অনলনাইন চলি থকা অসংখ্য ভুল তথ্যৰ মাজতে আপোনাৰ কোভিড ১৯ হৈছেনে নাই তাক চোৱাৰ এটা আত্ম-পৰীক্ষা পদ্ধতি বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। এই সাধাৰণ আত্ম-পৰীক্ষাটোৰ মতে মানুহে ২০ চেকেণ্ডৰ বাবে নিজৰ উশাহটো ধৰি ৰাখি নিজৰ কোভিড ১৯ হৈছে নে নাই জানিব পাৰে।

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আবেদন লাভ কৰিলো। Archived Link

দাবীটোত, এটা গ্ৰাফিকছ ভাইৰেল হৈছে,য'ত 'এ' পইন্টৰ পৰা 'বি' পইন্টলৈ আনুমানিক ২০চেকেণ্ড নিজৰ উশাহটো ধৰি ৰাখিবলৈ নিৰ্দেশিত কৰা হৈছে। কেপছনটো মতে এইটো হাওঁফাওঁত অক্সিজেনৰ মাত্ৰা চোৱা এটা পৰীক্ষা। যদি কোনো লোকে নিজৰ উশাহ কোনো অসুবিধা নোহোৱাকৈ ধৰি ৰাখিব নোৱাৰে,তেতিয়া ই প্ৰমান কৰে যে ব্যক্তিগৰাকী কৰ'ণাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

চিকিৎসা বিশেষজ্ঞই এই দাবীটোক সম্পূৰ্ণৰূপে মিছা বুলি নস্যাৎ কৰি পেলাইছে। কোনো লোকে সাধাৰণভাৱে নিজৰ উশাহটো নিৰ্দিষ্ট এটা সময়লৈ ধৰি ৰাখি কেতিয়াও নিশ্চিত হ'ব নোৱাৰে যে তেওঁৰ কৰ'ণাভাইৰাছ আছে নে নাই।

সত্যতা নিৰূপন পদ্ধতি:

আমাৰ অনুসন্ধানত আমি জানিব পাৰিলো যে অনুৰূপ এটা পৰীক্ষা বিগত বৰ্ষতো একেদৰেই ভাইৰেল হৈছিল।

সেই সময়ত মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ চীফ কোৱালিটী অফিচাৰ আৰু চীফ অৱ ইনফেকছিয়াছ ডিজিজ ড: ফাহিম ইউনুছে এই আত্ম-পৰীক্ষাটোক এটা ভ্ৰান্তধাৰণা বুলি সত্যাপন কৰিছিল।

"কৰ'ণাভাইৰাছত আক্ৰান্ত সৰহ সংখ্যক ডেকা ৰোগীয়েই নিজৰ উশাহটো ১০ চেকেণ্ডতকৈ অধিক সময় ধৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু ভাইৰছ নথকা বহু পৌঢ় ব্যক্তিয়ে কিন্তু নোৱাৰে।"-২০২০ৰ ১৬মাৰ্চত নিজৰ টুইটত তেওঁ কৈছিল।

Archived Link

নিউয়ৰ্ক প্ৰেছবাইটেৰীয়ান হস্পিতালৰ পালমন'লোজিষ্ট আৰু ইনফেকছিয়াছ ডিজিজ বিশেষজ্ঞ ড: থমাছ নাশ্বে ৰয়টাৰৰ আগত ব্যক্ত কৰিছে যে উশাহৰ সেই পৰীক্ষাটো এনেয়ে বনাই লোৱা। অনলাইনত উপলব্ধ উশাহৰ পৰীক্ষাই কাৰোবাৰ ভাইৰাছ লাগিছেনে নাই নিৰ্ধাৰণ কৰাৰ বাবে নিৰ্ভৰযোগ্য উপায় নহয়।

Screenshot, article, Reuters

Original Link - Reuters

পালমন'লোজিষ্ট ডা: ৰাজা ধৰে ফেক্ট ক্ৰেছেণ্ডোক জনাই যে লক্ষন নথকা কোভিড ১৯ ৰোগীয়েও তেওঁলোকৰ উশাহ বহু সময়লৈ ধৰি ৰাখিব পাৰে। সেইটোৱে তেওঁলোকক কোভিড নিগেটিভ বুলি নিৰ্নয় নকৰে। এই পৰীক্ষাটোৱে আপুনি কৰ'ণাভাইৰাছ আক্ৰন্ত হয় নে নহয় তাক প্ৰমান কৰাৰ কোনো নিৰ্ভৰযোগ্য তথ্য নাই।

আনকি বিশ্ব স্বাস্থ্য সংস্থায়ো নিশ্চিত কৰিছে যে কাঁহ নমৰাকৈ বা কোনো অসুবিধা নোপোৱাকৈ ১০চেকেণ্ডতকৈ অধিক কাল উশাহ ধৰি ৰাখিব পৰাৰ অৰ্থ এইটো নহয় যে আপুনি কৰ'ণাভাইৰাছত আক্ৰান্ত নহ'ব অথবা আপোনাৰ হাওঁফাওঁজনিত কোনো ৰোগ নহ'ব।

Image from Official WHO Facebook Page

Original Link- Facebook

WHOএ পৰামৰ্শ দিছে যে আপোনাৰ কোভিড ১৯ হৈছেনে নাই হোৱা সেই কথা জনাৰ উত্তম উপায় হৈছে লেবৰেটৰী পৰীক্ষা। এই উশাহৰ অনুশীলনেৰে আপুনি এইক্ষেত্ৰত নিশ্চিতি লাভ নকৰে, যিটো আনকি বিপজ্জনকো হ'ব পাৰে।সম্প্ৰতি দুটা প্ৰাথমিক কোভিড১৯ পৰীক্ষা হৈছে: মিউকাছ বা লেলাৱতীৰ পৰীক্ষা আৰু এন্টিবডী সন্ধানী ৰক্তপৰীক্ষা।

স্বাস্থ্যসম্পৰ্কীয় এটা প্ৰৱন্ধই ইয়াক এইধৰণে ব্যাখ্যা কৰিছে:

পিচিআৰ টেষ্ট: এটা সক্ৰিয় সংক্ৰমন ধৰা পেলোৱাৰ ক্ষেত্ৰত অতিকৈ স্পৰ্শকাতৰ আৰু ফলাফলবোৰ অতি সঠিক।

এন্টিজেন টেষ্ট: প্ৰায়ে ইয়াক 'ৰেপিট টেষ্ট' বোলা হয়। কাৰণ ইয়াৰ ফলাফলৰ সময়টো পিচিআৰ টেষ্টতকৈ বহুত ক্ষীপ্ৰ। ই কৰিবলৈ সুলভো হয়।

এন্টিবডী টেষ্ট: সক্ৰিয় কৰ'ণাভাইৰাছ সংক্ৰমন ধৰা পেলাব নোৱাৰে। ই কেৱল জনাই অতীতত,লাগিলে এমাহ আগতেই নহওক কিয়, আপুনি আক্ৰান্ত হৈছিল নেকি জনাব পাৰে।

Original Link: Health

ফলাফল:

কেৱল ২০ চেকেণ্ড আপোনাৰ উশাহ বন্ধ কৰি আপুনি কৰ'ণাভাইৰাছত আক্ৰান্ত হৈছে নে নাই পৰীক্ষা কৰিব নোৱাৰে। চিকিৎসা বিশেষজ্ঞই তেনে আত্ম-পৰীক্ষাক নস্যাৎ কৰিছে। আপুনি সদায় চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা উচিত আৰু ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ দ্বাৰা নিৰ্দেশিত বিধি বিধান পালন কৰা উচিত।

Avatar

Title:২০ চেকেণ্ডৰ বাবে উশাহ বন্ধ কৰাটোৱে আপুনি কোভিড ১৯ত আক্ৰান্ত হৈছে নে নাই সেই কথা নিশ্চিত নকৰে

Fact Check By: Manjori Borkotoky

Result: False