অৱশেষত অসমত আৱিষ্কাৰ হ’ল নেকি ক’ৰনা ভাইৰাছৰ ভেকচিন?

Coronavirus False Headline Medical
etv.png

ফেচবুক লিংকসংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৭২ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬১.৫ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ১ লাখ ৯১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৫৫৮৭ জনৰ মৃত্যু হৈছে । অসমতো ১২০০জনতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে । 

এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন বাতৰি ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমেও কিছু ভুৱা বা ভুল বাতৰি পৰিবেশন কৰি আহিছে । 

এনে এক বাতৰি, ‘ই টিভি ভাৰত অসম’ নামৰ এক নিউজ পৰ্টেলৰ ৱেবচাইটত প্ৰকাশ হৈছে আৰু তেওঁলোকৰ ফেচবুক পে’জৰ পৰা ৩০ মে’, ২০২০ তাৰিখে শ্বেয়াৰ কৰা হৈছে । বাতৰিটোৰ শিৰোনামা, ‘অৱশেষত অসমত আৱিষ্কাৰ হ’ল কৰ’ণা ভাইৰাছৰ ভেকচিন !’ বুলি দিয়া হৈছে আৰু ফেচবুক পোষ্টটো এতিয়ালৈকে ১৮০ বাৰ শ্বেয়াৰ কৰা হৈছে । 

বাতৰিটোৰ শেষৰ অংশত, ‘যি সময়ত বিশ্বৰ বহু আগশাৰীৰ বিজ্ঞানী ব্যৰ্থ হৈছে কৰ’ণা নিৰাময়ৰ ঔষধ আৱিষ্কাৰত তেনে সময়ত সপোনত দেখি ঔষধ আৱিষ্কাৰ কৰাটো কেনেকৈ সম্ভৱ সেয়াও এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন।’ বুলি লিখা হৈছে যদিয়ো বাতৰিটোৰ শিৰোনামা আৰু প্ৰথম অংশত, ‘আৱিষ্কাৰ হ’ল কৰ’ণা মহামাৰীৰ প্ৰতিষেধক ৷ এই প্ৰতিষেধক আমেৰিকা,লণ্ডনত নহয় আৱিষ্কাৰ হোৱা নাই,আৱিষ্কাৰ হৈছে এইখন অসমৰে নগাঁও জিলাত ৷ শুনি আচৰিত পালেও এইয়াই সত্য’ বুলি দাবী কৰা হৈছে । 

etv1.png

ই টিভি ভাৰত অসম লিংকসংৰক্ষিত লিংক

প্ৰণালী

আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ অফিচিয়েল ৱেবচাইটত বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশৰ প্ৰতিস্থানবোৰ ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিনৰ উদ্ভাৱনৰ দৌৰত কোন কিমান বা কেনেকুৱা ষ্টেজত আছে সেই বিষয়ে আমি বিশ্ব স্বাস্থ্য সংস্থাৰ এই ৰিপৰ্টটো পঢ়ি জানিব পাৰিলোঁ । আমি দেখিলোঁ যে এই ৰোগৰ ভেকচিন এতিয়াও অফিচিয়েল ভাবে উদ্ভাৱন হোৱা নাই যদিয়ো বিভিন্ন ভেকচিন ট্ৰায়েলৰ বিভিন্ন ষ্টেজত বৰ্তমান আছে । ৰিপৰ্টটো চাওক ইয়াত । 

etv2.png

আমি আৰু দেখিলোঁ যে উক্ত ভাইৰেল বাতৰিটোৰ এটা অংশত স্পষ্টকৈ লিখা আছে যে মহিলাগৰাকীয়ে আৱিষ্কাৰ কৰা বুলি দাবী কৰা ঔষধবিধ পৰীক্ষাৰ বাবে চিকিৎসকৰ দলটোৱে প্ৰেৰণ কৰিছে । এতিয়ালৈকে চিকিৎসক বা চৰকাৰৰ ফালৰ পৰা যে এই বিষয়ে কোনো ঘোষণা কৰা নাই, সেইয়া স্পষ্ট হৈ পৰিছে । 

etv4.png

ই টিভি ভাৰত অসম লিংকসংৰক্ষিত লিংক

আমি এই ক’ৰনা ভাইৰাছ দাবী কৰা ভেকচিনৰ বিষয়ে অসম চৰকাৰ বা ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ অফিচিয়েল টুইটাৰ বা ফেচবুক প্ৰফাইলৰ পৰা কোনো ঘোষণা দেখা নাপালোঁ । 

ফলাফল

উক্ত বাতৰিটোৰ শিৰোনামা আৰু প্ৰথমৰ কিছু অংশ ভ্ৰান্তিজনক হৈছে যিহেতু এতিয়ালৈকে ক’ৰনা ভাইৰাছ ৰোগৰ ব্যৱহাৰ যোগ্য ভেকচিন আবিষ্কাৰ হৈছে বুলি কোনো ঘোষণা  সমগ্ৰ বিশ্বতেই কৰা হোৱা নাই । যি সময়ত ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে লাখ লাখ মানুহ মৃত্যু মুখত পৰিছে, সেই সময়ত এনে ধৰণৰ বাতৰিয়ে সাধাৰণ মানুহক বিপদত পেলাব পাৰে । 

Avatar

Title:অৱশেষত অসমত আৱিষ্কাৰ হ’ল নেকি ক’ৰনা ভাইৰাছৰ ভেকচিন?

Fact Check By: Manjori Borkotoky 

Result: False Headline

Leave a Reply

Your email address will not be published. Required fields are marked *