
এগৰাকী বৃদ্ধলোকক অক্সিজেন দি থকা আৰু হস্পিতালৰ বিচনাত ভৰিত শিকলিৰে বান্ধি থোৱা এখন ফটো ছোচিয়েল মিডিয়াত ভাইৰেল কৰি দাবী কৰা হৈছে যে সেয়া প্ৰয়াত ফাডাৰ ষ্টেন স্বামী।
এলগাৰ পৰিষদ কাণ্ডৰ অন্যতম অভিযুক্ত ৰাজহুৱা কৰ্মী ফাডাৰ ষ্টেন স্বামীৰ হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইৰ হ’লি ফেমিলী হাস্পতালত যোৱা ৫ জুলাইত দেহাৱসান ঘটে বুলি তেওঁৰ কাউনচেলে বোম্বে হাই ক’ৰ্টক অৱগত কৰে।
এগৰাকী বৃদ্ধলোকক অক্সিজেন দি থকা আৰু হস্পিতালৰ বিচনাত ভৰিত শিকলিৰে বান্ধি থোৱা এখন ফটো ছোচিয়েল মিডিয়াত ভাইৰেল কৰি দাবী কৰা হৈছে যে সেয়া প্ৰয়াত ফাডাৰ ষ্টেন স্বামী।
Original link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিৱ পাৰিলো যে ভাইৰেল ফটিখন দেখা লোকজন ফাডাৰ স্বামী নহয়। সেইজন উত্তৰ প্ৰদেশৰ চৰকাৰী হস্পিতেলত ভৰ্তি হৈ থকা এজন হত্যাত অভিযুক্ত লোকহে।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলো আৰু পালো যে ২০২১ৰ মে’ত বিভিন্ন সংবাদ প্ৰতিস্থানে একেখন ফটোকে প্ৰচাৰ কৰিছিল।
এনডিটিভিৰ এটা বাতৰি মতে এই লোকজন ৯২বছৰ বয়সীয়া বাবুৰাম বলৱান সিং। তেওঁ এটা হত্যাৰ গোচৰত অভিযুক্ত হৈ উত্তৰ প্ৰদেশৰ এটাহৰ জিলা কাৰাগাৰত যাৱজ্জীৱন কাৰাবাস খাটি আছে।

২০২১ৰ মে’ত স্বাস-প্ৰস্বাসত কষ্ট অনুভৱ কৰাত তেওঁক এটাহ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
The Hinduৰ এটা বাতৰিৰ শিৰোনাম: মানৱাধিকাৰ সংস্থাই এজন বৃদ্ধ কয়েদীক হাস্পতালৰ বিচনাত শিকলিৰে বান্ধি থোৱাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে।
বাতৰিয়ে ইয়াকো উল্লেখ কৰা হৈছে যে ফটোখন ভাইৰেল হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ কাৰাগাৰৰ এডিছনেল ডিৰেক্টৰ জেনেৰেল আনন্দ কুমাৰে ৱাৰ্ডাৰ অশোক যাদৱক নিলম্বন কৰিছে আৰু তত্বাৱধায়ক বিষয়াৰ পৰা স্পষ্টীকৰণো বিচাৰিছে।

খবৰ অনুসৰি,ব্যক্তিগৰাকীৰ মানসিক সমস্যা আছিল আৰু তেওঁ বিচনাৰ পৰা কেইবাবাৰো পলাই যাবলৈ যতন কৰিছিল আৰু সেইবাবেই তেওঁক তেনেকৈ শিকলিৰে বান্ধি থোৱা হৈছিল,যাতে পুনৰ তেনেকুৱা তেওঁ কৰিব নোৱাৰে। Read Full report: Punjab Kesari
আনহাতে ফাডাৰ স্বামীক এলগাৰ পৰিষদ কাণ্ডৰ সৈতে জৰিত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক নৱী মুম্বাইৰ তাজ’লা জেলত ৰখা হৈছিল।
জুলাইৰ ৪ত কোভিড১৯ত আক্ৰান্ত হৈ হাঁওফাঁওৰ সমস্যা আৰু নিউম’নিয়াত ভুগাৰ বাবে তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছিল। বোম্বে হাই ক’ৰ্টত তেওঁৰ জামিনৰ শুনানীৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে।
ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হৈ পৰে যে প্ৰসাৰিত ৰূপত ভাইৰেল হৈ পৰা ফটোখনত সেয়া ফাডাৰ স্বামী নহয়,এজন উত্তৰ প্ৰদেশৰ কয়েদীহে।
ফলাফল
এয়া ২০২১ৰ মে’ত উত্তৰ প্ৰদেশৰ চৰকাৰী চিকিৎসালয়ত হত্যাত অভিযুক্ত বাবুৰাম বলৱান সিঙহে, দাবী কৰা ধৰণে এয়া ফাডাৰ স্বামী নহয়।

Title:হত্যাত অভিযুক্তক হস্পিতালৰ বিচনাত শিকলিৰে বান্ধি থোৱা ফটোকে ষ্টেন স্বামী বুলি শ্বেয়াৰ কৰা হৈছে
Fact Check By: Manjori BorkotokyResult: False
