FACT CHECK: পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট এই বছৰৰ মাৰ্চৰ পৰা অচল নহয়!

False Social

শেহতীয়াভাবে বহুকেইটা সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত এটা কথা বহুলভাৱে প্ৰচাৰ হৈছে যে এইবছৰৰ মাৰ্চৰ পৰা ভাৰতত পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোটসমুহ অচল হৈ পৰিব। অসমৰো বহুতো ফেচবুক একাউন্টৰ পৰা এইধৰণৰ পোষ্ট কৰা দেখা গৈছে। 

এনডি২৪ নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পেজত এই বিষয়ে এক বাতৰি যোৱা ২৩ জানুৱাৰী, ২০২১ তাৰিখে প্ৰকাশ কৰা হৈছে য’ত দাবী কৰা হৈছে যে পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট এই বছৰৰ মাৰ্চৰ পৰা অচল হৈ পৰিব । উক্ত ফেচবুক পোষ্টটো বৰ্তমানলৈকে ৯৫৮ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে । 

Note FB.png

Original Link- Facebook | Archived Link

ইয়াৰ উপৰিও আন কিছু ফেচবুক পেজ আৰু প্রফাইলৰ পৰাও এই বিষয়ে পোষ্ট আপলোড কৰা হৈছে । 

Original Link- Facebook | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই সত্যতা নিৰূপন কৰিলো যে এই দাবীটো সন্দৰ্ভত আমি সত্যতা নিৰূপন কৰিম আৰু আমি জানিব পাৰিলো যে সেই দাবী মিছা আৰু আনকি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়ায়ো এই দাবীক অসত্য বুলি আখ্যা দিছে। 

সত্যতা নিৰূপন পদ্ধতি

আমি কেইটামান বিশেষ প্ৰাসংগিক শব্দ লৈ গুগলত ছাৰ্চ কৰি চালো। আৰু আমি কেইবাটাও এনেকুৱা বাতৰি লাভ কৰিলো য’ত স্পষ্টভাৱে উল্লেখ কৰা আছে যে তেনেকুৱা কোনো ধৰণৰ ঘোষণা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ফালৰ পৰা কৰা হোৱা নাই। Original Link- The News Minute | Archived Link

Note NDTV.png

Screenshot NDTV article

Original Link: NDTV | Archived Link

আমি আৰবিআইৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটোও পৰীক্ষা কৰি চালো আৰু পালো যে তেওঁলোকে সেইধৰণৰ খবৰবোৰ মিছা বুলি ইতিমধ্যেই এটা স্পষ্টীকৰণ তাত প্ৰকাশ কৰিছে। 

Archived Link

কেন্দ্ৰীয় চৰকাৰেও এইবাতৰিসমুহ অস্বীকাৰ কৰিছে। প্ৰেছ ইনফৰ্মেছন ব্যুৰোৱে এক টুইটাৰ বক্তব্যত উল্লেখ কৰি এই দাবী মিছা বুলি স্পষ্ট কৰিছে আৰু লগতে কৈছে যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই তেনেকুৱা কোনো ঘোষণা কৰা নাই। 

পিআইবি ফেক্ট চেকে টুইট কৰিছে: “RBI has not made any announcement to discontinue usage of old currency notes of Rs 5, Rs 10 and Rs 100.”(আৰবিআয়ে পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কোনো ঘোষণা কৰা নাই।)

Archived Link

আৰবিআইৰ সহকাৰী মহা প্ৰৱন্ধক বি মহেশে মাৰ্চ, এপ্ৰিলৰ পৰা চেন্টেল বেংকে পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট বন্ধ কৰাৰ চিন্তা চৰ্চা কৰি থকা বুলি এক বক্তব্য প্ৰকাশ কৰাৰ পিছত ২০২১ৰ মাৰ্চৰ পৰা এই নোটকেইখনৰ প্ৰচলন বন্ধ হৈ পৰিব বুলি বিভিন্ন উৰাবাতৰি প্ৰচাৰ হোৱা আৰম্ভ হৈ পৰিল।মহেশে স্পষ্টভাৱে উল্লেখ কৰিছিল যে সেই নোটসমুহ ক্ৰমান্বয়ে প্ৰচলনহীন হৈ পৰিব, কিন্তু যেতিয়ালৈকে প্ৰচলনত থাকে, তেতিয়ালৈ সেই নোটসমুহ লেনদেনৰ বাবে আগৰ দৰেই ন্যায়সংগত হৈ থাকিব। সেই কথাটো কিন্তু আওকান কৰা হৈছে। 

Note Daji.png

Screenshot Dajiworld article

Original Link- Dajiworld | Archived Link

ফলাফল

পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোটৰ প্ৰচলন এই বছৰৰ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব বুলি প্ৰচাৰ কৰা দাবীটো মিছা। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়ায়ে স্পষ্ট কৰি দিছে তেনেকুৱা কোনো ঘোষণা কৰা হোৱা নাই আৰু খবৰসমুহ অসত্য। 

Avatar

Title:পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট এই বছৰৰ মাৰ্চৰ পৰা অচল নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *