ভাইৰেল ভিডিঅ’ত সেইবোৰ ডাইন’চৰৰ পোৱালি নহয়! 

False International Wildlife

পোৱালি ডাইন’চৰৰ দৰে দেখা প্ৰাণীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া প্ৰমাণ যে প্ৰকৃততে বৰ্তমান সময়টো ডাইন’চৰৰ অস্তিত্ব আছে । একেটা ভিডিঅ’ ফেচবুকত একাধিক প্ৰফাইলৰ দ্বাৰা আপলোড কৰা হৈছে । এইটো এনে ধৰণৰ এক ফেচবুক পোষ্ট : “🔹সমুদ্ৰৰ পাৰত বিশেষ জীৱ, সকলোৱে একেমুখে কলে ডাইনাছৰ শেষ হোৱা নাই, এইয়া চাওক প্ৰমাণ…

🔹 আগলৈ নে পিছলৈ? সমুদ্ৰৰ পাৰত বিশেষ জীৱ! সকলোৱে একেমুখে কলে ডাইন’ছৰ শেষ হোৱা নাই, এইয়া চাওক প্ৰমাণ…” শিৰোনামৰ সৈতে আপলোড কৰা হৈছে । 

Archived Link

১৪ ছেকেণ্ডৰ ক্লিপটোত দেখা গৈছে যে প্ৰাণীবোৰ সাগৰৰ সমুদ্ৰ তীৰত দৌৰি আছে আৰু এই ভিডিঅ’টো অসমৰ সামাজিক মাধ্যমৰ যোগেদি ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। 

ফেক্ট ক্ৰেচেণ্ডোৱে অনুসন্ধানৰ পাছত নিশ্চিত কৰিলে যে সাগৰৰ পাৰত দৌৰি থকা প্ৰাণীবোৰ পোৱালি ডাইন’চৰ নহয় বৰঞ্চ প্ৰকৃততে, পোৱালি কোটিছৰ এটা দল, এক স্তন্যপায়ী প্ৰাণী হয় । অনুসন্ধানৰ বিৱৰণ ইয়াত দিয়া হৈছে:

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ইনভিড-উই ভেৰিফাই এপ্প ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিছিলো আৰু য়াণ্ডেক্স আৰু গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ কীফ্ৰেম ব্যৱহাৰ কৰিছিলো। আমি ফ্ৰী প্ৰেছ জাৰ্নেল ৱেবছাইটত ৮ মে, ২০২২ তাৰিখে প্ৰকাশিত এটা প্ৰবন্ধৰ দেখা পাওঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু লগতে একেটা ভিডিঅ’ৰ লিংক আছে। প্ৰবন্ধটো “চাওঁক: 

Screenshot, article, Free Press Journal

Free Press Journal Link

প্ৰাণীটো ‘বেবী ডাইন’চৰৰ দৰে দেখা যায়, ভিডিঅ’ ভাইৰেল হৈছে” শীৰ্ষক শিৰোনামৰ সৈতে প্ৰবন্ধটো প্ৰকাশ হৈছিল। প্ৰবন্ধটোত কোৱা হৈছে যে ‘পোৱালি ডাইনোচৰ’ৰ দৰে দেখা পোৱা প্ৰাণীৰ এটা গোটক সাগৰৰ পাৰত দৌৰি থকা দেখা গৈছিল, যাৰ ফলত নেটিজেনসকল বিভ্ৰান্ত হৈ পৰিছিল। 

আমি ৱিকিপিডিয়াত “কোটিছ” চাইছিলো আৰু দেখিছিলো যে তেওঁলোক প্ৰচিওনিডি পৰিয়ালৰ সদস্য। এইবোৰ দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা, মেক্সিকো আৰু দক্ষিণ-পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থানীয় আৰু দৈনন্দিন দেখা পোৱা স্তন্যপায়ী প্ৰাণী। তেওঁলোকৰ সৰু কাণ, দীঘল নেজ আৰু ডাঠ ভৰি আছে। সিহঁতৰ পশমৰ কোটবোৰ সাধাৰণতে পাতল আণ্ডাৰপাৰ্টৰ সৈতে ক’লা বা মুগা ৰঙত আহে। কোটিছৰ উচ্চতা প্ৰায় ১২ ইঞ্চি আৰু সাধাৰণতে ওজন ৪ ৰ পৰা ১৮ পাউণ্ডৰ ভিতৰত হয়।

আমি ২০ জুন, ২০১৫ তাৰিখে “নেট জিঅ’ ৱাইল্ড”ৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশিত এটা ভিডিঅ’ৰ বিচাৰি পালোঁ যাৰ শিৰোনাম আছিল “কিউৰিয়াছ কোটিছ | ব্ৰাজিল”। আমি লক্ষ্য কৰিছিলো যে তেওঁলোকে তেওঁলোকৰ শৰীৰৰ ভাৰসাম্য ৰখাৰ বাবে তেওঁলোকৰ নেজ ব্যৱহাৰ কৰে। যাৰ ফলত তেওঁলোকক ডাইন’চৰৰ দৰে দেখা গৈছিল যেতিয়া সাগৰৰ পাৰত দৌৰি থকাৰ সময়ত তেওঁলোকক কেমেৰাত বন্দী কৰা হৈছিল । 

আমি ২০২১ চনৰ নৱেম্বৰত ইউটিউব ব্যৱহাৰকাৰী ‘হুছাৰ টিএক্স’ৰ দ্বাৰা প্ৰকাশিত এটা ভিডিঅ’ দেখিছিলো য’ত মেক্সিকোৰ এখন সাগৰৰ পাৰত কোটিছৰ এটা গ্ৰুপ দেখা গৈছিল আৰু উক্ত ভিডিঅ’টো সম্পাদনা কৰি ওলোতাকৈ চলালে এই প্ৰাণীবোৰক পোৱালি ডাইন’চৰৰ দৰে দেখা যায় ফলত এই প্ৰাণীবোৰ ডাইনোচৰ হয় বুলি কল্পনা কৰাটো সহজ কৰি তোলে। 

ফলাফল

ভিডিঅ’টোত থকা প্ৰাণীবোৰ কোনো শিশু ডাইন’চৰ নহয় বৰঞ্চ কোটি নামৰ এক স্তন্যপায়ী প্ৰাণী হয় ।  ভিডিঅ’টো ওলোটা কৰা হৈছে আৰু এটা মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে য’ত কোৱা হৈছে যে এইটো প্ৰমাণ যে ডাইন’চৰ এতিয়াও আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাইৰেল ভিডিঅ’ত সেইবোৰ ডাইন’চৰৰ পোৱালি নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *