উত্তৰাখণ্ডৰ ভগৱানপুৰ তেহছিল প্ৰশাসনে অবৈধভাৱে পৰিচালিত মাদ্ৰাছাসমূহত চলোৱা অভিযানৰ দৃশ্য উত্তৰ প্ৰদেশৰ বুলি ভাইৰেল।

ৱাকফ সংশোধনী বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছতে উত্তৰ প্ৰদেশত অবৈধ আৰু নথি-পত্ৰবিহীন ৱাকফ সম্পত্তিৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যে এদল আৰক্ষী বিষয়াববীয়াই এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ চৌহদত প্ৰৱেশ কৰিছে আৰু ইছলাম ধৰ্মাৱলম্বী ব্যক্তিজনে “office” (কাৰ্যালয়) বুলি লিখা থকা এটি কোঠাৰপৰা কিছু কাগজ-পত্ৰ লৈ […]

Continue Reading

লক্ষ্নৌৰ ছাৰবাগ ৰেল ষ্টেছনৰ ২০২২চনৰে পুৰণি ভিডিঅ’ এটা অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ শেহতীয়া দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে এগৰাকী খাকী পোচাকধাৰীৰ সৈতে দুগৰাকী পুৰুষ-মহিলাৰ হতাহতি লাগিছে। মহিলাগৰাকীয়ে চেণ্ডেলেৰে খাকী পোচাকধাৰী গৰাকীক প্ৰহাৰ কৰিছে আৰু পুৰুষগৰাকীয়েও তেওঁৰ সৈতে মাৰপিটত লিপ্ত হৈছে। খাকী পোচাকধাৰীগৰাকীয়েও দুয়োকে প্ৰহাৰ কৰিছে। পোষ্টটোত সেই পুৰুষ-মহিলাহালক এক দম্পতী […]

Continue Reading

ইষ্টানবুল বিমান বন্দৰৰ ফটো উত্তৰ প্ৰদেশৰ নতুন ২১ সংখ্যক বিমান বন্দৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেইখন উত্তৰ প্ৰদেশৰ এটা নতুন বিমান বন্দৰৰ ফটো। লগতে দাবী কৰিছে যে এই নতুন বিমান বন্দৰেৰে উত্তৰ প্ৰদেশ ২১টা বিমান বন্দৰ থকা ৰাজ্য হৈ পৰিছে। পোষ্টটোত লিখিছে এইদৰেঃ- কি ধুনীয়া দেখোন। কুম্ভমেলাৰ পাছত এনেকুৱা বিমান বন্দৰ বনাব পাৰিছে উত্তৰ প্ৰদেশে। ২১টা বিমান বন্দৰ […]

Continue Reading

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা সম্পৰ্কত সামাজিক মাধ্যমত ভাইৰেল হোৱা মিছা খবৰৰ সত্যতা নিৰূপণসমুহৰ এক সংকলিত লেখা।  

প্ৰস্তাৱনা শেহতীয়াকৈ অন্ত পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত পূৰ্ণ মহাকুম্ভ মেলা। ১৪৪ বছৰৰ অন্তত এই পূৰ্ণ মহাকুম্ভ মেলাৰ আয়োজন কৰা হয়। সাধাৰণতে প্ৰতিবছৰেই কুম্ভমেলাৰ আয়োজন কৰা হয়। তাক কোৱা হয় অৰ্ধকুম্ভ, দুই বছৰৰ অন্তত আয়োজয় কৰা হয় কুম্ভমেলা, ১২ বছৰৰ মুৰত আয়োজিত হয় মহা কুম্ভমেলা আৰু এইদৰে ১২ বছৰৰ অন্তত আয়োজিত মহাকুম্ভ মেলা ১২বাৰ আয়োজন […]

Continue Reading

খননকৃত জলাধাৰৰ ফটোৰে উত্তৰ প্ৰদেশৰ চম্ভলত ৫০০ বছৰ পুৰণি মছজিদ উদ্ধাৰ বুলি মিছা দাবী। 

