ক্ৰমান্বয়ে চন্দ্ৰৰ ইঞ্চি ওচৰ চাপি অহাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঐতিহাসিক অভিযান চন্দ্ৰযান-৩ সন্দৰ্ভত নতুন আপডেট শ্বেয়াৰ কৰিছিল। চন্দ্ৰযান-৩য়ে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চললৈ প্ৰথমবাৰৰ বাবে কোমল অৱতৰণৰ প্ৰচেষ্টা চলাব। উৎক্ষেপণৰ পিছত মহাকাশৰ পৰা পৃথিৱীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে চন্দ্ৰযান ৩য়ে বন্দী কৰা বুলি দাবী কৰি।কেপচনত লিখা আছে “Amezing view #Chandrayaan3 #ISRO #isroindia #MOONLANDING #VikramLander @isro”।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টো ভালদৰে পৰীক্ষা কৰিলোঁ, আৰু তাৰ পিছত লক্ষ্য কৰিলোঁ যে শেষত ইয়াৰ ফাইনেল ফ্ৰেমত নাছাৰ পৃথিৱী বিজ্ঞান আৰু ৰিম’ট চেন্সিং ইউনিটৰ কৃতিত্ব দিয়া হৈছে। ইয়াৰ উপৰিও ক্ৰেডিটত ছম ই টি নামটোও দেখা গৈছিল।

অৰ্থাৎ ভিডিঅ’টো সম্ভৱতঃ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ৰ পৰা ৰেকৰ্ড কৰা হৈছে – ভিডিঅ’টোৰ শেষৰ আলফানিউমেৰিক ক’ডটোৱে ISSৰ সৈতে সংযোগ থকাৰ কথা সূচায়। এই ক্ৰমটো বিচাৰি আমি “Som ET” য়ে একাধিক ছ’চিয়েল মিডিয়া চেনেলত আপলোড কৰা একেটা ভিডিঅ’ পাইছিলোঁ

অধিক অনুসন্ধানত আমি ইউৰোপীয় মহাকাশ সংস্থাৰ ৱেবছাইটত পোষ্ট কৰা একেধৰণৰ ভিডিঅ’ পালোঁ। ভিডিঅ'টোৰ শিৰোনাম হৈছে Moonlight Timelapse ,ৱেবছাইটত ইয়াৰ তাৰিখ ১৩ অক্টোবৰ ২০২২। বিৱৰণত লিখা আছে: ই এছ এৰ মহাকাশচাৰী সামান্থা ক্রিষ্টোফ’ৰেট্টীৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ “মিনাৰ্ভা”লৈ দ্বিতীয়টো অভিযানৰ সময়ত নিৰ্মিত টাইমলেপছ ভিডিঅ’। এই ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে: ““One last time, fly along with me! Farewell and, as always, thanks for all the fish!”

এইদৰে এইটো স্পষ্ট যে এই ভিডিঅ’টো আই এছ এছৰ পৰা বন্দী কৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে ২০২২ চনৰ অক্টোবৰ মাহত অনলাইনত শ্বেয়াৰ কৰা হৈছিল।

ইফালে আমি ইছৰোৰ পৰা শেহতীয়া আপডেটসমূহৰ বাবে পৰীক্ষা কৰিলোঁ আৰু এই ভিজুৱেলসমূহ কেপচনৰ সৈতে পাইছিলোঁ “লেণ্ডাৰ ইমেজাৰ (এল আই) কেমেৰা-১ৰ পৰা ১৭ আগষ্ট, ২০২৩ তাৰিখে লেণ্ডাৰ মডিউলটো প্ৰপালচন মডিউলৰ পৰা পৃথক হোৱাৰ ঠিক পিছতেই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। চন্দ্ৰযান-৩ উৎক্ষেপণৰ কেইমাহমান পূৰ্বে ২০২২ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বন্দী হৈছিল এই ভাইৰেল ভিডিঅ’টো। চন্দ্ৰযান-৩ৰ দ্বাৰা ধৰা পৰা পৃথিৱীৰ প্ৰতিচ্ছবি দৃশ্যগতভাৱে পৃথক।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো চন্দ্ৰযান ৩য়ে পঠিওৱা নাই।

Written By: Debanjana Baishya

Result: False