ খবৰ লাভ কৰিলেই আৰক্ষী আৰু শিশু উন্নয়ন কমিটীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
*IMPORTANT Thread*
— Smriti Z Irani (@smritiirani) May 4, 2021
If you come to know of any child who has lost both parents to COVID and has no one to take care of her/him, inform Police or Child Welfare Committee of your district or contact Childline 1098. It is your legal responsibility.
“দৰকাৰী থ্ৰেড
যদি আপুনি কোভিডত অভিভাৱকক হেৰুওৱা আৰু চোৱাচিতা কৰিবলৈ কোনো নথকা শিশুৰ বিষয়ে জানে, আপোনাৰ জিলাৰ আৰক্ষী অথবা শিশু উন্নয়ন কমিটী অথবা চাইল্ডলাইনৰ ১০৯৮ নম্বৰত যোগাযোগ কৰক। এয়া আপোনাৰ দায়িত্ব।” ইৰাণীয়ে ২০২১ৰ ৪মে’ত সন্ধিয়া ৭:৫৫ত এই টুইটটো কৰিছিল।
ফলাফল
এইদৰে আমাৰ অনুসন্ধানত ভাইৰেল হোৱা মেছেজটো ভূৱা বুলি প্ৰমানিত হৈ পৰিল। কোভিড ১৯ত নিজৰ অভিভাৱকক হেৰুওৱা দুই নাবালিকাক তুলি লোৱাৰ বাবে ভাইৰেল হোৱা মেছেজটো ভূৱা। তেনেকুৱা মেছেজ বিশ্বাস কৰিব আৰু শ্বেয়াৰ কৰিব নালাগে। তেনেকুৱা মেছেজ তৎক্ষানাত আৰক্ষী বা ছাই হেল্পল্ডলাইন ১০৯৮ নম্বৰত জনাই দিব লাগে।
পাঠকসকলক আহ্বান জনাম যাতে যিকোনো সন্দেহজনক তথ্য পালেই আমাৰ চৌব্বিশ ঘন্টীয়া আৰু সাতো দিনে উপলব্ধ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰে যেন।

Title:কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা দুগৰাকী কনমানি ছোৱালীক সন্তান ৰূপে তুলি ল’ব লাগে বুলি ভূৱা মেছেজ ভাইৰেল
Fact Check By: Manjori BorkotokyResult: False
