FACT CHECK: এটা পুৰণি ভিডিঅ’ মিছা দাবীৰ সৈতে পুনৰ প্ৰচাৰিত হৈছে যে এইটো শেহতীয়াকৈ দিল্লী-ডুবাই স্পাইচজেট বিমানত সংঘটিত এক চুৰি ঘটনাৰ হয়

False Social

শেহতীয়াকৈ অসমত ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু হোৱাটছএপৰ দৰে মেচেজিং প্লেটফৰ্মৰ জৰিয়তে এটা দাবী ভাইৰেল হৈ পৰিছে যে শেহতীয়াকৈ দিল্লী-ডুবাই স্পাইচজেটৰ বিমানৰ পৰা মূল্যৱান সামগ্ৰী চুৰি হৈছে। সপ্তাহান্তত ভাইৰেল হোৱা দাবীটোৰ সৈতে এটা ভিডিঅ’ আৰু একেটা ভিডিঅ’ৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰা হৈছে। দাবীৰ সৈতে আপলোড কৰা ফেচবুক পোষ্টবোৰ :

Facebook Link | Archived Link

Facebook Link | Archived Link

ইয়াৰ ফলত সঘনাই বিমান সেৱা ব্যৱহাৰ কৰা লোকসকলৰ মাজত এক আতংক বিয়পি পৰিছে যিসকলে এতিয়া তেওঁলোকৰ চেক-ইন লাগেজৰ ভিতৰত থকা মূল্যৱান সামগ্ৰীৰ সুৰক্ষাৰ বিষয়ে চিন্তিত হৈ পৰিছে। 

আমি, ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই, দাবীটোৰ বিষয়ে এটা তথ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিলো আৰু পুংখানুপুংখ অনুসন্ধানৰ পিছত গম পাইছিলো যে নিৰ্দিষ্ট ভাইৰেল ভিডিঅ’ বা ইয়াৰ স্ক্ৰীণশ্বট শেহতীয়া নহয়। ভিডিঅ’টো মাৰ্চ, ২০২১ৰ পৰা ইউটিউবত (ইণ্টাৰনেটত) উপলব্ধ হোৱা দেখা গৈছে আৰু মাৰ্চ, ২০২১ত ডুবাই-দিল্লী স্পাইচজেট বিমানত এক চুৰিৰ ঘটনাৰ অভিযোগৰ বিষয়ে প্ৰায় একে সময়ৰ পৰা একাধিক বাতৰি প্ৰতিবেদন পোৱা গৈছে। 

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে, আমি স্পাইচজেট বিমানত চুৰিহোৱাৰ ঘটনাৰ বিষয়ে গুগলত এক কীৱৰ্ড অনুসন্ধান কৰিছিলো। ফলত আমি ১৪ মাৰ্চ, ২০২১ তাৰিখে আপলোড কৰা এটা ইউটিউব ভিডিঅ’ৰ সন্মুখীন হৈছিলোঁ, যাৰ শিৰোনাম আছিল, ‘ডুবাইৰ পৰা দিল্লীলৈ স্পাইচজেট বিমানত লাগেজ খোলা আৰু বস্তু বোৰ নাই | বিমানবন্দৰ | ফ্লাইটত চুৰি’। ভিডিঅ’টো সঠিকভাৱে পৰীক্ষা কৰাৰ পিছত, এইটো স্পষ্ট হৈ পৰিছিল যে এইটো একেটা ভিডিঅ’ যিটো এতিয়া ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে এইটো শেহতীয়াকৈ স্পাইচজেট বিমানত সংঘটিত চুৰিৰ ঘটনাৰ হয় ।

ইয়াৰ পিছত, আমি ‘মানিকণ্ট্ৰোল’ ৱেবছাইটত প্ৰকাশিত এটা বাতৰি প্ৰতিবেদন পাইছিলো য’ত মাৰ্চ, ২০২১ত সংঘটিত স্পাইচজেট বিমানত চুৰিৰ অভিযোগৰ এক ঘটনাৰ বিষয়ে লিখা হৈছে যিয়ে ইউটিউব ভিডিঅ’ৰ সত্যতা নিশ্চিত কৰে। 

Screenshot, Moneycontrol news article

Moneycontrol link

আমি স্পাইচজেটৰ অফিচিয়েল টুইটাৰ হেণ্ডেলও পৰীক্ষা কৰিছিলো। তেওঁলোকে তাত স্পষ্ট কৰিছে যে নিৰ্দিষ্ট ভাইৰেল ভিডিঅ’টো প্ৰকৃততে মাৰ্চ, ২০২১ৰ হয় আৰু শেহতীয়াকৈ ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা অনুসৰি তেনে কোনো ঘটনা সংঘটিত হোৱা নাই। তেওঁলোকে লগতে কৈছে যে আনকি মাৰ্চ, ২০২১ৰ ঘটনাৰ ক্ষেত্ৰতো, তেনে কোনো ঘটনা সংঘটিত হোৱা নাছিল আৰু অনুসন্ধানৰ পিছত এইটো এটা মিছা দাবী বুলি জানিব পৰা গৈছিল ।

ফলাফল

এইয়া স্পষ্ট হ’ল যে নিৰ্দিষ্ট ভাইৰেল ভিডিঅ’ বা একেটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট শেহতীয়া নহয় আৰু প্ৰকৃততে মাৰ্চ ২০২১ৰ এক ঘটনাৰ হয় । এটা পুৰণি ভিডিঅ’ এটা শেহতীয়া ঘটনাৰ হয় বুলি দাবী কৰি পুনৰ প্ৰচাৰ কৰা হৈছে আৰু জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে ।

Avatar

Title:এটা পুৰণি ভিডিঅ’ মিছা দাবীৰ সৈতে পুনৰ প্ৰচাৰিত হৈছে যে এইটো শেহতীয়াকৈ দিল্লী-ডুবাই স্পাইচজেট বিমানত সংঘটিত এক চুৰি ঘটনাৰ হয়

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *