ভাৰতত চলি থকা কৃষক আন্দোলনৰ বহুতো ফটো আৰু ভিডিঅ' চ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে সময়তে এটা ভিডিঅ' ফেচবুকত ভাইৰেল হৈছে য'ত এদল প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে এয়া দিল্লী অভিমুখী কৃষকৰ প্ৰতিবাদ দমন কৰিবলৈ বিজেপি চৰকাৰে লোৱা ব্যৱস্থা।

Facebook Link | Archived Link

কিন্তু সঁচাকৈয়ে সেয়া কৃষক আন্দোলনৰ ভিডিঅ' হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া NDTV India ৰ ইউটিউব চেনেলত ২০২৪ চনৰ ১৩ ফেব্ৰুৱাৰীত আপলোড হোৱা এটা ভিডিঅ' পালোঁ। সেই ভিডিঅ'টোত থকা দৃশ্যৰ ভাইৰেল ভিডিঅ'ৰ সৈতে মিল আছিল। ভিডিঅ'ৰ বিৱৰণত লিখা আছিল যে ভূপালত যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰা হৈছিল।

এইবাৰ আমি প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ আৰু ইণ্ডিয়া টুডেৰ ইউটিউব চেনেলত ২০২৪ চনৰ ১৩ ফেব্ৰুৱাৰীত আপলোড হোৱা ভিডিঅ' এটা পালোঁ আৰু তাৰ বিৱৰণতো লিখা আছিল যে মধ্যপ্ৰদেশৰ ভূপালত যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰা হৈছিল। এই ভিডিঅ'টোও ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই আছিল।

এই সম্পৰ্কে আৰু খবৰ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

উল্লেখযোগ্য যে ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ ভূপালত যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ'টোত দিল্লী অভিমুখী আন্দোলনকাৰী কৃষকৰ দৃশ্য নহয় বৰং মধ্যপ্ৰদেশৰ ভূপালত যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰাৰ দৃশ্যহে দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টোৰ কৃষক আন্দোলনৰ সৈতে সম্পৰ্ক নাই।

Fact Check By: Debanjana Baishya

Result: False