FACT CHECK: ভাইৰেল হোৱা ফটোখনত জয়াললিতাৰ কাষত দেখা মহিলাগৰাকী নিৰ্মলা সীতাৰমণ নহয়!

False Political

দুগৰাকী যুৱতীৰ এখন ফটো বিভিন্ন ছ’চিয়েল মিডিয়াত এই কথাৰে ভাইৰেল হৈ পৰিছে যে, ”এয়া জয়াললিতা আৰু আমাৰ বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এখন দুৰ্লভ আলোকচিত্ৰ”। 

আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ একেখন ফটোৱে সত্যতা নিৰুপনৰ বাবে এগৰাকী ব্যক্তিয়ে প্ৰেৰণ কৰিছিল। Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই তথ্যটো ভুল। কেনেকৈ চাওক।

সত্যতা নিৰূপন পদ্ধতি

আমি অনলাইন চালো আৰু দেখা পালো যে এই ফটোখন তামিল, ইংৰাজী আদি বিভিন্ন ভাষাত বিগত কেইবাদিনো ধৰি ভাইৰেল আছে। 

আমি পৰীক্ষা কৰি দেখিলো যে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ জন্ম হৈছিল কৰ্নাটকত আৰু ভাৰতৰ বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ জন্ম হৈছিল মাডুৰাইত ।  

তদুপৰি , দুয়োৰে মাজত ১১বছৰৰ বয়সৰ পাৰ্থক্য আছে। জয়াললিতাৰ জন্ম হৈছিল১৯৪৮ চনৰ ২৪ফেব্ৰুৱাৰীত। নিৰ্মলা সীতাৰমণৰ জন্ম হৈছিল ১৯৫৯চনৰ ১৮ আগষ্টত। 

আমি নিৰ্মলা সীতাৰমনৰ কিশোৰী কালৰ ফটো আৰু আমি পৰীক্ষা কৰি থকা ফোটখনৰ তুলনা কৰি চালো। কিন্তু দেখিলো যে মুখাৱয়ব নিমিলে। 

ইয়াৰ পিছত, আমি জয়াললিতাৰ লগত সেয়া কোন জানিবলৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো। তেতিয়াই এই কথা জানিব পৰা গল যে জয়াললিতাৰ সৈতে সেয়া শিৱশংকৰী। 

জয়াললিতাই প্ৰায়েই শিৱশংকৰীৰ সৈতে তেওঁৰ নিবিড় বন্ধুত্বৰ কথা প্ৰকাশ কৰিছিল। এই ফটোখন তেওঁলোকৰ যৌৱনকালত গ্ৰহন কৰা হৈছিল। এনেদৰে অনেক ফটো দুয়োৱে তুলিছিল। 

এই ফটোখন গ্ৰহন কৰিছিল ষ্টিলছ ৰবীয়ে। এইখন ২০১৪চনত ভিন্টজেইণ্ডিয়া ক্লথিঙে প্ৰকাশ কৰিছিল। 

Vintage Indian Clothing | Archived Link

দুয়োৰে বন্ধুত্বৰ আৰু কেইখনমান ফটো এয়া। তেওঁলোকৰ বন্ধুত্বৰ কাহিনী সংবাদমাধ্যমতো প্ৰকাশ হৈছিল। 

DTNext | Archived Link 

কেইদিনমান আগতে একেই সত্যতা নিৰূপন ফেক্ট ক্ৰেছেণ্ডো তামিলেও কৰিছিল:

ফলাফল

ওপৰৰ সত্যতা নিৰূপনে এই কথা স্পষ্ট কৰি দিছে যে জয়াললিতাৰ সৈতে ফটোত থক যুৱতীগৰাকী শিৱশংকৰীহে , নিৰ্মলা সীতাৰমণ নহয়। ছোচিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা তথ্যখিনি ভুল। যদি আমাৰ পাঠকসকলে তেনেকুৱা কিবা সন্দেহজনক তথ্য লাভ কৰে তেনেহলে তুৰন্তে আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিব পাৰে।

Avatar

Title:ভাইৰেল হোৱা ফটোখনত জয়াললিতাৰ কাষত দেখা মহিলাগৰাকী নিৰ্মলা সীতাৰমণ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *