FACT CHECK: আৰক্ষীৰ লোকজন কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই, এয়া এটা মক ড্ৰিলহে!

Coronavirus False Medical

যিমানে দেশত কৰ’ণা ভাইৰাছৰ আতংক বাঢ়ি গৈছে, সিমানেই ছোচিয়েল মিডিয়াৰ কৰ’ণা ভাইৰাছ সম্পৰ্কীয় বহু ভূৱা খবৰ ,ভূৱা পোষ্ট ভাইৰেল হৈ পৰিছে। 

অসমৰ ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে,য’ত দেখা গৈছে এজন আৰক্ষীৰ লোকে খোজ কাঢ়িব নোৱাৰি মাটিত ঢলি পৰিছে। তেওঁ অতিমাত্ৰা কাঁহ মৰা আৰু হাঁচিওৱা দেখা গৈছে।তেওঁ সহকৰ্মী আৰক্ষীৰ লোকে তেওঁক  উদ্ধাৰ কৰিবলৈ আহিছে আৰু চিকিৎসকক খবৰ দিছে।এই ভিডিঅ’ ক্লিপটো আৰক্ষীৰ লোকজন কৰ’ণাক্ৰান্ত হৈ পৰা বুলি দাবী কৰি শ্বেয়াৰ কৰি থকা হৈছে।

মাই ন’লেজ নামৰ এটা ফেচবুক পেজে এই ভিডিঅ’টো আপলোড কৰি এই দাবী তুলিছিল যে আৰক্ষীজন কৰ’ণাভাইৰাছত আক্ৰান্ত হৈছে। বিশেষ পোষ্টটোত লিখা হৈছে “coronaত আক্ৰান্ত এজন আৰক্ষী! Video to এবাৰ হ’লেও চাই যাব । corona কিমান ভয়ানক হ’ব পাৰে।” সেইটো ১.৬হাজাৰ বাৰ শ্বেয়াৰ হৈ ভাইৰেল হৈ পৰিছে।

Original Link: Facebook | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই দাবীৰ সত্যতা নিৰূপন কৰিব বিচাৰিলো। আমি জানিব পাৰিলো যে দাবীটো মিছা। আৰক্ষীৰ লোকজন কৰ’ণাত আক্ৰান্ত হোৱা নাই,বৰং সেয়া এক মক ড্ৰিলহে,য’ত কৰ’ণাভাইৰছৰ বিৰুদ্ধে যুঁজ দিয়াৰ অনুশীলন কৰা হৈছিল।

সত্যতা নিৰূপন পদ্ধতি

ভিডিঅ’টো অতি গুৰুত্বসহ পৰীক্ষা কৰোতে ৫:২৯ চেকেণ্ডত আমি গেট এখন “মণ্ডল কাৰা হাজিপুৰ(বৈশালী)” লিখা দেখা পালো।

সেইবাবে আমি ইউট্যুৱত এটা কী-ৱৰ্ড ছাৰ্চ কৰি চাওতে একেটা ভিডিঅ’কে পালো ইনকিলাবী হিন্দুস্থানী লাইভ নামৰ চেনেলটোত। ভিডিঅ’ৰ শীৰোনামটোত লিখা আছিল যে এইটো এটা মক ড্ৰিল। কিন্তু তাৰ বাহিৰে অন্য কোনো তথ্য তাত নাছিল। 

Archived Link

লগতে আমি পালো যে ফেক্ট ক্ৰেছেণ্ডো ইংৰাজীয়ে ইতিমধ্যেই ইয়াৰ সত্যতা নিৰূপন কৰিছে আৰু উল্লেখ কৰিছে যে ই ভূৱা। আচলতে এয়া এক মক ড্ৰিল হে। দাবী কৰা কথাটো মিছা।

ফলাফল

দাবীটো মিছা আৰু সেই বিশেষ আৰক্ষীজন কৰ’ণাত আক্ৰান্ত হোৱা নাই। এইটো আচলতে কৰ’ণাভাইৰছৰ বিৰুদ্ধে যুঁজ দিয়াৰ অনুশীলন কৰি কৰা এটা মক ড্ৰিল হে।

Avatar

Title:আৰক্ষীৰ লোকজন কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই, এয়া এটা মক ড্ৰিলহে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *