FACT CHECK: অন্য কোনো সাংবাদিকৰ ভিডিঅ’ এটা প্ৰয়াত সাংবাদিক ৰোহিত সৰদানাৰ বুলি শ্বেয়াৰ কৰি থকা হৈছে!

Coronavirus False

শেহতীয়াভাৱে কোভিড ৰোগৰ চিকিৎসা চলি থকাৰ সময়ত আজ টকৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত সৰদানাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে । তেওঁ মৃত্যুৰ পিছত, সৰদানাৰ শেষ ভিডিঅ’ বুলি লিখা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত বাৰুকৈয়ে প্ৰচাৰ কৰা হৈছে। 

ভিডিঅ’টোত মাস্ক পৰিহিত এজন লোকে দেশত কোভিড পৰিস্থিতিৰ ভয়ংকৰ অৱনতি সম্পৰ্কত কৈ আছে।

তেনেকুৱা কিছুমান লিংক এয়া:

Original Link: Facebook | Archived Link

Original Link: Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো হে এই দাবীটো ভূৱা।

সত্যতা নিৰূপন পদ্ধতি:

আমি ভিডিঅ’টো অতি ভালকৈ পৰীক্ষা কৰি আমাৰ তদন্ত আৰম্ভ কৰিলো আৰু ভিডিঅ’টোৰ ওপৰৰ সোঁফালে দুটা শব্দ লিখা দেখা পালো। সেই দুটা শব্দকে ইউট্যুৱত ছাৰ্চ কৰি দো বোল বুলি চেনেল এটা পালো, যাৰ চিহ্নটো ভাইৰেল হোৱা ভিডিঅ’টৰো চিহ্নৰ লগত মিল থকা। 

সেই ইউট্যুৱ চেনেলটো আতিগুৰি মাৰি চোৱাত এই বছৰৰে ২৬ এপ্ৰিলত আপলোড কৰা এটা ভিডিঅ’ পালো। ভিডিঅ’টোৰ শীৰ্ষক আছিল,” সাংবাদিক নবীন কুমাৰে মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভটি আহি কান্দি কান্দি দেশৰ কৰুণ পৰিস্থিতিৰ কথা কৈছে।”

Archived Screenshot

ইয়াৰ পিছত প্ৰাসংগিক শব্দ লৈ গুগল ছাৰ্চ কৰি চালো। আমি সাংবাদিক নবীন কুমাৰৰ টুইটাৰ হেণ্ডেলটো পালো য’ত তেওঁ ভাৰতৰ ১৯ অনুচ্চেদৰ ফেচবুক পেজটো লিংক কৰিছে। 

আমি সেই ফেচবুক পেজটোলৈ গ’লো আৰু ৩৪.৫৪ মিনিটৰ মূল ভিডিঅ’টো পালো, যাৰ এটা অংশ ৰোহিত সৰদানা বুলি ভাইৰেল কৰা হৈছে। মূল ভিডিঅ’টো আছিল এটা লাইভ ভিডিঅ’ আৰু চলিত বৰ্ষৰ ২৬ এপ্ৰিলত পোষ্ট কৰা হৈছিল।  

Archived Screenshot

ফেক্ট ক্ৰেছেণ্ডো হিন্দীয়ে ইয়াৰ সত্যতা নিৰূপন কৰিছে আৰু সম্প্ৰতি আইচিইউলৈ স্থানান্তৰ কৰা নবীন কুমাৰৰ সৈতে কথা পাতিছিল। Fact Crescendo Hindi Link

তাৰ পিছত আমি আন এক কী-ৱৰ্ড ছাৰ্চ কৰিলো গুগলত আৰু ইণ্ডিয়া টুডেই ৩০ এপ্ৰিলত প্ৰকাশ কৰা এটা বাতৰি পালো, য’ত লিখা হৈছিল যে ৰোহিত সৰদানাক মেট্ৰো মাল্টিস্পেছিয়েলিটী হস্পিতাক নয়ডাত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যুমুখত পৰে। Original Link- India Today | Archived Link

ফলাফল: 

সত্যৰ বিচাৰ কৰি আমি জানিলো যে দাবীটো মিছা। ভিডিঅ’টোত দেখা ব্যক্তিজন ৰোহিত সৰদানা নহয়, বৰং আৰ্টিকল ১৯ৰ সাংবাদিক নবীন কুমাৰ হয় ।

Avatar

Title:অন্য কোনো সাংবাদিকৰ ভিডিঅ’ এটা প্ৰয়াত সাংবাদিক ৰোহিত সৰদানাৰ বুলি শ্বেয়াৰ কৰি থকা হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *