ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এজন শিশুৱে পুলিচৰ ভেনত উঠি পিতৃক বিচাৰি কান্দি চিঞৰি থকা এটা হৃদয়বিদাৰক ভিডিঅ’। চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মতে, এই ভিডিঅ’টো সবৰীমালা মন্দিৰৰ, য’ত যোৱা এসপ্তাহ ধৰি প্ৰতিদিনে লাখ লাখ ভক্তই দৰ্শনৰ বাবে আহি আছে। শিশুটিয়ে পিতৃ আৰু পৰিয়ালক বিচাৰিবলৈ হাত জোৰ কৰি আৰক্ষীক অনুৰোধ কৰি থকা দেখা যায়। এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে কেৰেলাৰ সবৰীমালাত ভগৱান অয়্যাপ্পাক চাবলৈ অহা হিন্দুসকলক মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা হৈছিল, যাৰ বলি হৈছিল ভিডিঅ’টোত দেখা এই শিশুটিও।

এই ভিডিঅ'টো আমাৰ 24*7 ফেক্টলাইন হোৱাটচ‌এপ নম্বৰ 9049053770 লৈও ফ'ৰৱাৰ্ড কৰা হৈছিল আৰু কেপশ্বনত লিখা আছিল এইদৰে,"কেৰেলাৰ সবৰীমালা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীৰ ওপৰত অত্যাচাৰ। হিন্দুসকলক কোবাইছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে"।

Archived Link

এই ভিডিঅ'টো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত বাতৰিৰ প্ৰতিবেদন বিচাৰিলোঁ, তেতিয়া আমি এছিয়ানেট নিউজ চেনেলে প্ৰকাশ কৰা এটা প্ৰতিবেদন পালোঁ, যিটো ২০২৩ চনৰ ১২ ডিচেম্বৰত প্ৰকাশ পাইছিল। খবৰ অনুসৰি, ভিডিঅ'টোত দেখা গৈছে যে শিশুটিয়ে নিলাক্কালত ভিৰৰ মাজত হেৰাই যোৱা পিতৃক বিচাৰিছে। আৰক্ষীৰ সন্মুখত হাত জোৰ কৰি চিঞৰি থকা শিশুটিয়ে অৱশেষত দেউতাকক হাত জোকাৰিলে। ভিডিঅ’টোত দেখা গৈছে যে শিশুটিয়ে পিতৃক লগ পোৱাৰ পিছত সুখী হৈ আছে।

ফেক্ট ক্ৰেছেণ্ডোৰ তৰফৰ পৰা সবৰীমালা পম্পাৰ চি আই মহেশৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁ আমাক জানিবলৈ দিয়ে যে “খবৰটো সম্পূৰ্ণ মিছা। ভিডিঅ’টোত দেখা পোৱা শিশুটিয়ে বাছত কান্দি আছিল কাৰণ তেওঁৰ পিতৃয়ে বাহিৰৰ দোকানৰ পৰা উভতি অহাত পলম হৈছিল। বাছখন চলিব ধৰাত দেউতাক সোমাব নোৱাৰিব বুলি সি চিন্তিত হৈ পৰিছিল। বাহিৰত আৰক্ষীয়ে তেওঁক সান্ত্বনা দি আছিল। ল'ৰাটো অন্ধ্ৰ'ৰ। পিতৃ ঘূৰি অহাত শিশুটিয়ে পুলিচক ধন্যবাদ জনাই আনন্দৰে গুছি যায়। লগতে ভিডিঅ’টোত দেখা বাছখন আৰক্ষীৰ ভ্যান নহয়, কে এছ আৰ টি চিৰ বাছ হে। তীৰ্থযাত্ৰীসকলে ভ্ৰমণ কৰা পম্পা, নীলকল, সন্নিধনমৰ দৰে ঠাইবোৰ অৰ্ধ-বনাঞ্চল। নিৰাপত্তাৰক্ষী, আৰক্ষীৰ মূল চিন্তা হৈছে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ নিশ্চয়তা দিয়া। আৰক্ষীয়ে তীৰ্থযাত্ৰীসকলক আক্ৰমণ কৰা নাছিল, কোনো গোচৰ ৰুজু কৰা নাছিল আৰু কাকো আটকো কৰা হোৱা নাছিল। এই দাবীসমূহ সম্পূৰ্ণ মিছা আৰু প্ৰামাণিক নহয়।”

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। সবৰীমালা মন্দিৰত দৰ্শনাৰ্থীক মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। এই ভিডিঅ'টোত শিশুটিয়ে নিজৰ দেউতাকক বিচাৰিহে কান্দি আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কেৰেলাৰ সবৰীমালা মন্দিৰৰ দৰ্শনাৰ্থীক মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৰা দাবীটো সত্য নহয়।

Written By: Debanjana Baishya

Result: False