FACT CHECK: স্মৃতি ইৰাণীৰ মৰ্ফ কৰা ফটো ভাইৰেল হৈ পৰিছে!

Altered Political

ভাৰতৰ বস্ত্ৰউদ্যোগ মন্ত্ৰী স্মৃতি ইৰাণীৰ এখন ফটো অসমত ফেচবুকত তেখেতৰ ওজন বৃদ্ধি সম্পৰ্কত বিভিন্ন কেপচনৰ সৈতে ভাইৰেল হৈ পৰিছে। ফটোখনত দেখা গৈছে তেখেত বহুত শকত হৈ পৰিছে আৰু সেই ফটোখন বহুলভাৱে শ্বেয়াৰ হৈ আছে।

তেনেকুৱা এটা উদাহৰণ এয়া:

Original Link- Facebook  

ফটোখন মৰ্ফ কৰাৰ দৰে লগাত ফেক্ট ক্ৰেছেণ্ড অসমীয়াই সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলো। আমি জানিব পাৰিলো যে ফটোখন মৰ্ফ কৰা হয়। 

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলো আৰু ২০১৭ৰ এপ্ৰিলত ইক’নমিক টাইমছত প্ৰকাশিত এক বাতৰি পালো য’ত সেই ফটোখনৰ প্ৰকৃত সংস্কৰণ সন্নিবিস্ত কৰা হৈছিল। তেখেতৰ সাজ পোচাক,দিনটোৰ সময়টো(সূৰ্যৰ পোহৰৰ ভিত্তিত কৰা হিচাপ মতে) আৰু বেকড্ৰপো একেই আছিল। 

Screenshot, article, The Economic Times

Original Link- The Economic Times

আমি দুয়োখন ফটো তুলনা কৰি চালো আৰু গম পালো যে ভাইৰেল হোৱা ফটোখন নিশ্চিতভাৱেই মৰ্ফ কৰা। 

ইক’নমিক টাইমছত লগোৱা ফটোখন পিটিআইৰ পৰা লোৱা।

আমি মন্ত্ৰীগৰাকীৰ শেহতীয়া ফটোও বিচাৰি চালো আৰু আৰু ২০২১ৰ ১৪জুনত জাগৰণত প্ৰকাশিত এটা বাতৰিৰ সৈতে এইখন ফটো পালো । এই ফটোখনত তেখেতক কৰ’ণাকালিন পৰিস্থিতিত বাধ্যতামূলকভাৱে এখন মাস্ক পৰিধান কৰি থকা অৱস্থাত দেখা গৈছে। অৰ্থাৎ এইখন একেবাৰে শেহতীয়া। 

Screenshot, article, Jagran

Original Link- Jagran

এই ফটোখনত তেখেতক ভাইৰেল পোষ্টসমুহত কোৱাৰ ধৰণেৰে মেদবহুল দেখা যোৱা নাই।

সিদ্ধান্ত 

স্মৃতি ইৰাণীৰ এখন ফটো মৰ্ফ কৰি তেওঁক অত্যন্ত মেদবহুল যেন দেখুৱাই ভাইৰেল কৰা হৈছে । আমি ভাইৰেল ফটোখনৰ প্ৰকৃত সংস্কৰণ বিচাৰি উলিয়াবলৈ সক্ষম হোৱাত সকলো স্পষ্ট হৈ পৰিল । 

Avatar

Title:স্মৃতি ইৰাণীৰ মৰ্ফ কৰা ফটো ভাইৰেল হৈ পৰিছে!

Fact Check By: Manjori Borkotoky 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *