হিমাচল প্ৰদেশত অব্যাহত আছে প্ৰকৃতিৰ বিধ্বংস। বানপানী আৰু বৰষুণৰ ফলত সকলোতে দেখা গৈছে ধ্বংসলীলাৰ দৃশ্য। শেহতীয়া আপডেট অনুসৰি হিমাচল প্ৰদেশত বৰষুণৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ১৭ জুলাইলৈকে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ২০১৩ চনত উত্তৰাখণ্ডত হোৱা কেদাৰনাথ দুৰ্যোগৰ অৱস্থাৰ দৰেই এই অৱস্থা। অৱশ্যে ইয়াৰ মাজতে এনে বহু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে যিবোৰ হিমাচল প্ৰদেশৰ বুলি শ্বেয়াৰ কৰা হৈছে।

এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত পথৰ কাষৰ এটা বৃহৎ অংশ ভূমিস্খলন হোৱা দেখা গৈছে। এই ভিডিঅ'টো পঞ্জাৱ কেছাৰী বিহাৰ ঝাৰখণ্ড মিডিয়া অৰ্গেনাইজেশ্যনে ফেচবুক পেজত শ্বেয়াৰ কৰিছে। যাৰ সৈতে দাবী কৰা হৈছে যে ভাইৰেল ভিডিঅ’টো হিমাচলত বৰষুণৰ পিছত হোৱা ভূমিস্খলনৰ লাইভ ছবি।

ভিডিঅ'টোৰ লগত দিয়া কেপচনত লিখা আছে, "বৰষুণৰ পিছত ভূমিস্খলনৰ লাইভ ছবি, ভিডিঅ' ভাইৰেল হ'ল #LiveVideo #ViralVideo #himachalpradesh"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ’টো সৰু সৰু কীফ্ৰেমত বিভক্ত কৰি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ ব্যৱহাৰ কৰিলোঁ। তেতিয়া আমি Meteo Reporter 24 নামৰ এটা ইউটিউব চেনেলত ভাইৰেল ভিডিঅ'ৰ অংশটো পালোঁ, যিটো ২০২৩ চনৰ ৪ মে’ত শ্বেয়াৰ কৰা হৈছিল। তথ্য অনুসৰি ভাইৰেল ভিডিঅ’টো ইটালীৰ ব’ল’গনাত হোৱা ভূমিস্খলনৰ।

লাভ কৰা তথ্যৰ সহায় লৈ আমি ইউটিউবত আৰু এটা কীৱৰ্ড সন্ধান কৰিলোঁ, যাৰ ফলত আমি ইটালীৰ বাতৰি ৱেবছাইট la7 intanto ৰ প্ৰতিবেদনৰ সৈতে সংলগ্ন একেটা ভিডিঅ’ বিচাৰি পালোঁ। ২০২৩ চনৰ ৪ মে’ত প্ৰকাশিত এই প্ৰতিবেদনখন ইটালীৰ। তাত লিখা হৈছিল যে এমিলিয়া ৰোমাগ্নাৰ ছাণ্টেৰ্নো উপত্যকাৰ বেয়া বতৰৰ বাবে ইমোলা অঞ্চলত অবিৰতভাৱে প্ৰচণ্ড বৰষুণ হৈ আছে। যাৰ ফলত উপত্যকাটোত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। ভূমিস্খলনৰ পিছত কাৰ্চেজিঅ’ৰ এটা অংশ বিচ্ছিন্ন হৈ পৰে।

আমি পুনৰ অনুসন্ধান কৰি ইটালীৰ পৰাই METOWEB নামৰ ফেচবুক একাউণ্টত আপলোড কৰা একেটা ভাইৰেল ভিডিঅ’ পাইছিলোঁ। তাত লিখা আছিল যে কালি বিয়লি এমিলিয়া ৰোমাগ্নাত বানপানীৰ সময়ত ইমোলাৰ ওপৰৰ কাৰ্চেজিঅ’ৰ পাহাৰত ভূমিস্খলন সংঘটিত হয়। যাৰ ছবি আচৰিত। ২০২৩ চনৰ ৪ মে' তাৰিখৰ ভিডিঅ'টো চাওক।

তদুপৰি টুইটাৰত এই ভিডিঅ'টো ৱেদাৰ নিউজ @flurudhaৰ উদ্ধৃতি দি এটা টুইটত আপলোড কৰা হৈছে। গতিকে আমি কব পাৰো যে ভাইৰেল ভিডিঅ'টো হিমাচল প্ৰদেশৰ নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো হিমাচল প্ৰদেশৰ নহয় বৰং ইটালীৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো হিমাচল প্ৰদেশৰ শেহতীয়া ভূমিস্খলনৰ নহয়।

Written By: Debanjana Baishya

Result: False