
বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ, আৰিয়ান খান, এক ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা অভিনেতাজনৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহুল ভাৱে চৰ্চা চলিব ধৰিছে । এই সম্পৰ্কে বিভিন্ন ফটো তথা দাবী ভাইৰেল হৈ পৰিছে ।
শেহতীয়াকৈ ছোচিয়েল মিডিয়াত শ্বাহৰুখ খানৰ এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত অভিনেতাজনক যথেষ্ট চিন্তিত তথা মানসিক ভাৱে ভাগি পৰা যেন দেখা গৈছে । দাবী কৰা হৈছে যে এই ফটোখন শ্বাহৰুখ খানৰ পুত্ৰ ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ হয় আৰু উক্ত ফটোখন পুত্ৰৰ বাবে উদ্বিগ্ন হৈ পৰা এক পিতৃৰ কৰুণ ছবিৰ প্ৰতিফলন হয় । উল্লেখযোগ্য যে আৰিয়ান খানৰ জামিন বহু চেষ্টাৰ পাছত অতি শেহতীয়াকৈ মঞ্জুৰ হৈছে আৰু তেওঁ বহুতদিন জেইলত কটাবলগীয়া হ’ল ।
উক্ত ফটোখন অসমত বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে “#এক উদ্বিগ্ন পিতৃৰ কৰুণ ছবি! তেখেত বলিউডৰ বাদশ্বাহ ।
অর্থ,যশ, খ্যাতি,বিনিয়োগ,ক্ষমতা সকলোবোৰ মিলাই যেন এখেত বলিউডৰ সম্রাট। তেখেতৰ আর্ট, পাৰফৰ্মেঞ্চ লৈ আদিক লৈ বহু দেশত চৰ্চা চলে । ইমান কিছু থকাৰ পিছতো যেন কবিয়ে কোৱাৰ দৰে – “সকলোবোৰ ইয়াতে আছে , কিন্তু একোৱেই নাই মোৰ লগত।”
#গোটেই জীৱন মানুহৰ মনোৰঞ্জনৰ বাবে কিমান যে এক্সপেৰিমেন্ট কৰিছিল, সময় ব্যয় কৰিছিল কিন্তু নিজৰ সন্তান যে কেতিয়া, কত, কেনেকৈ, কাৰ লগত উঠা বহা কৰিছিল সেই খবৰ লোৱাৰ সময় হয়তো হোৱা নাছিল !
#সময় থাকোঁতে নিজৰ সন্তানক সময় দিয়ক।
সন্তানৰ বাবে সম্পদ নহয়, নিজৰ সন্তানক সম্পদ হিচাপে গঢ়ি তোলক।” বুলি এক দীঘল শিৰোনাম দি আপলোড কৰিছে । চুটিকৈ কবলৈ গলে উক্ত ফেচবুক পোষ্ট বোৰে দাবী কৰিছে বা বুজাইছে যে শ্বাহৰুখ খানৰ ভাইৰেল ফটোখন তেওঁৰ পুত্ৰ, আৰিয়ান খান, এক ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ হয় । এনে ধৰণৰ পোষ্ট:

আমি, ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই, এই দাবীৰ সত্যতা সম্পৰ্কে এক অনুসন্ধান কৰিছিলোঁ আৰু শেষত জানিব পৰিছিলোঁ যে উক্ত দাবী আচলতে ভুৱা হয় আৰু এই ফটোখন বহু পুৰণি হয়, ২০১৭ চনৰ হয় আৰু বৰ্তমানৰ শ্বাহৰুখ খানৰ পুত্ৰ, আৰিয়ান খান, এক ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ লগত কোনো সম্পৰ্ক নাই ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু অমৰ উজালা নামৰ ৱেবছাইটত ফটোখন আন কিছু ফটোৰ সৈতে ২০১৭ চনত প্রকাশিত এক লিখনিৰ অংশ হিচাবে পালোঁ । আমি দুয়োখন ফটো মিলাই চোৱাত স্পষ্ট হৈ পৰিল যে দুইখন ফটো একেইখনেই হয়, ভাইৰেল ফটোখন কিছু সম্পাদনা কৰি শ্বাহৰুখ খানৰ চকুৰ কাষত অলপ আন্ধাৰ কৰি দিয়া হৈছে আৰু মুখ মণ্ডল অলপ ৰঙচুৱা কৰি দিয়া হৈছে ।

উক্ত লিখনিটোত কোৱা হৈছে যে বলিউডৰ নায়িকা আলিয়া ভাটৰ জন্মদিনৰ পাৰ্টিত তোলা শ্বাহৰুখ খানৰ মেকআপ বিহীন চেহেৰাৰ উক্ত ফটো কেইখন ভাইৰেল হৈ পৰিছে ।
আমি ইয়াৰ পাছত “২০১৭ চনৰ আলিয়া ভাটৰ জন্মদিনৰ পাৰ্টি আৰু শ্বাহৰুখ খান’ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ ৱেবছাইটত ২০১৭ চনৰ, ১৬ মাৰ্চ তাৰিখে প্ৰকাশিত এক বাতৰি দেখা পালোঁ । উক্ত বাতৰিত উল্লেখ কৰা হৈছে যে সেইদিনা শ্বাহৰুখ খানৰ গাড়ীখনে দুৰ্ঘটনাবশত এজন ফটোগ্ৰাফাৰৰ ভৰিত খুন্দিওৱাত তেওঁক হস্পিটেললৈ লৈ গৈছিল ।

বাতৰিটোত শ্বাহৰুখ খানৰ কেইবাখনো ফটো প্ৰকাশ কৰা হৈছে আৰু ভালদৰে লক্ষ্য কৰিলে দেখা যাই যে উক্ত ফটোকেইখনৰ ভাইৰেল ফটোখনৰ সৈতে সাদৃশ্য আছে আৰু ভাইৰেল ফটোখনও সেইদিনা তোলা ফটোৰ মাজৰেই এখন হয় ।
ফলাফল
আমি নিশ্চিত হলোঁ যে উক্ত দাবীটো ভুৱা হয় আৰু শ্বাহৰুখ খানৰ এই ভাইৰেল ফটোখন প্ৰকৃততে ২০১৭ চনৰ হয় আৰু শেহতীয়াকৈ শ্বাহৰুখ খানৰ পুত্ৰ, আৰিয়ান খান, এক ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ লগত কোনো সম্পৰ্ক নাই । ভাইৰেল ফটোখন কিছু সম্পাদনা কৰি শ্বাহৰুখ খানৰ চকুৰ কাষত অলপ আন্ধাৰ কৰি দিয়া হৈছে আৰু মুখ মণ্ডল অলপ ৰঙচুৱা কৰি দিয়া হৈছে, যি প্ৰকৃত ফটোখন লক্ষ্য কৰিলে স্পষ্টকৈ ধৰিব পাৰি ।

Title:শ্বাহৰুখ খানৰ এই ভাইৰেল ফটোখন তেওঁৰ পুত্ৰ ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False
