ভাইৰেল হোৱা ৰাহুল গান্ধীৰ যুগ্ম-অযুগ্ম টুইটটো ভুৱা হয়!

False Political
WhatsApp Image 2020-05-27 at 16.49.31.jpeg

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৫০ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৬ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৫২ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪৩৩৭ জনৰ মৃত্যু হৈছে । অসমতো প্ৰায় ৬৭৪ ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে । 

ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে বাবে লক ডাউন ৩১ মে’, ২০২০ তাৰিখ পৰ্য্যন্ত বঢ়াই দিয়া হৈছে যদিয়ো বিভিন্ন প্ৰতিবন্ধকতা লাহে লাহে শিথিল কৰি দিয়া হৈছে । কিন্তু এতিয়াও দেশত স্কুল-কলেজ কেতিয়াৰ পৰা খুলিব, সেই সম্পৰ্কে এক অনিশ্চয়তা দেখা গৈছে । 

এই সময়তে ক’ৰনা ভাইৰাছ আৰু ইয়াৰ আন সম্পৰ্কীয় বিষয়ে বিভিন্ন ফটো/ভিডিঅ’/বাৰ্তা ফেচবুকৰ যোগেদি ভাইৰেল হব ধৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । 

এনে এক টুইটাৰ পোষ্টৰ স্ক্ৰিনশ্বট সম্প্ৰতি হোৱাটচ এপ্প আৰু ফেচবুকত ভাইৰেল হৈ পৰিছে । ‘ফেক্ট ক্ৰেছচেণ্ড অসমীয়া’ৰ সৈতেও এই স্ক্ৰিনশ্বট শ্বেয়াৰ কৰা হৈছে আৰু ইয়াৰ সত্যতা সম্পৰ্কে প্ৰশ্ন কৰা হৈছে । এইটো কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক টুইটৰ স্ক্ৰিনশ্বট বুলি দাবী কৰা হৈছে য’ত লিখা আছে যে স্কুল-কলেজবোৰ ১ জুন, ২০২০ তাৰিখৰ পৰা যুগ্ম-অযুগ্ম ভিত্তিত খুলি দিব লাগে, অযুগ্ম দিনত শিক্ষক আহিব আৰু যুগ্ম দিনত শিক্ষাৰ্থী আহিব । 

ৰাহুল গান্ধীয়ে শেহতীয়াকৈ চৰকাৰৰ লক ডাউনৰ নীতি নিয়ম আদিৰ সম্পৰ্কে বিভিন্ন সময়ত সমালোচনা কৰি আহিছে গতিকে বিভিন্নজনে এই টুইটটো সঁচা বুলি ভাবিছে । আমি এই ভাইৰেল স্ক্ৰিনশ্বটৰ সত্যতা বিচাৰ কৰিলোঁ, কেনেদৰে চাওঁ আহক । 

প্ৰণালী

আমি প্ৰথমে ভাইৰেল স্ক্ৰিনশ্বটটো ভালদৰে লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে ২২ মে’, ২০২০ বুলি টুইটটোৰ প্ৰকাশৰ সময় দিয়া আছে আৰু Nokia E75 নামৰ মোবাইল ফোন এটাৰ পৰা উক্ত টুইটটো কৰা বুলি উল্লেখ আছে । এই সম্পৰ্কে যেতিয়া ৰাহুল গান্ধীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো লক্ষ্য কৰিলোঁ, আমি দেখিলোঁ যে ৰাহুল গান্ধীয়ে সেই দিনা এনে ধৰণৰ কোনো টুইট কৰা নাই । 

WhatsApp Image 2020-05-27 at 11.33.12.jpeg

টুইটাৰ লিংক

WhatsApp Image 2020-05-27 at 11.33.22.jpeg

আমি আৰু লক্ষ্য কৰিলোঁ যে তেওঁৰ টুইটবোৰত সাধাৰণতে ‘Twitter For iPhone’ বুলিহে লিখা থাকে । 

WhatsApp Image 2020-05-27 at 11.34.00.jpeg

আমি ইয়াৰ উপৰিও এই সম্পৰ্কে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে তেওঁ এনেধৰণৰ কোন মন্তব্য বা টুইট তেওঁ কৰিছে বুলি ক’তো বাতৰি প্ৰকাশ হোৱা নাই । 

ফলাফল

উক্ত ভাইৰেল স্ক্ৰিনশ্বটটো ভুৱা হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এনে ধৰণৰ কোনো টুইট কৰা নাই । এইটো গান্ধীয়ে কৰা টুইট বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । 

Avatar

Title:ভাইৰেল হোৱা ৰাহুল গান্ধীৰ যুগ্ম-অযুগ্ম টুইটটো ভুৱা হয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *