
অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ থকা এটা পোষ্টত দাবী কৰা হৈছে যে ভাৰতীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰিছে। পোষ্টটো এখন পোষ্টাৰৰ সৈতে শ্বেয়াৰ কৰা হৈছে য’ত ৰাষ্ট্ৰপতিৰ ছবি আছে ।
ইয়াক নিম্নলিখিত শিৰোনামৰ সৈতে শ্বেয়াৰ কৰা হৈছে:
“এতিয়াৰ পৰা ধৰ্ষণ কৰিলেই চিধা ফাঁচী”
ঘোষণা কৰিলে দেশৰ মহামান্য ৰাষ্ট্ৰপতিয়ে।
আদৰণি জনাইছোঁ এই ঐতিহাসিক পদক্ষেপ লোৱা বাবে।


অনুসন্ধানৰ পাছত ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই ঠাৱৰ কৰিছে যে পোষ্টটো আংশিকভাৱে মিছা। ৰাষ্ট্ৰপতিয়ে, ২০১৮ চনত, এটা অধ্যাদেশ পাছ কৰিছিল য’ত কোৱা হৈছিল যে ধৰ্ষণৰ ঘটনাত শাস্তি, য’ত ভুক্তভোগীসকলৰ বয়স ১২ বছৰৰ তলত, মৃত্যুদণ্ড হ’ব। ইয়াত বিৱৰণ দিয়া হৈছে:
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি গুগলত এটা কীৱৰ্ড অনুসন্ধান চলাইছিলো শেহতীয়াকৈ এনে কোনো বাতৰি প্ৰকাশ পাইছে নেকি চাবলৈ কিন্তু আমি শেহতীয়া কোনো বাতৰি প্ৰতিবেদন বিচাৰি পোৱাত ব্যৰ্থ হৈছিলো য’ত কোৱা হৈছিল যে ৰাষ্ট্ৰপতি কোবিন্দে সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰিছে। আমি সকলো অফিচিয়েল ছচিয়েল মিডিয়া একাউণ্ট আৰু ৱেবছাইটত অনুসন্ধান কৰিছিলো য’ত এনে আপডেট সাধাৰণতে পোষ্ট কৰা হয় কিন্তু শেহতীয়া কোনো পোষ্ট পোৱা নাছিলো।
আমি ২০১৮ চনৰ কিছু বাতৰি পাইছিলো য’ত কোৱা হৈছিল যে ভুক্তভোগীৰ বয়স ১২ বছৰৰ তলৰ হ’লে ৰাষ্ট্ৰপতিয়ে ধৰ্ষণকাৰীসকলক মৃত্যুদণ্ড দিয়া হব বুলি এক অধ্যাদেশ গৃহীত কৰিছে । এনডিটিভিৰ ৱেবছাইটত ২২ এপ্ৰিল, ২০১৮ তাৰিখে এনে এটা বাতৰি প্ৰতিবেদন প্ৰকাশ হৈছে যাৰ শিৰোনাম হৈছে “ৰাষ্ট্ৰপতিয়ে ১২ বছৰৰ তলৰ শিশুৰ ধৰ্ষণৰ বাবে মৃত্যুদণ্ডৰ ওপৰত অধ্যাদেশ স্বাক্ষৰ কৰে।” প্ৰতিবেদনত কোৱা হৈছিল যে ১২ বছৰৰ তলৰ ছোৱালীৰ ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল। ই লগতে কয় যে মহিলাৰ ধৰ্ষণৰ ক্ষেত্ৰত নিম্নতম শাস্তি সাত বছৰৰ সশ্ৰম কাৰাদণ্ডৰ পৰা ১০ বছৰলৈ বৃদ্ধি কৰা হৈছে ।

আমি ২১ এপ্ৰিল, ২০১৮ তাৰিখে প্ৰকাশিত বিবিচিৰ ৱেবছাইটত একেখন অধ্যাদেশৰ ওপৰত এটা বাতৰি প্ৰতিবেদনও পাইছিলো, য’ত কোৱা হৈছিল যে সেই মাহৰ আৰম্ভণিতে দেশখনক হতবাক কৰা দুটা শেহতীয়া ধৰ্ষণৰ ভয়ংকৰ ঘটনাৰ বাবে এই অধ্যাদেশটো অনা হৈছিল। “জানুৱাৰী মাহত ভাৰত শাসিত কাশ্মীৰৰ কাঠুৱাত হিন্দু পুৰুষে এগৰাকী আঠ বছৰীয়া মুছলমান ছোৱালীক ধৰ্ষণ কৰাৰ ভয়ংকৰ বিৱৰণ প্ৰকাশ কৰাৰ পিছত এই মাহৰ আৰম্ভণিতে প্ৰতিবাদৰ সূত্ৰপাত হৈছিল। যোৱা সপ্তাহত উত্তৰ উত্তৰ প্ৰদেশ ৰাজ্যত এগৰাকী ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এজন সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতো খং বাঢ়ি আহিছে,” প্ৰতিবেদনত কোৱা হৈছে। BBC Link
ফলাফল
ৰাষ্ট্ৰপতি কোবিন্দে সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰা দাবীটো আংশিকভাৱে মিছা। ৰাষ্ট্ৰপতিয়ে প্ৰকৃততে এপ্ৰিল ২০১৮ত ১২ বছৰৰ তলৰ শিশুৰ ধৰ্ষণৰ বাবে মৃত্যুদণ্ডৰ ওপৰত এখন অধ্যাদেশত স্বাক্ষৰ কৰিছিল। ইয়াত কোৱা নাই যে সকলো ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়া হ’ব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাষ্ট্ৰপতি কোবিন্দে দেশৰ সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰা নাই
Fact Check By: Manjori BorkotokyResult: Partly False