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ চম্ভলত মাটিৰ তলত ৫০০ বছৰ পুৰণি মছজিদ উদ্ধাৰ হৈছে। আপলোড হোৱা ফটোখনত মুঠ তিনিখন ভিন্ন ফটো আছে। এইদৰে সেই ফটোসমুহ চম্ভলত উদ্ধাৰ হোৱা ৫০০ বছৰ পুৰণি মছজিদৰ ফটো বুলি দাবী কৰা হৈছে। কেপছনত লিখিছে-  উত্তৰ প্ৰদেশত, চম্ভলত মাটিৰ তলত ৫০০ বছৰৰ […]

Continue Reading

মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুটা ভিন্ন ঘটনাৰ দৃশ্যক একেলগ কৰি উত্তৰ প্ৰদেশৰ ঘটনা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ। ভিডিঅ’টোত দুটা ভিন্ন দৃশ্য দেখা গৈছে। এটা দৃশ্যত এজন যুৱকক হাতত বান্ধি কোবাই কোবাই ৰাজপথেৰে লৈ গৈ আছে আৰক্ষীৰ লোকে আৰু আনটো দৃশ্যত দেখা গৈছে যে বাইকত অহা যুৱক এজনে যুৱতীগৰাকীমানৰ সৈতে অশালীন আচৰণ কৰি উধাও হৈছে। ভিডিঅ’টোৰে দাবী […]

Continue Reading

উত্তৰ প্ৰদেশৰ বাৰানসীত একেলগে ৩৫গৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰা খবৰটো সত্য নহয়। এয়া চৰকাৰী এটা বিভাগৰ ভুলৰ বাবে হোৱা এক কাণ্ড।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো বিয়পি পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱে বিভিন্ন ব্যৱহাৰকাৰীলৈ সেই ফটোখন প্ৰেৰণ কৰি দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ ৩৫গৰাকী অবিবাহিতা যুৱতী একেলগেই গৰ্ভৱতী হৈছে আৰু তাকে লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।  আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই একেখন ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী […]

Continue Reading

ভাইৰেল ক’লাজত যোগী আদিত্যনাথে গৰুৰ প্ৰস্ৰাৱ পান কৰা দেখুওৱা ছবিখন মৰ্ফ কৰা হৈছে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দুখন ছবিৰ এটা ক’লাজ অসমৰ ফেচবুক ব্যৱহাৰকাৰীসকলৰ মাজত সামাজিক মাধ্যমৰ যোগেদি ভাইৰেল হৈ আছে। ক’লাজ এখনত যোগী আদিত্যনাথক গাখীৰৰ দৰে দেখা পোৱা দ্ৰৱ্য পানীত ঢালি থকা দেখা গৈছে আৰু আনখন ছবিত তেওঁক উৎসৰ পৰা পোনপটীয়াকৈ গৰুৰ প্ৰস্ৰাৱ খোৱা দেখা গৈছে। ক’লাজটোত কিছু কথাও লিখা আছে। ইয়াত এনে এটা পোষ্ট আছে: […]

Continue Reading

উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাত ৩৩৫০টন সোণ উদ্ধাৰ হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ সমগ্ৰ দেশতে এক বাতৰিয়ে খলকনি তুলিছে । বিভিন্ন নিউজ গোষ্ঠীৰ লগতে ছচিয়েল মিডিয়াৰ জৰিয়তেও উক্ত বাতৰিটো ভাইৰেল হৈ পৰিছে । বাতৰিটোৰ মতে উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ সোণৰ খনিত ৩৩৫০টন সোণ পোৱা গৈছে  । বাতৰিটোত আৰু দাবী কৰা হৈছে যে উদ্ধাৰ হোৱা সোণ খিনি ভাৰতৰ সংৰক্ষিত সোণৰ ৫ গুণ হয় […]

Continue Reading