স্কুটাৰ সহ খাৱৈত পৰা এহাল দম্পতীৰ এই ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ নহয়!

False Social

দেশত বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াৰ যোগেদি বহু ভিডিঅ’ পোহৰলৈ আহিছে য’ত মানুহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে। বানপানীয়ে অসমত বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু ৯ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ ফলত অসমত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ৭১ জনলৈ বৃদ্ধি পাইছে। ইফালে ফেচবুকত বানপানীৰ সৈতে সম্পৰ্ক থকা বিভিন্ন ভিডিঅ’ অসমৰ বুলি দাবী কৰি পোষ্টৰে ভৰি পৰিছে।

শেহতীয়াকৈ স্কুটাৰত উঠি অহা এহাল দম্পতী, বহু পৰিমাণে পানীৰে ভৰি থকা, পথৰ দাঁতিৰ এটা খাৱৈত বাগৰি পৰা এটা ভিডিঅ’ অসমত ভাইৰেল হৈ পৰিছে আৰু এই ভিডিঅ’টো প্ৰকৃততে অসমৰ গুৱাহাটীৰ বুলি দাবী কৰা হৈছে।

Facebook Link | Archived Link

গুৱাহাটী যোৱা এসপ্তাহতকৈও অধিক সময় ধৰি ভয়াৱহ বানপানীৰ কৱলত পৰিছে আৰু চহৰখনৰ বাসিন্দাসকলৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰি ছ’চিয়েল মিডিয়াত একাধিক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ওপৰত উল্লেখ কৰা ভিডিঅ’টোও গুৱাহাটীৰ বুলি দাবী কৰি বহুতে শ্বেয়াৰ কৰি আছে।

আমি, ফেক্ট ক্ৰেছেণ্ড অসমীয়াই, ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ বুলি কৰা দাবীৰ সন্দৰ্ভত তদন্ত কৰাৰ সিদ্ধান্ত লৈছিলো। পুংখানুপুংখ তদন্তৰ অন্তত আমি গম পালোঁ যে ভিডিঅ’টো প্ৰকৃততে উত্তৰ প্ৰদেশৰ আলিগড়ৰ হয় আৰু দাবী কৰা মতে গুৱাহাটীৰ নহয়।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ভিডিঅ’টো আপলোড হোৱা ফেচবুক পোষ্টটো সঠিকভাৱে পৰীক্ষা কৰি গম পালোঁ যে ভিডিঅ’টোত থকা একাধিক ফেচবুক ইউজাৰে মন্তব্য কৰিছে যে ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ নহয় আচলতে উত্তৰ প্ৰদেশৰ আলিগড়ৰ হয় ৷ 

সেয়েহে আমি উক্ত তথ্য ব্যৱহাৰ কৰি গুগলত এটা কীৱৰ্ড চাৰ্চ কৰিলোঁ আৰু অতি সোনকালেই ভাইৰেল ভিডিঅ’টো আচলতে আলিগড়ৰ বুলি নিশ্চিত কৰা একাধিক বাতৰি দেখা পালোঁ ।

আমি ‘দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এটা নিউজ ৰিপ’ৰ্টত ভাইৰেল ভিডিঅ’টোৰ বিষয়ে তথ্য পাইছিলোঁ য’ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই ঘটনা উত্তৰ প্ৰদেশৰ আলিগড় চহৰত সংঘটিত হৈছে। বাতৰিটোত উল্লেখ কৰা হৈছে যে স্কুটিত উঠি অহা ব্যক্তিজন এজন উত্তৰ প্ৰদেশৰ আৰক্ষী হয় আৰু পাছত বহি অহা ব্যক্তিজন তেওঁৰ পত্নী হয় । উললেখযোগ্য যে বাতৰিটোত ভাইৰেল ভিডিঅ’টো সন্নিবিষ্ট কৰা হৈছে । 

Screenshot, news report, The New Indian Express

The New Indian Express Link

ইয়াৰ পিছত আমি ‘ইণ্ডিয়া টুডে’ৰ এটা ভিডিঅ’ নিউজ ৰিপ’ৰ্ট পাইছিলোঁ উত্তৰ প্ৰদেশৰ আলিগড়ৰ ভাইৰেল ভিডিঅ’টোৰ বিষয়ে। ইণ্ডিয়া টুডেৰ নিউজ ৰিপ’ৰ্টত কোৱা হৈছে, “উত্তৰ প্ৰদেশত বাৰিষা অহাৰ লগে লগে এটা ভিডিঅ’ ওলাল, য’ত দেখা গৈছে যে আলিগড়ত বহুত পানী জমা হোৱাৰ পিছত স্কুটিত উঠি অহা এহাল দম্পতী খাৱৈত পৰিছে”। India Today Link

ফলাফল

ভাইৰেল ফেচবুক পোষ্টটোত দাবী কৰা মতে এই ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ নহয় বৰং উত্তৰ প্ৰদেশৰ আলিগড়ৰহে হয়। স্কুটিত উঠি অহা ব্যক্তিজন এজন উত্তৰ প্ৰদেশৰ আৰক্ষী হয় আৰু পাছত বহি অহা ব্যক্তিজন তেওঁৰ পত্নী হয়। গুৱাহাটী বা অসমৰ বানপানীৰ লগত এই ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:স্কুটাৰ সহ খাৱৈত পৰা এহাল দম্পতীৰ এই ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *