
ইজৰাইল আৰু হামাছৰ সংঘাতৰ পটভূমিত কিছুমান এণ্টি শ্বিপ ক্ৰুজ ক্ষেপণাস্ত্ৰ দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইবুলি যে হিজবুল্লাহে তেওঁলোকৰ এণ্টি শ্বিপ ক্ষেপণাস্ত্ৰৰ ফুটেজ প্ৰকাশ কৰিছিল যেতিয়া আমেৰিকাৰ বাহক গোটসমূহে পূব ভূমধ্যসাগৰত আছিল। হিজবুল্লাহ হৈছে লেবাননৰ ছিয়া ইছলামিক ৰাজনৈতিক দল আৰু উগ্ৰপন্থী সংগঠন।
পোষ্টটোৰ কেপশ্বনত লিখা আছিল এইদৰে – ““Hezbollah published footage of their anti-ship missiles as US carrier groups sit in the Eastern Mediterranean. Gaza #GazaGenocide”.।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি আমাৰ তদন্ত আৰম্ভ কৰিছিলো ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰিৰিভাৰ্ছ ইমেজ চাৰ্চ চলাই। তেতিয়া আমি ইৰাণ প্ৰেছ নিউজ এজেন্সীৰ ৱেবছাইটত একেটা ভিডিঅ’ পালোঁ যিটো ২০১৯ চনত পোষ্ট কৰা হৈছিল। তাত লিখা আছিল যে এই ভিডিঅ’টোত প্ৰথমবাৰৰ বাবে ৮০২টা এণ্টি শ্বিপ ক্ৰুজ মিছাইল ৰিছীল কৰা দেখা গৈছে। এইবোৰ লেবাননৰ হিজবুল্লাহৰ অন্তৰ্গত আছিল।

অধিক অনুসন্ধানত আমি ইজৰাইল ডিফেন্সৰ পৰা ২০১৯ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ, য’ত কোৱা হৈছিল যে হিজবুল্লাই চি-৮০২ তীৰভিত্তিক এণ্টি শ্বিপ ক্ষেপণাস্ত্ৰ থকা এটা ষ্ট’ৰেজ ফেচিলিটিত লোৱা ফুটেজ মুকলি কৰিছে। ইয়াৰ উপৰিও ভাইৰেল ভিডিঅ’ৰ দৃশ্যাংশও তাতো আছিল।

একেটা ভিডিঅ’ ২০১৯ চনৰ ১৬ আগষ্টত টুইটাৰতো শ্বেয়াৰ কৰা হৈছিল, ভাইৰেল ভিডিঅ’টোত থকা মিছাইলটোক চি-৭০৪ বুলি উল্লেখ কৰা হৈছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো ২০১৯ চনৰ। হিজবুল্লাহৰ এণ্টি-শ্বিপ ক্ৰুজ ক্ষেপনাস্ত্ৰৰ পুৰণি ভিডিঅ’ শেহতীয়া ইজৰাইল-হামাছৰ সংঘাতৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:হিজবুল্লাহৰ এণ্টি শ্বিপ ক্ষেপনাস্ত্ৰৰ এই ভিডিঅ’টো পুৰণি।
Written By: Debanjana BaishyaResult: Misleading