এই ঘণ্টা আৰু টিলিঙাবোৰ BHELএ নিৰ্মাণ কৰা নাই।

অহা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। এই সন্দৰ্ভত ইণ্টাৰনেটত বহুতো ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে এখন ট্ৰাকত বহুতো ঘণ্টা আৰু টিলিঙা লৈ যোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। দাবী কৰা হৈছে যে BHELএ অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ঘণ্টা আৰু টিলিঙা নিৰ্মাণ কৰিছে। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

২০১১ চনৰে ভিডিঅ’ জাপানৰ শেহতীয়া চুনামীৰ বুলি শ্বেয়াৰ কৰা হৈছে।

সমগ্ৰ বিশ্বই নৱবৰ্ষৰ উদযাপনত আনন্দিত হৈ থকাৰ সময়তে জাপান দুখ আৰু চকুলোৰ মাজত ডুব গৈছিল। ২০২৪ চনৰ প্ৰথম দিনাই জাপানক ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। ইয়াৰ পাছত জাপানৰ প্ৰশাসনে উত্তৰ-পশ্চিম উপকূলীয় অঞ্চলত চুনামীৰ সতৰ্কবাণী জাৰি কৰে। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি ইছিকাৱা আৰু ইয়াৰ আশে-পাশে থকা প্ৰিফেকচাৰত সংঘটিত হৈছে এই ভূমিকম্প। সেইবাবেই নিগাটা আৰু […]

Continue Reading

এই ভিডিঅ’টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয়।

২০২৪ চনৰ ১ জানুৱাৰীৰ বিয়লি মধ্য জাপানত ৭.৫ মাত্ৰাৰ ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙে, জুই লাগে তথা পূব ৰাছিয়ালৈকে চুনামী সতৰ্কবাণীৰ সূচনা কৰে। সেয়ে জাপানৰ ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহ খালী কৰিবলৈ বাসিন্দাসকলক নিৰ্দেশ দিয়া হয়। এই ভূমিকম্পৰ ফলত জাপানৰ পশ্চিম উপকূল আৰু চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত প্ৰায় ১ মিটাৰ পৰ্যন্ত ঢৌৰ সৃষ্টি হয় আৰু কৰ্তৃপক্ষই কয় […]

Continue Reading

গৌৰৱ গগৈৰ এই বক্তব্যটো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈক দেখা গৈছে আৰু তাত গৌৰৱ গগৈয়ে এইদৰে কোৱা বুলি উল্লেখ কৰা হৈছে,” মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুৰ দৰে হিন্দু আজিলৈকে আমাৰ দেশৰ ইতিহাসত নাই”। Facebook Link | Archived Link  কিন্তু গৌৰৱ গগৈয়ে সঁচাকৈয়ে তেনেদৰে কৈছিলনে? আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

ৰাম মন্দিৰ নিৰ্মান হ’লে কপিল চিবালে আত্মহত্যা কৰিব বুলি টুইট কৰিছিল নেকি সঁচাকৈ?

সম্প্ৰতি কপিল ছিবালৰ এটা টুইটৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ২০২০ চনৰ ২৯ জুলাইৰ এই টুইটটোত লিখা আছিল যে ৰাম মন্দিৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ পূৰ্বেই কপিল ছিবালে আত্মহত্যা কৰিব। বৰ্তমান ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে কপিল ছিবালে এই কথা টুইট কৰিছিল আৰু এতিয়া তেওঁ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিবলৈ তেওঁক সোঁৱৰাই দিয়াৰ সময় আহি […]

Continue Reading

এই ফটোখন সাগৰৰ তলৰ দ্বাৰকা নগৰৰ নহয়।

শেহতীয়াকৈ গুজৰাট চৰকাৰে পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজনৰ কথা ঘোষণা কৰিছে। ছাবমেৰিনেৰে সাগৰ তলীৰ দ্বাৰকা নগৰ দৰ্শন কৰাৰ সুবিধা কৰিবলৈ মাজাগন ডক শ্বিপয়াৰ্ডৰ সৈতে গুজৰাট চৰকাৰৰ চুক্তি হৈছে। এই সম্পৰ্কে বাতৰি বিভিন্ন কাকতত প্ৰকাশ পোৱাৰ লগতে চ’চিয়েল মেডিয়াতো শ্বেয়াৰ কৰা হৈছে। এই বাতৰিটো শ্বেয়াৰ কৰি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁৰ পোষ্টত এখন বাতৰি কাকতৰ পৃষ্ঠাৰ এটা […]

Continue Reading

আমূলে শ্বৰম নামৰ এবিধ ছীজ মুকলি কৰিছে নেকি?

আমূলে সাম্প্ৰতিক ঘটনা সন্দৰ্ভত চ’চিয়েল মেডিয়াত প্ৰায়ে অভিনৱ কাৰ্টুন পোষ্ট কৰি অহা দেখা গৈছে। শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এখন ফটো ভাইৰেল হৈছে য’ত “Amul Sharam” নামৰ এবিধ ছীজৰ(cheese) এটা পেকেট দেখা গৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে আমূলে শ্বৰম নামৰ এবিধ ছীজ মুকলি কৰিছে। ফেচবুকত এই ফটোখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে – “পৰিব্ৰাজকৰ ডায়েৰী….. আমূল […]

Continue Reading

অমিতাভ বচ্চন, অক্ষয় কুমাৰ,অৰ্ণৱ গোস্বামী আদিয়ে সঁচাকৈয়ে অনলাইন জুৱাৰ বাবে আহ্বান কৰিছেনে?

অতি শেহতীয়াকৈ আপোনালোকে হয়তো ফেচবুকত ইটো সিটো কথা চাই থাকোতে বহু সময়ত দেশৰ আগশাৰীৰ সাংবাদিক অৰ্ণৱ গোস্বামী, ৰবিশ কুমাৰ অথবা কিংবদন্তি অভিনেতা অমিতাভ বচ্ছনৰ লগতে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰলৈকে এইসকল লোকে কিছুমান অনলাইন খেলৰ জৰিয়তে লক্ষ লক্ষ ধন লাভ কৰাৰ কথা কৈ বিজ্ঞাপন কৰা দেখিছে। তেওঁলোকে সেই নিৰ্দিষ্টি এপটোৰ জৰিয়তে কিদৰে ধন ঘটিব পাৰি সেই […]

Continue Reading

ফটোখনত থকা ব্যক্তিগৰাকী মহাত্মা গান্ধী হয়নে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত মহাত্মা গান্ধীৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত মহাত্মা গান্ধীৰ নিচিনা অৱয়বৰ এজন ব্যক্তিয়ে এগৰাকী মহিলাৰ লগত নৃত্য কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে মহাত্মা গান্ধীয়ে‌ এইদৰে মহিলাগৰাকীৰ লগত নৃত্য কৰি আছিল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা […]

Continue Reading

এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই।

২৪ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে। এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকৰ সৈতে বহি খাদ্য খোৱাৰ ফটো ভাইৰেল হৈ পৰিছে। চ’চিয়েল মেডিয়াত ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাম মন্দিৰ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে খাদ্য গ্ৰহণ কৰি আছে। অসমৰ […]

Continue Reading