পাকিস্তানত এগৰাকী পিতৃয়ে নিজ কন্যাক চতুৰ্থ পত্নীৰূপে গ্ৰহণ কৰিলে নেকি?

পাকিস্তানত এগৰাকী ছোৱালীয়ে নিজ পিতৃক বিয়া কৰাইছিল বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত মহিলাগৰাকীয়ে কোৱা দেখা গৈছে যে, “ৰবিয়া নামটো চতুৰ্থ কন্যাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু দ্বিতীয় কন্যা হোৱাৰ বাবে তাই চতুৰ্থ পত্নী হোৱাৰ কথা ভাবিছিল”, যিটো ছ’চিয়েল মিডিয়াত একাংশ লোকে বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰিছিল , ‘পিতৃৰ সৈতে কন্যাৰ বিবাহ’ […]

Continue Reading

এই ভিডিঅ’টো হিমাচল প্ৰদেশৰ শেহতীয়া ভূমিস্খলনৰ নহয়।

হিমাচল প্ৰদেশত অব্যাহত আছে প্ৰকৃতিৰ বিধ্বংস। বানপানী আৰু বৰষুণৰ ফলত সকলোতে দেখা গৈছে ধ্বংসলীলাৰ দৃশ্য। শেহতীয়া আপডেট অনুসৰি হিমাচল প্ৰদেশত বৰষুণৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ১৭ জুলাইলৈকে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ২০১৩ চনত উত্তৰাখণ্ডত হোৱা কেদাৰনাথ দুৰ্যোগৰ অৱস্থাৰ দৰেই এই অৱস্থা। অৱশ্যে ইয়াৰ মাজতে এনে বহু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ […]

Continue Reading

এই ভিডিঅ’টো ফ্ৰান্সৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয়।

২৭ জুনত নাহেল নামৰ এজন ১৭ বছৰীয়া ফৰাচী-আলজেৰিয়ান যুৱকক এজন আৰক্ষী বিষয়াই গুলীয়াই হত্যা কৰিছিল। কোৱা হৈছে যে তেওঁ কৰ্তৃপক্ষক সহযোগ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ বাবেই তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পিছত ফ্ৰান্সত হিংসা আৰম্ভ হয়। এই ঘটনাৰ পিছত ইণ্টাৰনেটত বহু ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা […]

Continue Reading

হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ফেচবুক পোষ্ট ভাইৰেল। ২০২৪ নিৰ্বাচনত জয়ী কৰাবনে সুধিছে বুলি দাবী।

অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই নিজৰ কামকাজসমুহ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক জনাই আহিছে। কেৱল কামকাজেই নহয়, বিভিন্ন নতুন আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন নিৰ্দেশ তথা ঘোষণাও তেখেতৰ ফেচবুক, টুইটাৰ আদি একাউণ্টৰ জৰিয়তে ৰাইজক অৱগত কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়া পৰিচালনা কৰাৰ বাবে এটা নিৰ্দিষ্ট কৰ্মীৰ দলো নিয়োজিত হৈ আছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰতিটো গতিবিধি, প্ৰতিটো […]

Continue Reading

এই মেচেজটো সঁচাকৈয়ে ভাৰত চৰকাৰ আৰু হায়দৰাবাদ পুলিচৰ তৰফৰপৰা পঠিওৱা হৈছেনে?

শেহতীয়াকৈ এটা বিশেষ মেচেজ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভাৰত চৰকাৰ আৰু হায়দৰাবাদ পুলিচৰদ্বাৰা পঠিওৱা বুলি দাবী কৰা এই মেচেজটোত কোৱা হৈছে যে বিভিন্ন ক’ল্ড ড্ৰিংকছ যেনে মাজা, ক’কা কোলা, চেভেন আপ, পেপছি আদিত সেই কোম্পানীত কৰ্মৰত কোনো কৰ্মচাৰীয়ে ইবোলা ভাইৰাছ সংক্ৰমিত তেজ মিহলি কৰিছে। এই বাতৰিটো এন ডি টি ভি ত সম্প্ৰচাৰিত হোৱা […]

Continue Reading

ফিলিপাইনছৰ এটা ডাকঘৰৰ পুৰণি ভিডিঅ’ ফ্ৰান্সৰ আলকাজাৰ লাইব্ৰেৰী বুলি ভাইৰেল কৰা হৈছে।

২০২৩ চনৰ ২৭ জুনত ফ্ৰান্সত নাহেল মেৰজুক নামৰ যুৱকক এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰাৰ পাছত ধাৰাবাহিকভাৱে নাগৰিকৰ দ্বাৰা অশান্তিকৰ পৰিবেশ আৰম্ভ হয়। নান্টেৰেত ২৭ জুনত আৰক্ষী মুখ্য কাৰ্যালয়ৰ বাহিৰত স্থানীয় একাংশ বাসিন্দাই প্ৰতিবাদ আৰম্ভ কৰে আৰু যিটো প্ৰতিবাদ পাছলৈ সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। বিক্ষোভকাৰীসকলে গাড়ী জ্বলাই দিয়ে, বাছ ষ্টপ ধ্বংস কৰে আৰু আৰক্ষীক লক্ষ্য কৰি আতচবাজী […]

Continue Reading

এই ভিডিঅ’টো টাইটান ছাবমেৰিনৰ নহয়।

টাইটানিক জাহাজৰ শতিকা পুৰণি ধ্বংসাৱশেষ চাবলৈ যাত্ৰা কৰা পাঁচজন লোকক কঢ়িয়াই নিয়া ছাবমেৰিন ‘টাইটান’ ‘কেটাষ্ট্ৰফিক ইমপ্লোজন’ (বিপৰ্যয়জনক বিস্ফোৰণ)ৰ ফলত ভাঙি টুকুৰা টুকুৰ হোৱাত ছাবমেৰিনখনত থকা কেওজন যাত্ৰীৰ মৃত্যু হৈছিল।বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে আমেৰিকাৰ ক’ষ্ট গাৰ্ডে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী অ’চেন গেট এক্সপেডিচনে পৰিচালনা কৰা টাইটান জাহাজখন দেওবাৰে পুৱা (১৮ জুন) পৃষ্ঠ সমৰ্থন জাহাজৰ সৈতে যোগাযোগ […]

Continue Reading

এটা ২৫০ টকীয়া যন্ত্ৰই বিদ্যুতৰ বিল আধাতকৈয়ো কম কৰি দিব পাৰে নেকি? সঁচানে?

  অসমত স্মাৰ্ট মিটাৰৰ প্ৰচলন আৰম্ভ হোৱাৰ পাছৰে পৰা অধিক হাৰৰ বিজুলী মাচুলে সাধাৰণ জনতাক আহুকালত পেলোৱা দেখা গৈছে। তাকে লৈ চ’ছিয়েল মিডিয়াতো বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সংবাদ মাধ্যমতো এই সম্পৰ্কত বিভিন্ন বাতৰি দেখা গৈছে।  তেনেকুৱা সময়তে ASSAMPRIME24 নামৰ এটা ৱেবচাইটত প্ৰকাশিত এক প্ৰতিবেদনে একাংশ লোকৰ দৃষ্টি আকৰ্শন কৰিছে। তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদন মতে […]

Continue Reading

এই ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা নাছিল।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। “ইজিপ্টৰ ১০০০ বছৰ পুৰণি এখন মছজিদত আমাৰ মোদী চাহাব” শীৰ্ষক ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা দেখা গৈছে। Facebook Link | Archived Link তেনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব। আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

ইউনিফৰ্ম চিভিল কোডৰ সমৰ্থনত মিছ্ড কলৰ বাবে ভাইৰেল হোৱা নম্বৰটোৰ সত্যতা কি?

শেহতীয়াকৈ ইউনিফৰ্ম চিভিল কোড(UCC)ৰ সমৰ্থনত মিছ্ড কল দিবলৈ এটা বিশেষ নম্বৰ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। নম্বৰটো হ’ল 09090902024। এই দাবীৰে শ্বেয়াৰ হোৱা এটা পোষ্ট আমি ফেচবুকতো পালোঁ। পোষ্টটোত লিখা আছিল এইদৰে,”ইউনিফৰ্ম চিভিল কোড আইন টোক সমৰ্থন দিয়াৰ বাবে তলত উল্লেখ কৰা ওয়েভ চাইটত প্ৰৱেশ কৰি নিজৰ নাম, মোবাইল নম্বৰ, ঠিকনা আৰু জিলা, ৰাজ্যৰ […]

Continue Reading